31 C
Guwahati
Tuesday, May 14, 2024

Bedroom Vastu Tips: শোৱাৰ সময়ত ভুলতেও এইবোৰ বস্তু বিচনাৰ ওচৰত নাৰাখিব; নহ’লে মা লক্ষ্মী হৈ পৰিব অসন্তুষ্ট! পিছে জানো আহক কি কি?

Bedroom Vastu Tips: মানুহৰ এনে বহু অভ্যাস থাকে, যাৰ প্ৰতি তেওঁলোকে মনোযোগ নিদিয়ে। অৱশ্যে, বাস্তু শাস্ত্ৰৰ মতে এই অভ্যাসবোৰ ভাল বুলি গণ্য কৰা নহয়। এই অভ্যাসবোৰ সময়ত সলনি কৰিব লাগে। অন্যথা, মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে।

Must Read

Bedroom Vastu Tips Lifestyle: আমাৰ চাৰিওফালে থকা বস্তুবোৰৰ নিজা শক্তি থাকে। এই বস্তু তথা শক্তিয়ে এজন লোকৰ জীৱনত অতি গভীৰ প্ৰভাৱ পেলায়। বাস্তু শাস্ত্ৰত (Vastu Shastra) এই সন্দৰ্ভত ভালদৰে উল্লেখ কৰা আছে।

এই শাস্ত্ৰৰ নিৰ্দেশনা অনুসৰি যদি এই ক্ষেত্ৰত যত্ন লোৱা নহয়, তেন্তে ই পৰিয়ালৰ সদস্যসকলৰ জীৱনলৈ বহু সমস্যা লৈ আহে।

ইয়াৰ উপৰিও, শোৱাৰ সময়ত কৰা ভুলবোৰেও আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাস্তুৰ মতে ৰাতি শোৱাৰ আগতে বিচনাৰ ওচৰত ৰখা এই বস্তুবোৰে আপোনাৰ ভাগ্য নষ্ট কৰিব পাৰে।

পিছে জানো আহক কি কি বস্তু (Bedroom Vastu Tips)-

১. পানীৰ বটল (Water Bottle)

Bedroom Vastu Tips

বহুত মানুহে ৰাতি শুৱাৰ সময়ত পানীৰ বটল বিচনাৰ ওচৰত ৰাখে। কিন্তু বাস্তু শাস্ত্ৰ মতে এনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।

মূৰৰ আশে-পাশে বা তলত পানীৰ বটল ৰাখিলে চন্দ্ৰ দেৱে কষ্ট পায়। ই ঋণাত্মক শক্তি উৎপন্ন কৰে আৰু বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। গতিকে গাৰুৰ ওচৰত পানীৰ বটল লৈ কেতিয়াও ৰাখিব নালাগে।

লগতে পঢ়কঃ Shani Dev Angry Reasons: কাইলৈ শনিবাৰ; শনিবাৰৰ দিনটোত এই ১৬টা ভুল কেতিয়াও নকৰিব, নহ’লে শনি দেৱতাই কৰিব খং, পিছ নেৰা হ’ব দুখে! আহক জানো কি কি?

২. কিতাপ বা বাতৰি কাকত (Books And Newspaper)

Bedroom Vastu Tips

বহু লোকৰ অভ্য়াস আছে যে ৰাতি শুবলৈ যোৱাৰ আগতে বিছনাত গৈ কিতাপ বা বাতৰি কাকত পঢ়ে। যেতিয়া টোপনি লাগে তেতিয়া গাৰুৰ তলত থৈ শুই যায়।

বাস্তু শাস্ত্ৰৰ মতে, এই কিতাপ-বাতৰি কাকত আদিক গাৰুৰ ওচৰত ৰাখিলে মা সৰস্বতীক অপমান কৰা হয়। এনে কৰাৰ ফলত কেৰিয়াৰত বাধা আহে।

৩. জুঠা বাচন (Dirty Dishes)

বহুলোকৰ শোৱাৰ সময়ত চাহ, কফি বা গাখীৰ খোৱাৰ অভ্যাস আছে। ৰাতি টোপনি যোৱাৰ আগতে এইসমূহ খাই কাপ বা গিলাচটো বিচনাখনৰ ওচৰতে ৰাখি থয়।

কিন্তু জুঠা বাচন-বৰ্তন বিচনাৰ ওচৰত থ’লে ঘৰখনলৈ দৰিদ্ৰতা আহে আৰু ৰাতি বেয়া সপোন আহে। গতিকে আজিয়েই এৰক এই অভ্যাস (Bedroom Vastu Tips)

৪. সোণ-ৰূপ (Gold And Silver)

Bedroom Vastu Tips
Bedroom Vastu Tips

ৰাতি শুৱাৰ সময়ত কেতিয়াও সোণ বা ৰূপৰ অলংকাৰ খুলি গাৰুৰ তলত থ’ব নালাগে। ই আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে প্ৰগতিকো প্ৰভাৱিত কৰে।

৫. লেতেৰা কাপোৰ (Dirty Cloths)

Bedroom Vastu Tips

বহুলোকে দিনত পিন্ধা লেতেৰা কাপোৰ ৰাতি খুলি বিচনাত থৈ দিয়ে। কিন্তু বাস্তু বিশ্বাস অনুসৰি, এনে কৰাটো অতি অশুভ। এনে কৰাৰ ফলত ঘৰখনলৈ নেতিবাচকতা আহে আৰু ৰাতি বেয়া সপোন দেখাৰ সম্ভাৱনা থাকে।

৬. ইলেক্ট্ৰনিক সামগ্ৰী (Electronic Devices)

Bedroom Vastu Tips

ইলেক্ট্ৰনিক সামগ্ৰীবোৰো বিচনাখনৰ ওচৰত ৰাখিব নালাগে। এই বস্তুবোৰৰ দ্বাৰা নিৰ্গত শক্তিয়ে ঘৰটো নেতিবাচকতাৰে ভৰাই তুলিব পাৰে। এই শক্তিও আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। সেয়েহে, বিচনাৰ ওচৰত ইলেক্ট্ৰনিক সামগ্ৰী ৰখাটো শুভ বুলি গণ্য কৰা নহয় (Bedroom Vastu Tips)

৭. টকা বা পাৰ্ছ (Money And Purse)

Bedroom Vastu Tips
Bedroom Vastu Tips

মানুহৰ এটা সাধাৰণ অভ্য়াস আছে যে বিছনাৰ আশে-পাশে পইচা বা পাৰ্ছ ৰখাৰ। কিন্তু ধনক লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। সেয়েহে ধন সম্বন্ধিত বস্তু গাৰুৰ তলত থৈ শুব নালাগে। এনে কৰিলে লক্ষ্মী মা অসন্তুষ্ট হয়।

৮. জোতা বা চেণ্ডেল (Shoes And Chappal)

Bedroom Vastu Tips

বাস্তু শাস্ত্ৰ অনুসৰি কেতিয়াও জোতা বাা চেণ্ডেল বিছনাৰ আশে-পাশে বা মূৰৰ ফালে থ’ব নালাগেষ কাৰণ জোতা-চেণ্ডেল বাহিৰৰ পৰা অনা যায়।

ই নেতিবাচক প্ৰভাৱ পেলায়। আপোনাৰ টোপনিও ক্ষতি কৰিব পাৰে বা আৰ্থিকভাবেও কষ্ট পাব পাৰে (Bedroom Vastu Tips)

Photo: Google

লগতে পঢ়কঃ Couple Sells Baby For iPhone: আচৰিত লাগিলেও এয়াই সত্য! iPhone14 কিনিবলৈ পিতৃ-মাতৃয়ে বেচিলে ৮ মহীয়া কণমানি সন্তানক; ৰীলছ্ বনোৱাৰ চখ আছিল দুয়োৰে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -