22.3 C
Guwahati
Friday, May 3, 2024

UPPL announces Joyanta Basumatary as Kokrajhar candidate: কোকৰাঝাৰত জয়ন্ত বসুমতাৰীক ইউ পি পি এলৰ প্ৰাৰ্থিত্ব

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

UPPL announces Joyanta Basumatary as Kokrajhar candidate: শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ ইউ পি পি এলে লাভ কৰা একমাত্ৰ আসন কোকৰাঝাৰৰ বাবে দলটোৱে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিছে। কোকৰাঝাৰৰ ইউ পি পি এল বা শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব জয়ন্ত বসুমতাৰী।

বুধবাৰে সংবাদমেলযোগে দলটোৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ইয়াৰ লগে লগে অসমৰ ১৪ খন আসনৰ বাবে শাসকীয় বিজেপি-অগপ-ইউ পি পি এল মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নাম ঘোষণা সম্পূৰ্ণ হৈছে।

ইউ পি পি এলৰ প্ৰাৰ্থী লাভ কৰা জয়ন্ত বসুমতাৰী বৰ্তমান দলটোৰ চিদলী সমষ্টিৰ বিধায়ক। সংসদীয় ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বে তেওঁ নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।   

আগন্তুক নিৰ্বাচনৰ বাবে বিজেপি-অগপ-ইউ পি পি এল মিত্ৰজোটৰ বিজেপিয়ে ১১ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে আৰু ইতিমধ্যে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে অগপই বৰপেটা আৰু ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ উপৰিও ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে। সমষ্টিটোত কংগ্ৰেছে এইবাৰ গৰ্জন মুছাহাৰীক প্ৰক্ষেপ কৰিছে। 

ইপিনে, সমষ্টিটোৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈ আছে। বৰ্তমানলৈ নাম ঘোষণা কৰা নাই যদিও বি পি এফেও সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়াব।

লগতে পঢ়ক: CPI(M) announces Manoranjan Talukdar as candidate in Barpeta: অসমত বিৰোধী ঐক্য বুমেৰাং, কংগ্ৰেছৰ পাছতেই বৰপেটাত চিপিআই (এম)ৰ প্ৰাৰ্থী ঘোষণা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -