33 C
Guwahati
Saturday, April 27, 2024

Lok Sabha Election 2024 Date: দেশৰ সাধাৰণ নিৰ্বাচন ঘোষণা; অসমত ৩ টা পৰ্যায়ত হ’ব ১৪ সমষ্টিৰ ভোটগ্ৰহণ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Lok Sabha Election 2024 Date: বহু অপেক্ষাৰ অন্তত শনিবাৰে দেশৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা হ’ল। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলযোগে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে। 

দেশৰ মুঠ ৫৪৩ টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ মুঠ ৭ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৯ এপ্ৰিলৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু ৪ জুনত এই নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব। ১৬ জুনত চলি থকা সপ্তদশ লোকসভাৰ কাৰ্যকালৰ অন্ত পৰিব, গতিকে তাৰ পূৰ্বেই নৱনিৰ্বাচিত চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব লাগিব। 

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়, ৭ মে’ত তৃতীয় পৰ্যায়, ১৩ মে’ত চতুৰ্থ পৰ্যায়, ২০ মে’ত পঞ্চম পৰ্যায়, ২৫ মে’ত ষষ্ঠ পৰ্যায় আৰু ১ জুনত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। 

অসমৰ মুঠ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম তিনিটা পৰ্যায়ত পৰ্যায়ৰ ভিতৰতে সম্পূৰ্ণ হ’ব। ১৯ এপ্ৰিল অৰ্থাত প্ৰথম পৰ্যায়ত অসমৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোগগ্ৰহণ অনুষ্ঠিত হ’ব। 

দ্বিতীয় পৰ্যায় অৰ্থাত ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। 

তৃতীয় পৰ্যায় অৰ্থাত ৭ মে’ত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -