30 C
Guwahati
Saturday, April 27, 2024

Congress candidate Prem Lal Gonju files nomination: শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ মনোনয়ন দাখিল

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে শুকুৰবাৰে মনোনয়ন দাখিল কৰে (Congress candidate Prem Lal Gonju files nomination)। এইবাৰৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা তেওঁ হ’ল প্ৰথমগৰাকী কংগ্ৰেছ প্ৰাৰ্থী। 

শুকুৰবাৰে তেজপুৰৰ জয়মতী পথাৰৰ পৰা কেইবা শ লোকসহ তাল-খোল বজাই সমদল কৰি আহি শোণিতপুৰৰ নিৰ্বাচনী কাৰ্যালয়ত প্ৰেমলাল গঞ্জুৱে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে তেওঁ পুৱাই ঐতিহাসিক মহাভৈৰৱ মন্দিৰ আদি সত্ সংগ বিহাৰলৈ গৈ আশীৰ্বাদ লয়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, অসম বিধান সভাৰ বিৰোধীৰ উপ-দলপতি তথা ধুবুৰীৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা প্ৰমুখ্য কংগ্ৰেছৰ ভালসংখ্যক নেতাই গঞ্জুক মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে। 

মনোনয়ন দাখিল বাবে এই যাত্ৰাৰ সময়তে প্ৰেমলাল গঞ্জুৱে সংবাদ মাধ্যমৰ আগত এইবাৰ দুই লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে। 

একেদৰে গঞ্জু সন্দৰ্ভত সভাপতি ভূপেন বৰাই কয়, “চাহ শ্ৰমিকৰ পৰিয়ালৰ পৰা ওলাই অহা প্ৰেমলাল গঞ্জু দীঘলীয়া দিন কংগ্ৰেছ সংগঠনৰ লগত জড়িত। তেনেকুৱা এজন যুৱনেতা, যাৰ বিৰুদ্ধে কোনো অভিযোগ নাই, তেনেকুৱা এজন ব্যক্তিক আগুৱাই দিয়াৰ বাবে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, গাঁৱে-ভূঞে যি সহাঁৰি পাইছোঁ, আমি নিশ্চিত তেজপুৰত আমাৰ দূৰ্গ আছিল আৰু সেই ভেটি আমি উদ্ধাৰ কৰিম।”

উল্লেখযোগ্য যে, প্ৰেমলাল গঞ্জুৱে বিগত ২০ বছৰ ধৰি পূৰ্বৰ তেজপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি আছিল। অৱশেষত এইবাৰ তেওঁৰ টিকট নিশ্চিত হৈছে। 

ইপিনে, প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া শোণিতপুৰ সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ বিপৰীতে এই পৰ্যন্ত আন এটা লখিমপুৰ সমষ্টিৰ বাবে দলটোৱে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰা নাই।

লগতে পঢ়ক: PIL seeking removal of Kejriwal as CM: মুখ্যমন্ত্ৰী পদৰ পৰা কেজৰিৱালৰ অপসাৰণ বিচাৰি আদালতত পি আই এল

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -