28 C
Guwahati
Wednesday, May 22, 2024

Vastu Tips For Lakshmi: জানি থওক! এইকেইটা বস্তু আপোনাৰ ঘৰত থাকিলে হ’ব ধন লাভ; থাকিব লক্ষ্মী মাৰ কৃপা, পিছে জানি লওক কি কি বস্তু?

Vastu Tips For Lakshmi: উপাৰ্জিত ধন হেৰুৱাৰ পৰা হাত সাৰিবলৈ বহু উপায় অৱলম্বন কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে ঘৰত কিছুমান বস্তু ৰাখিলে লক্ষ্মী মাক সন্তুষ্ট কৰিব পাৰি।

Must Read

Vastu Tips For Lakshmi: এজন লোকে নিজৰ সপোন বাস্তৱ কৰিবলৈ যথেষ্ট চেষ্টা কৰে। এই প্ৰচেষ্টাৰ এটা মূল লক্ষ্য হৈছে ধন সঞ্চয় কৰা। বাস্তু শাস্ত্ৰৰ (Vastu Shastra) মতে ঘৰত থকা বাস্তুৰ দোষৰ ফলতো ধন-সম্পত্তিৰ ক্ষতিসাধন হয়।

গতিকে উপাৰ্জন কৰা ধন যদি হেৰুৱাব নিবিচাৰে তেন্তে এইকেইটা উপায় পালন কৰক। বাস্তু শাস্ত্ৰৰ মতে ঘৰত কিছুমান বস্তু ৰাখিলে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব পাৰি।

আহক জানি লওক কি কি বস্তু (Vastu Tips For Lakshmi)-

গণেশৰ মূৰ্তি (Ganesh Statues):

Vastu Tips For Lakshmi

বাস্তু শাস্ত্ৰৰ মতে মূল দুৱাৰৰ দুয়োকাষে গণেশৰ মূৰ্তি বা প্ৰতিমূৰ্তিও স্থাপন কৰিব লাগে। এনে কৰিলে ঘৰত থকা বাস্তু দোষ আঁতৰি যাব আৰু সুখ প্ৰৱেশ কৰিব।

তুলসী গছ (Holy Basil):

Vastu Tips For Lakshmi

বাস্তু শাস্ত্ৰত তুলসীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। তুলসী গছ সদায় উত্তৰ-পূব দিশত ৰুব। লগতে সদায় পানী ঢালিব। এনে কৰিলে আপোনাৰ ৰাহুৰ সমস্যা দূৰ হ’ব।

বাস্তু শাস্ত্ৰৰ মতে তুলসী ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক। গতিকে ঘৰৰ উত্তৰ-পূব কোণত তুলসী গছ ৰুব লাগে। ইয়াক শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰত ধনাত্মক শক্তি বৃদ্ধি পায়। ইয়াৰ ফলত ঘৰলৈ টকা আহে।

শৌচাগাৰ, জোতাৰ ৰেক বা গধুৰ আচবাব (Toilet, Shoe Racks):

Vastu Tips For Lakshmi

শৌচাগাৰ, জোতাৰ ৰেক বা গধুৰ আচবাবৰ দৰে কোনো বস্তু উত্তৰ-পূব দিশত ৰাখিব নালাগে। ই ঋণাত্মক শক্তি বঢ়ায়। লগতে সমৃদ্ধিৰ বাবে উত্তৰ দেৱালত কুবেৰযন্ত্ৰ স্থাপন কৰিব লাগে।

টকা-পইচা ৰখা স্থান (Money Locker):

Vastu Tips For Lakshmi

বাস্তুৰ মতে সকলো মূল্যৱান সামগ্ৰী, টকাৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ ঘৰৰ দক্ষিণ-পশ্চিম কোণত ৰাখিব লাগে। ঘৰত বা কাৰ্যালয়ত এনেদৰে লকাৰ ৰাখক যাতে ইয়াৰ দুৱাৰ উত্তৰ বা উত্তৰ-পূব দিশত খোল খায়। এনে কৰিলে আপোনাৰ ধনৰ নাটনিৰ সমস্যা নহ’ব।

চাকি বা বন্তি (Diya):

Vastu Tips For Lakshmi

বাস্তুৰ মতে প্ৰতিদিনে পুৱা আৰু গধূলি ঘৰৰ পূজা কক্ষত এগচি বন্তি জ্বলোৱা উচিত। এনে কৰিলে ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব পাৰি।

লক্ষ্মী দেৱীৰ মূতি বা ফটো (Lakshmi Statues):

Vastu Tips For Lakshmi

দেৱতাৰ কোঠাত লক্ষ্মী দেৱীৰ মূৰ্তি বা ফটো ৰাখিবলৈ মনত ৰাখিব। ই আৰ্থিক অৱস্থা শক্তিশালী কৰে। আপোনাৰ ঘৰ ধন-সম্পত্তিৰে ভৰি পৰিব (Vastu Tips For Lakshmi)

Photo: Google

লগতে পঢকঃ kharghuli Pipe Burst: খাৰঘূলিত ভয়ংকৰ ঘটনা; Gemon Jicaৰ মেইন লাইনৰ পাইপ ফুটি ৰূপ ল’লে প্ৰাণঘাতকৰ, এগৰাকী মহিলাৰ মৃত্যু, ক্ষতিগ্ৰস্ত ৪০টাকৈ ঘৰ, Watch পানীৰ বিস্ফোৰক সদৃশ ৰূপ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -