33 C
Guwahati
Saturday, April 27, 2024

Delhi CM Arvind Kejriwal arrested by ED: দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

অৱশেষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ (Delhi CM Arvind Kejriwal arrested)। সুৰা কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত বৃহস্পতিবাৰে এনফৰ্চমেন্ট ডাইৰেক্টৰেটে মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰি জিম্মাত লয়।

বিগত সময়ত কেইবাবাৰো তেওঁক ই ডিয়ে চমন জাৰি কৰিছিল। কিন্তু ই ডিৰ চমন উপেক্ষা কৰি তেওঁ হাজিৰ হোৱাৰ পৰা বিৰত আছিল। 

শেহতীয়াভাৱে কেজৰিৱালে তেওঁক ই ডিয়ে মাতি নি গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ  নিশ্চয়তা বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু বৃহস্পতিবাৰে আদালতে তেওঁক এই ক্ষেত্ৰত সকাহ নিদিলে। 

আদালতৰ ৰায়ৰ পাছতেই ই ডিৰ এটা ১২ জনীয়া দলে গ্ৰেপ্তাৰী পৰোৱানা লৈ তেওঁৰ বাসগৃহত উপস্থিত হয়। কিছুসময় ঘৰতেই সোধা-পোছা কৰাৰ অন্তত ই ডিয়ে গ্ৰেপ্তাৰ কৰে। আজি তেওঁক দিল্লীৰ ই ডিৰ কাৰ্যালয়তে ৰাখি কাইলৈ আদালতত আজিৰ কৰোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেনক গ্ৰেপ্তাৰ কৰাৰ পাছত দ্বিতীয়জন দায়িত্বত থকা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে কেজৰিৱাল। হেমন্ত ছ’ৰেনে চম্পাই ছ’ৰেনক চৰকাৰৰ দায়িত্ব ল’বলৈ বাট মুকলি কৰাৰ বিপৰীতে বৃহস্পতিবাৰে আপৰ নেতৃত্বই কয় যে কেজৰিৱাল মুখ্যমন্ত্ৰী হৈ থাকিব আৰু ৰাষ্ট্ৰীয় ৰাজধানীখন জে’লৰ পৰাই শাসন কৰিব। 

লগতে পঢ়ক: ISIS India Chief Harish Farukhi Arrested: অসম আৰক্ষীৰ STF ৰ জালত NIA ৰ Most Wanted সন্ত্ৰাসবাদী হেৰিছ ফাৰুকী

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -