23.2 C
Guwahati
Friday, May 3, 2024

Ex-MLA Aminul Haque Laskar resigns from BJP: অসম বিজেপিৰ বিধায়ক হোৱা একমাত্ৰ মুছলমান আমিনুল হক লস্কৰৰ দলত্যাগ, কাইলৈ যোগ দিব কংগ্ৰেছত

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

প্ৰাক্তন বিজেপি বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে বিজেপি ত্যাগ (Ex-MLA Aminul Haque Laskar resigns from BJP) কৰিছে। বিজেপিত ১৩ বছৰীয়া যাত্ৰা সামৰি ধৰ্মীয় সংখ্যালঘু নেতাজনে কংগ্ৰেছত যোগদানৰ কথাও ঘোষণা কৰিছে। 

মঙলবাৰে তেওঁ বিজেপিৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে। দলত্যাগ কৰিয়েই বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বৰ্তমানলৈ একমাত্ৰ মুছলমান বিধায়কজনে।

“অসমত এতিয়া বিজেপি-এ আই য়ু ডি এফ মিলি গৈছে। এ আই য়ু ডি এফৰ বিধায়কে এতিয়া বিজেপি প্ৰাৰ্থীৰ বাবে দোৱা কৰিবলৈ কয়। মই সদায় এ আই য়ু ডি এফৰ বিৰুদ্ধে আছো, গতিকে এতিয়া মই বিজেপিত কেনেকৈ থাকিম”, আমিনুল হক লস্কৰে কয়। 

২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একেলগে বিজেপিত যোগ দিছিল বৰাক উপত্যকাৰ তেতিয়াৰ জাতীয়তাবাদী নেতাজনে। সেই সময়ৰ বিজেপিৰ দৰে এতিয়াৰ বিজেপি হৈ থকা নাই বুলি মন্তব্য কৰি এতিয়াৰ বিজেপিয়ে কেৱল ধৰ্মৰ ৰাজনীতি কৰে বুলি তেওঁ অভিযোগ কৰে।

তেওঁ কয় যে এ আই য়ু ডি এফ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই, দুয়োটা দলে ধৰ্মৰ নামত ৰাজনীতি কৰে। বিজেপিত মুছলমানসকল অৱহেলিত বুলি অভিযোগ কৰি দলটোৱে মুছলমান এজনক মণ্ডলৰ সভাপতিৰ দায়িত্বও নিদিয়ে বুলিও তেওঁ মন্তব্য কৰে। 

২০১৬ চনত বৰাক উপত্যকাৰ সোনাই সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হোৱা আমিনুল হক লস্কৰ ২০২১ চনত পৰাজিত হৈছিল। সেই পৰাজয়ৰ কাৰণ এইবাৰৰ শিলচৰৰ লোকসভাৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য বুলিও তেওঁ অভিযোগ কৰে।

“পৰিমল শুক্লবৈদ্যই মোক হৰুৱাবলৈ মোৰ বিৰুদ্ধে কেইবাজনো হিন্দু প্ৰাৰ্থী নিৰ্দলীয় হিচাপে থিয় কৰাইছিল। মই জিকিলে তেওঁ মন্ত্ৰীত্ব নাপাব বুলি শংকিত হৈছিল। গতিকে মোক হৰুৱাৱ বিপৰীতে এ আই য়ু ডি এফৰ কৰিমুদ্দিন বৰভূঞাক জিকাত তেওঁ সহায় কৰিছিল”, লস্কৰে কয়। 

এ আই য়ু ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই সেই ধাৰ পৰিশোধৰ বাবে এইবাৰ পৰিমল শুক্লবৈদ্যক সহায় কৰি থকা বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, এসময়ৰ বৰাক উপত্যকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা আমিনুল হক লস্কৰে ১৯৯৫ চনত অসম গণ পৰিষদত যোগ দিছিল। পাছত ২০১১ চনত অগপ এৰি তেওঁ বিজেপিত যোগ দিছিল। ২০১৬ চনত বিজেপিৰ টিকটত বিধায়ক নিৰ্বাচিত হোৱা লস্কৰে পৰৱৰ্তী সময়ত অসম বিধান সভাৰ উপাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰিছিল। এতিয়া বিজেপি এৰাৰ পাছত কাইলৈ তেওঁ কংগ্ৰেছত যোগ দিব বুলি জানিবলৈ দিছে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -