33 C
Guwahati
Saturday, April 27, 2024

Congress candidate from Lakhimpur is yet to be announced: মনোনয়নৰ দিন চমু চাপিছে; এতিয়াও ঘোষণা হোৱা নাই লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Congress candidate from Lakhimpur is yet to be announced: লোকসভা নিৰ্বাচন ২০২৪ৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্ত পৰিবলৈ বাবে মাজত মাত্ৰ তিনিটা দিন বাকী আছে। কিন্তু এই পৰ্যন্ত কংগ্ৰেছে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই। 

আগন্তুক নিৰ্বাচনৰ বাবে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে যোৱা ১২ মাৰ্চতেই দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল। সেইখন তালিকাতেই অসমৰ ১২ টা সমষ্টিৰ বাবে দলটোৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ পাইছিল। কিন্তু তাত লখিমপুৰ আৰু ডিব্ৰুগড় সমষ্টিৰ বাবে কোনো প্ৰাৰ্থীৰ নাম দলটোৱে প্ৰকাশ কৰা নাছিল। 

ইতিমধ্যে দলটোৱে ডিব্ৰুগড় সমষ্টিটো মিত্ৰদল অসম জাতীয় পৰিষদক এৰি দিছে আৰু তাৰ পৰা লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। কংগ্ৰেছে এতিয়ালৈ মুঠ চাৰিখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে কিন্তু লখিমপুৰ সমষ্টিত এতিয়ালৈ কিয় প্ৰাৰ্থী ঘোষণা কৰা নাই তাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছে।

অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিসমূহৰ মনোনয়ন দাখিলৰ অন্তিম দিন। লখিমপুৰতো প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কিন্তু দলটোৰ নেতৃত্বই সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম আজি ঘোষণা হ’ব কাইলৈ ঘোষণা হ’ব বুলি বাৰে বাৰে কৈ আছে যদিও সেয়া এতিয়ালৈ প্ৰকাশ পোৱা নাই। 

দলটোৰ এটা সূত্ৰৰ মতে লখিমপুৰত প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰত কংগ্ৰেছৰ নেতৃত্ব এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছে। সমষ্টিটোত প্ৰাৰ্থীত্বৰ দৌৰত আছে প্ৰাক্তন সাংসদ ৰাণী নৰহ আৰু বিজেপি এৰি কংগ্ৰেছত যোগ দিয়া উদয় শংকৰ হাজৰিকা। দলটোৰ এটা সমীক্ষা মতে দুয়োগৰাকী প্ৰাৰ্থীয়েই সমানেই যোগ্য। 

সূত্ৰটোৰ মতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে উদয় শংকৰ হাজৰিকাই সমষ্টিটোত প্ৰাৰ্থীত্ব পোৱাটো বিচাৰে। কিন্তু দলৰ হাইকমাণ্ডৰ সৈতে ৰাণী নৰহৰ এক দীঘলীয়া সুসম্পৰ্ক আছে। তাৰ পৰিপ্ৰেক্ষিতত ছোনীয়া গান্ধীয়ে নৰহৰ প্ৰাৰ্থীত্ব বিচাৰে।

কংগ্ৰেছৰ এনে নিমিলা অংকৰ বাবে লখিমপুৰ সমষ্টিত দলটোৰ প্ৰাৰ্থী কোন হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। তাৰ মাজতেই ৰাণী নৰহ বা উদয় শংকৰ হাজৰিকাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা সমষ্টিটোৰ প্ৰাৰ্থী হ’ব পাৰে বুলিও চৰ্চা চলিছে। কাৰণ লখিমপুৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টি।

ইপিনে, লখিমপুৰ সমষ্টিৰ বাবে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰা বিজেপিৰ প্ৰদান বৰুৱাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। কিন্তু ইয়াৰ বিপৰীতে প্ৰাৰ্থী ঘোষণা নোহোৱাত নিৰ্বাচনৰ বতৰতো নিষ্প্ৰভ হৈ ৰৈছে কংগ্ৰেছৰ নেতা-কৰ্মীসকল। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -