30 C
Guwahati
Tuesday, April 30, 2024

ISIS India Chief Harish Farukhi Arrested: অসম আৰক্ষীৰ STF ৰ জালত NIA ৰ Most Wanted সন্ত্ৰাসবাদী হেৰিছ ফাৰুকী

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

ISIS India Chief Harish Farukhi Arrested in Assam: ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা (NIA)ৰ Most Wanted সন্ত্ৰাসবাদী তথা ISIS India ৰ মুৰব্বী হেৰিছ ফাৰুকী ওৰফে হেৰিছ আজমল ফাৰুকীক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে তেওঁৰ সহযোগী অনুৰাগ সিং ওৰফে ৰেহান নামৰ আন এজন সন্ত্ৰাবাসীও গ্ৰেপ্তাৰ হৈছে।

বুধবাৰে নিচেই পুৱা প্ৰায় ৪.১৫ বজাত ধুবুৰীৰ ধৰ্মশালাত অসম আৰক্ষীৰ STF-এ এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত এই দুই আন্তৰ্জাতিক সন্ত্ৰাসবাদী কৰায়ত্ব হয়। জানিব পৰা মতে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰাৰ পাছতেই তেওঁলোক STF ৰ জালত পৰে। 

কালি নিশা তেওঁলোকক গুৱাহাটীৰ STF ৰ কাৰ্যালয়লৈ অনা হয় আৰু তাত কেইবা ঘন্টা ধৰি দুয়োকে জেৰা চলায়। পাছত বৃহস্পতিবাৰে পুৱা দুয়োকে অসম আৰক্ষীৰ STFৰ পৰা NIA-এ জিম্মাত লয়। 

বৰ্তমান সোণাপুৰত থকা NIA-ৰ মাণ্ডলিক কাৰ্যালয়ত দুয়োকে ৰখা হৈছে বুলি জানিব পৰা গৈছে। আজি বিয়লিৰ ভাগত দুয়োকে আদালতত হাজিৰ কৰোৱাৰো সম্ভাৱনা আছে।  

ডেৰাডুনৰ চাক্ৰাটাৰ আজমল ফাৰুকীৰ পুত্ৰ আজমল ফাৰুকী। আনহাতে, অনুৰাগ সিং পানীপটৰ দিৱানা অঞ্চলৰ বাসিন্দা। তেওঁ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ উপৰিও বাংলাদেশৰ এগৰাকী যুৱতীক বিয়া কৰাইছে বুলি জানিব পৰা গৈছে।  

এই দুই সন্ত্ৰাসবাদী ISIS ৰ বাবে সদস্য ভৰ্ত্তি, কুটাঘাটৰ পৰিকল্পনা, অস্ত্ৰ সৰবৰাহ, ধন সংগ্ৰহ আদিত জড়িত বুলি প্ৰকাশ পাইছে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন ৰাজ্যত গোচৰ ৰুজু হৈ আছে। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -