30 C
Guwahati
Saturday, April 27, 2024

PIL seeking removal of Kejriwal as CM: মুখ্যমন্ত্ৰী পদৰ পৰা কেজৰিৱালৰ অপসাৰণ বিচাৰি আদালতত পি আই এল

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

PIL seeking removal of Kejriwal as CM: আৱকাৰী নীতি সম্পৰ্কীয় গোচৰত এনফ’ৰ্চমেন্ট ডাইৰেক্টৰেটে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতেই তেওঁৰ অপসাৰণ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল হৈছে।   

সুৰজিত সিং যাদৱ নামৰ ব্যক্তিজনে এই আবেদন দাখিল কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰ, দিল্লী চৰকাৰ আৰু দিল্লীৰ লেফটেনেন্ট গভৰ্ণৰৰ প্ৰধান সচিবক অৰৱিন্দ কেজৰিৱালে কি কৰ্তৃৃত্বৰে পদত বাহাল থাকিব পাৰে বুলি প্ৰশ্ন কৰে। তেওঁ লগতে তেওঁৰ অপসাৰণৰ দাবী কৰে।

কালি ২১ মাৰ্চত আৱকাৰী নীতি সম্পৰ্কীয় গোচৰত এনফ’ৰ্চমেন্ট ডাইৰেক্টৰেটে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে। ইযাৰ পূৰ্বে ই ডিয়ে মুখ্যমন্ত্ৰীগৰাকীক নবাৰ চমন জাৰি কৰিছিল যদিও তেওঁ সেয়া নাকচ কৰি ই ডিৰ সন্মুখত উপস্থিত থকাৰ পৰা বিৰত আছিল। 

পাছত তেওঁঁ দিল্লী উচ্চ ন্যায়ালয়ত তেওঁক মাতি গ্ৰেপ্তাৰ কৰিব নোৱাৰৰ নিশ্চয়তা বিচাৰি আবেদন দাখিল কৰে। কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক সেই সকাহ নিদিলে। ইয়াৰ পাছতেই সন্ধিয়া তেওঁৰ বাসগৃহত ই ডিৰ দল উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰে।

মুখ্যমন্ত্ৰী কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছতেই আম আদমী পাৰ্টিয়ে ঘোষণা কৰিছিল যে কেজৰিৱালে মুখ্যমন্ত্ৰী পদ ত্যাগ নকৰে আৰু কাৰাগাৰৰ পৰাই চৰকাৰ চলাই যাব। ইয়াৰ পাছতেই আপ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হয় সুৰজিত সিং যাদৱ নামৰ লোকজন।

ইপিনে, গ্ৰেপ্তাৰৰ পাছতো কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি যাব পাৰিব পাৰিব, তেওঁ পদত অধিষ্ঠিত থকাৰ ক্ষেত্ৰত কোনো আইনগত বাধা নাই বুলি কেইবাগৰাকীও আইনী বিশেষজ্ঞই মন্তব্য কৰিছে। 

গ্ৰেপ্তাৰৰ পিছতো কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে থাকিব পাৰিব নেকি বুলি সোধাত জ্য়েষ্ঠ অধিবক্তা গোপাল শংকৰানাৰায়ণনে কয় যে, “গ্ৰেপ্তাৰ হোৱাৰ পিছতো এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত থকাৰ ক্ষেত্ৰত কোনো আইনী বাধা নাই।”

তেওঁ কয় যে জনপ্ৰতিনিধিত্ব আইন অনুসৰি দোষী সাব্যস্ত হোৱাৰ পিছতহে এজন বিধায়কক অযোগ্য বুলি গণ্য কৰিব পাৰি আৰু সেই ধৰণে মন্ত্ৰী হোৱাৰো অযোগ্য বুলি গণ্য কৰিব পাৰি। যদিও এনে ঘটনা অভূতপূৰ্ব, তথাপিও কাৰিকৰীভাৱে তেওঁৰ বাবে জেলৰ পৰা কাম কৰাটো সম্ভৱ।

ইপিনে, জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কয় যে আইনগতভাৱে কোনো বাৰ নাই যদিও প্ৰশাসনিকভাৱে ই অসম্ভৱৰ দৰে হ’ব।

লগতে পঢ়ক: Delhi CM Arvind Kejriwal arrested by ED: দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -