26 C
Guwahati
Monday, May 20, 2024

Couple Sells Baby For iPhone: আচৰিত লাগিলেও এয়াই সত্য! iPhone14 কিনিবলৈ পিতৃ-মাতৃয়ে বেচিলে ৮ মহীয়া কণমানি সন্তানক; ৰীলছ্ বনোৱাৰ চখ আছিল দুয়োৰে

Couple Sells Baby For iPhone: স্বামী-স্ত্ৰীয়ে iPhone 14 কিনিবলৈ নিজৰ ৮ মহীয়া শিশুক কৰিলে বিক্ৰী। যেতিয়া আৰক্ষীয়ে ইয়াৰ বিষয়ে গম পালে, তেতিয়াই দুয়োকে কৰে গ্ৰেপ্তাৰ। তাৰ পিছতহে আচল কাহিনী পোহৰলৈ আহে...

Must Read

Couple Sells Baby For iPhone In West Bengal: iPhoneৰ বাবে বিক্ৰী কৰিলে সন্তান! এই আচৰিত ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগত (West Bengal)।

য’ত এগৰাকী মাতৃয়ে নিজৰে ৮ মহীয়া কণমানি সন্তানক বিক্ৰী কৰিলে এটা আইফোন কিনিবলৈ।

জানিবলৈ দিয়া অনুসৰি, পশ্চিম বংগৰ এইহাল স্বামী-স্ত্ৰীৰ ইনষ্টাগ্ৰামত ৰীলছ বনোৱাৰ যথেষ্ট চখ আছিল, এই চখে পূৰণ কৰিবলৈ তেওঁলোকে iPhone 14 কিনিবলৈ বিচাৰিছিল, কিন্তু ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে এয়া সম্ভৱ নাছিল (West Bengal Couple Sells 8-Month-Old Baby To Buy iPhone 14 To Make Reels)

Couple Sells Baby For iPhone
নিজৰ সন্তানক বিক্ৰী কৰা মহিলা

যাৰ বাবে তেওঁলোকে নিজৰ সন্তানক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে…অৱশ্যে যেতিয়া এই ডীল পূৰণ হ’ল তেতিয়া ইয়াৰ খবৰ আৰক্ষীয়ে পালে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে (Couples Bought The iPhone To Shoot Instagram Reels)

দৰাচলতে এই ঘটনা উত্তৰ ২৪ পৰগণা (North 24 Parganas) জিলাৰ হয়, য’ত আৰক্ষীয়ে এটা অভিযোগ লাভ কৰে। স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, এলেকাটোত বাস কৰা এহাল স্বামী-স্ত্ৰীৰ ব্যৱহাৰ বিগত কিছুদিন ধৰি সলনি হোৱা যেন লাগি আছিল।

লগতে তেওঁলোকৰ ৮ মহীয়া সন্তানটিও দেখা পোৱা যোৱা নাছিল (Couple Sells Baby For iPhone)

লগতে আৰু এটা কথা ওচৰ-চুবুৰীয়াই লক্ষ্য কৰিছিল যে এই দম্পত্তিৰ আৰ্থিক অৱস্থা বেছি ভাল নাছিল, তাৰ পিছতো তেওঁলোকৰ হাতত দামী iPhone 14 দেখা পোৱা গৈছিল, যাৰ দ্বাৰা তেওঁলোকে পশ্চিম বংগৰ পৃথক-পৃথক স্থানলৈ গৈ ৰীলছ বনাই আছিল।

হুলস্থুল পৰিৱেশৰ সৃষ্টি (Couple Sells Baby For iPhone)

এইবোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে, আৰু অভিযানৰ বাবে সেই স্বামী-স্ত্ৰীৰ ঘৰত উপস্থিত হয়। কিন্তু তাত কেৱল সন্তানটিৰ মাতৃ ছাথী ঘোষক হে পোৱা গ’ল, পিতৃ জয়দেৱ ঘটনাস্থলীৰ পৰা পলাতক আছিল (Husband Jaydev Ghosh And Wife Sathi Ghosh)

যেতিয়া আৰক্ষীয়ে সন্তানটিৰ মাতৃক ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে, তেতিয়া তাই আৰক্ষীক বিপথে পৰিচালিত কৰে, কিন্তু পিছত নিজৰ অপৰাধ স্বীকাৰ কৰে (Couple Sells Baby For iPhone)

মহিলাগৰাকীৰ এই স্বীকাৰোক্তিৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। অভিযুক্ত মহিলাগৰাকীয়ে দিয়া তথ্য অনুসৰি আৰক্ষীয়ে সন্তানটিক ক্ৰয় কৰা মহিলাগৰাকী, যাৰ নাম প্ৰিয়ংকা ঘোষ (Priyanka Ghosh), তেওঁকো গ্ৰেপ্তাৰ কৰে।

Couple Sells Baby For iPhone
সন্তানটিক কিনা মহিলাগৰাকী

বৰ্তমান আৰক্ষীয়ে (West Bengal Police) স্বামী জয়দেৱক বিচাৰি অভিযান চলাই আছে।

Photo: Google

লগতে পঢ়কঃ Buldhana 2 Bus Accident: চৰণেহে জানে মৰণৰ ঠাই! অমৰনাথ যাত্ৰা কৰি ঘৰলৈ উভতিছিল; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ২খন বাছৰ প্ৰচণ্ড খুন্দাত ৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -