25 C
Guwahati
Thursday, May 9, 2024

Khanapara Video: নামত National Highway; পিছে দেখাত এটা বৃহৎ “পুখুৰী”, ৰ’দে হওক বা বৰষুণেই হওক তাত সদায় পাব পানী, এই দৃশ্য “অফিচলৈ” বুলি ওলাই অহা দুজন দুৰ্ভগীয়া স্কুটী আৰোহীৰ

Khanapara Video Guwahati: এটা National Highway। পিছে এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা দেখি আপোনাৰ মনত এবাৰ হ'লেও এটা প্ৰশ্ন উত্থাপন হ'ব যে চৰকাৰে উন্নতিৰ নামত কৰি আছে কি?

Must Read

Khanapara Video Guwahati: এটা National Highway। পিছে এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা দেখি আপোনাৰ মনত এবাৰ হ’লেও এটা প্ৰশ্ন উত্থাপন হ’ব যে চৰকাৰে উন্নতিৰ নামত কৰি আছে কি?

এটা ভিডিঅ’, যিটো ভিডিঅ’এই ৰাষ্ট্ৰীয় ঘাইপথটোৰে। যিটো আচলতে ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক’ব নোৱাৰি। এটা বৃহৎ “পুখুৰী” বুলি ক’লেও ভুল নহ’ব।

গুৱাহাটী মহানগৰৰ দুৱাৰমুখত থকা ৰাষ্ট্ৰীয় ঘাইপথৰে এই অৱস্থা। ৰ’দে হওক বা বৰষুণেই হওক সদায় তাত পাব পানী। ৮০ স্পীডত অহা গাড়ী-বাইকেও চাইকেলৰ স্পীডেৰ পাৰ হৈ যাব লাগে এই ঘাইপথটোৰে (Khanapara Video Guwahati)

আপুনি যিকোনো সময়তে যাওক সেই ঠাইলৈ। তাত এটা বৃহৎ “পুখুৰী” দেখিবয়ে। এই দৃশ্য খানাপাৰাৰ। ২৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া (Khanapara National Highway Video)

যিটো পথেৰে উজনিৰ ফালৰ পৰা অহা সকলো যান-বাহনে গুৱাহাটীত প্ৰৱেশ কৰিব লাগে। কিন্তু সেই প্ৰৱেশ পথৰে এই অৱস্থা। বৰষুণ দিয়ে, তাৰ পিছত আকৌ ৰ’দ দিয়ে কিন্তু বিগত প্ৰায় তিনি মাহ ধৰি সেই ৰাষ্ট্ৰীয় ঘাইপথটোত কমা নাই পানী (Khanapara Video Guwahati)

যাৰ ফলত এটা বৃহৎ পুখুৰীৰ ৰূপ লৈ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশটোৱে। এয়া আজিৰ দৃশ্য। আপুনি ভিডিঅ’টোত দেখিব যে এখন এখনকৈ বহু গাড়ী পাৰ হৈ গৈছে। কিন্তু ২জন দুৰ্ভগীয়া স্কুটী আৰোহীয়ে সেই মৰণফান্দস্বৰূপ ঘাইপথটোত আৱদ্ধ হৈ পৰে।

অৱশেষত ঠেলি-ঠেলি কিবাকৈ পাৰ হ’ল। কিন্তু এয়া কেৱল এজন বা দুজন মানুহৰ কথা নহয়। এই ঘাইপথটোৰে দৈনিক বহু যান-বাহন পাৰ হয় (Khanapara Video Guwahati)

পিছে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ (National Highways Authority of India) চকুত নপৰে নেকি এইসমূহ ঘাইপথ? এয়া এটা মাত্ৰ উদাহৰণহে।

ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ কেই কিল’মিটাৰ মান নিলগত এই ৰাষ্ট্ৰীয় ঘাইপথটো। যিটো গুৱাহাটী মহানগৰীৰ দুৱাৰমুখ আৰু সেই ঘাইপথৰে এই অৱস্থা।

এই দৃশ্য দেখি অনুমান কৰিব পাৰি যে অসমৰ আন আন ঠাইৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কি অৱস্থা হ’ব (Khanapara Video Guwahati)?

Photo & Video: Batori24

লগতে পঢ়কঃ Bedroom Vastu Tips: শোৱাৰ সময়ত ভুলতেও এইবোৰ বস্তু বিচনাৰ ওচৰত নাৰাখিব; নহ’লে মা লক্ষ্মী হৈ পৰিব অসন্তুষ্ট! পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -