30 C
Guwahati
Thursday, May 2, 2024

CPI(M) announces Manoranjan Talukdar as candidate in Barpeta: অসমত বিৰোধী ঐক্য বুমেৰাং, কংগ্ৰেছৰ পাছতেই বৰপেটাত চিপিআই (এম)ৰ প্ৰাৰ্থী ঘোষণা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

CPI(M) announces Manoranjan Talukdar as candidate in Barpeta: অৱশেষত বুমেৰাং হ’ল অসমৰ ১৫ দলীয় বিজেপি বিৰোধী ঐক্য। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে উমৈহতীয়া প্ৰাৰ্থী বাচনিত সফল হ’ব নোৱৰিলে সন্মিলিত বিৰোধী। আপ, কংগ্ৰেছৰ পাছত এইবাৰ প্ৰাৰ্থী ঘোষণা কৰিলে চিপিআই (এম)-এ।

অসমত কংগ্ৰেছে ১২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণাৰ পাছত বুধবাৰে বৰপেটা সমষ্টিত চিপিআই (এম)-এ নিজা প্ৰাৰ্থী ঘোষণা কৰিলে। বাঁওপন্থী দলটোৱে মনোৰঞ্জন তালুকদাৰক বৰপেটাত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা সংবাদমেলযোগে সদৰি কৰিছে।

মনোৰঞ্জন তালুকদাৰ বৰ্তমান সৰভোগ সমষ্টিৰ বিধায়ক। ২০২১ চনৰ নিৰ্বাচনত বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ পৰা তেওঁ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিল।

শেহতীয়াভাৱে, কংগ্ৰেছে বৰপেটা সমষ্টিটো চিপিআই (এম)ক এৰি দিব বুলি চৰ্চা চলিছিল। কিন্তু কালি কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছত সেয়া দেখা নগ’ল। ইয়াক লৈ বিৰোধী মিত্ৰদল চিপিআই (এম)-এ আজি ক্ষোভ প্ৰকাশো কৰে। 

মঙলবাৰে কংগ্ৰেছে প্ৰকাশ কৰা তালিকা অনুসৰি বৰপেটা সমষ্টিত দলটোৱে দ্বীপ বায়নক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বায়ন অসম কংগ্ৰেছৰ সেৱা দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।  

ইপিনে, বৰপেটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী ঘোষণাৰ পাছত কংগ্ৰেছৰ মিত্ৰদল অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদেও ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ কংগ্ৰেছে আন বিৰোধী দলসমূহক প্ৰতাৰণা কৰা বুলি অভিযোগ তুলি নিজে বৰপেটা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব বুলি নিশ্চিত কৰে।

কেৱল মিত্ৰদলৰ নেতাৰেই ক্ষোভ নহয়। দ্বীপ বায়নক প্ৰাৰ্থীত্ব প্ৰদানৰ পাছতেই কংগ্ৰেছৰ আভ্যন্তৰতো ক্ষোভ দেখা গৈছে। কালি প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতেই টিকটৰ পৰা বঞ্চিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী কমিটীৰ সদস্য মঞ্জুশ্ৰী পাঠকে পদত্যাগ কৰিছে। তেওঁ বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ টিকটৰ অন্যতম দাবীদাৰ আছিল। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -