33 C
Guwahati
Saturday, April 27, 2024

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ ISIS ত যোগ দিছে আই আই টি গুৱাহাটীৰ এজন ছাত্ৰই। মেইলযোগে ছাত্ৰজনে এই কথা স্বীকাৰ কৰিছে।

শনিবাৰে মেইলযোগে ISIS ত যোগ দিয়া বুলি ঘোষণা কৰা ছাত্ৰজনৰ নাম তৌচিফ আলী ফাৰুকী। গুৱাহাটীৰ পানবজাৰৰ পৰা তেওঁ ISIS ত যোগ দিয়া বুলি জানিব পৰা গৈছে। মেইলটোত উল্লেখ কৰা অনুসৰি তেওঁ আজমত আলী ফাৰুকীৰ পুত্ৰ। তেওঁ আই আই টি গুৱাহাটীৰ বায়’টেকনলজি বিভাগৰ চতুৰ্থ ষান্মাসিকত অধ্যয়ণৰত ছাত্ৰ বুলি মেইলটোত উল্লেখ কৰিছে।

ছাত্ৰজনে দিল্লী আৰক্ষী, অসম আৰক্ষী আৰু আই আই টিকে ধৰি কেইবাটাও স্থানলৈ এই মেইলটো প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। তেওঁ ঈশ্বৰৰ নামত জীৱনটো উত্সৰ্গা কৰা বুলিও মেইলটোত উল্লেখ কৰিছে। 

ই-মেইল কৰাৰ উপৰিও ছাত্ৰজনে একেখিনি কথা তেওঁৰ LinkedIn প্ৰফাইলতো আপলোড কৰা দেখা গৈছে।

উল্লেখযোগ্য যে, মাত্ৰ দুদিনৰ পূৰ্বে ধুবুৰীত ISIS India ৰ মুৰব্বী ফাৰুকী ওৰফে হেৰিছ আজমল ফাৰুকী গ্ৰেপ্তাৰ হৈছিল। তেওঁৰ সৈতে অনুৰাগ সিং ওৰফে ৰেহান নামৰ আন এজন সন্ত্ৰাবাসীও গ্ৰেপ্তাৰ হৈছিল। 

অসম আৰক্ষীৰ STF-এ কৰায়ত্ব কৰা এই সন্ত্ৰাসবাদী দুজনক পাছত NIA ক গতাই দিয়া হৈছিল। সম্প্ৰতি এই দুই সন্ত্ৰাসবাদী নেতা NIAৰ জিম্মাত আছে। 

কিন্তু যিসময়ত অসমত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠনৰ দুজনকৈ সদস্য গ্ৰেপ্তাৰ হৈছে তেনে সময়তে অসমৰ ছাত্ৰৰ এনে সংগঠনত যোগদানৰ বাতৰিয়ে স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি ভাবুকি আনি অসমত সংগোপনে ISIS-এ খোপনি পুতিছে নেকি তেনে প্ৰশ্নৰো এতিয়া অৱতাৰণা হৈছে।

- Advertisement -
- Advertisement -

Latest News

Congress candidate from Lakhimpur is yet to be announced: মনোনয়নৰ দিন চমু চাপিছে; এতিয়াও ঘোষণা হোৱা নাই লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী

Congress candidate from Lakhimpur is yet to be announced: লোকসভা নিৰ্বাচন ২০২৪ৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্ত পৰিবলৈ বাবে...
- Advertisement -

More Articles Like This

- Advertisement -