22.3 C
Guwahati
Friday, May 3, 2024

Assam Congress MP Abdul Khaleque withdraws resignation: কংগ্ৰেছতে থাকিব আব্দুল খালেক; প্ৰত্যাহাৰ কৰিলে পদত্যাগ পত্ৰ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Assam Congress MP Abdul Khaleque withdraws resignation: টিকট বঞ্চিত হোৱাৰ ক্ষোভত কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰা সাংসদ আব্দুল খালেকে অৱশেষত সিদ্ধান্ত সলনি কৰিলে। কংগ্ৰেছ এৰি নোযোৱাৰ কথা দি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিলে সাংসদ খালেকে।

বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁ পদত্যাগ উঠাই লোৱা বুলি জানিবলৈ দিয়ে।  ইয়াৰ পূৰ্বে তেওঁ নতুন দিল্লীত এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ছোনীয়া গান্ধীক সাক্ষাত কৰে।   

আব্দুল খালেকৰ পদত্যাগ প্ৰত্যাহাৰ পত্ৰ

তেওঁ আজি দাখিল কৰা পত্ৰখনক এ আই চি চিৰ অসমৰ তত্বাৱধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ বিৰুদ্ধে অসন্তুষ্ট হৈ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল বুলি উল্লেখ কৰে। 

তেওঁ লগতে কে চি বেণুগোপাল আৰু ছোনীয়া গান্ধীৰ সৈতে সুন্দৰ আলোচনা হোৱা বুলিও জানিবলৈ দিয়ে। 

উল্লেখযোগ্য যে, দুবাৰৰ বিধায়ক তথা বৰ্তমানৰ বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেক এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে। ইয়াৰ পাছতেই দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -