33 C
Guwahati
Saturday, April 27, 2024

Assam Congress Candidates for Lok Sabha Poll 2024: অৱশেষত কংগ্ৰেছৰ অসমৰ প্ৰাৰ্থীৰ নাম ঘোষণা; গৌৰৱ-প্ৰদ্যুতক আকৌ প্ৰাৰ্থিত্ব, খালেক বঞ্চিত

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Assam Congress Candidates for Lok Sabha Poll 2024: বহু চৰ্চা, জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা (Congress releases 2nd list of candidates) প্ৰকাশ পালে। এই তালিকাতে অসমৰ ১২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নামো প্ৰকাশ পাইছে। 

মঙলবাৰে কংগ্ৰেছ হাইকমাণ্ডে প্ৰকাশ কৰা দ্বিতীয়খন প্ৰাৰ্থী তালিকাত দেশৰ পাঁচখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৩ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ পাইছে। এই তালিকাতে আছে অসমৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈৰ নাম। কিন্তু টিকটৰ পৰা বঞ্চিত হ’ল আন এগৰাকী সাংসদ আব্দুল খালেক। 

এই তালিকা অনুসৰি কলিয়াবৰ সমষ্টিৰ দুবাৰৰ সাংসদ গৌৰৱ গগৈয়ে এইবাৰ যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত ইতিমধ্যে কলিয়াবৰ সমষ্টি বিলুপ্ত হৈছে। পূ্ৰ্বৰ কলিয়াবৰ সমষ্টিৰ এটা বৃহত অংশৰ সৈতে পূৰ্বৰ নগাঁও সমষ্টিৰ অংশ মিলাই নতুনকৈ কাজিৰঙা সমষ্টি গঠন হৈছে। কিন্তু গৌৰৱ গগৈক নৱগঠিত কাজিৰঙাৰ সলনি দলে যোৰহাটত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ ফলত আগন্তুক নিৰ্বাচনত যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সৈতে গৌৰৱ গগৈৰ তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈছে।

ইপিনে, বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে তেওঁৰ নগাঁও সমষ্টিতে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। শেহতীয়া কিছুদিনত নগাঁও সমষ্টিক লৈ কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল স্পষ্ট হৈ পৰিছিল। অৱশেষত সকলো বাদ-বিবাদৰ অন্ত পেলাই দলে বৰদলৈকে পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিলে। 

কংগ্ৰেছৰ বাবে আন এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি বৰপেটাত এইবাৰ এখন নতুন মুখে স্থান লাভ কৰিছে। বৰপেটাৰ এইবাৰৰ প্ৰাৰ্থী হ’ব দ্বীপ বায়ন। তেওঁ অসম কংগ্ৰেছৰ সেৱা দলৰ নেতৃত্ব প্ৰদান কৰি আছে। 

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

লোকসভা নিৰ্হাচনৰ দিন চমু চাপি অহাৰ পাছৰে পৰা কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ কেন্দ্ৰ হৈ অহা আন এটা সমষ্টি ধুবুৰী। ধুবুৰী সমষ্টিত অৱশেষত বৰ্তমানৰ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইৰ প্ৰাৰ্থীত্ব নিশ্চিত হ’ল। ইয়াৰ লগে লগে সমষ্টিটোৰ টিকটৰ অন্যতম দাবীদাৰ তথা বৰ্তমানৰ সাংসদ আব্দুল খালেক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈ পৰিল। ফলত ধুবুৰীত  এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ সৈতে ৰণত অৱতীৰ্ণ হ’ব ৰকিবুল হুছেইন।

ইপিনে, কোকৰাঝাৰ সমষ্টিত দলে এইবাৰ গৰ্জন মুছাহাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। এসময়ৰ Peoples’ Joint Action Committee for Bodoland Movement (PJACBM) ৰ মুখ্য আহ্বায়ক মুছাহাৰীয়ে ২০২১ চনত কংগছত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দলৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব আছিল। 

মঙলদৈ সমষ্টি বিলুপ্ত হোৱাৰ পাছত নৱ-গঠিত দৰং-ওদালগুৰি সমষ্টিত কংগ্ৰেছে প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে। ১৯৯৮ আৰু ১৯৯৯ চনত পূৰ্বৰ মঙলদৈ সমষ্টিৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল মাধৱ ৰাজবংশী।

ইপিনে, সকলোৰে দৃষ্টি নিৱদ্ধ থকা গুৱাহাটী সংসদীয় সমষ্টিত কংগ্ৰেছেও এগৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। গতিকে গুৱাহাটীত বিজেপিৰ বিজুলী কলিতা মেধিৰ বিৰুদ্ধে মীৰা বৰঠাকুৰৰ তুমুল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি একপ্ৰকাৰে নিশ্চিত হৈছে। 

পাহাৰীয়া সমষ্টি ডিফুত এইবাৰ কংগ্ৰেছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী জয়ৰাম ইংলেঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২০১৪ চনত সমষ্টিটোৰ পৰা বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, কংগ্ৰেছৰ বিৰেণ সিং ইংতিৰ বিৰুদ্ধে পৰাজিত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছত যোগ দিছিল। 

ইপিনে, বৰাক উপত্যকাৰ সমষ্টি শিলচৰ সমষ্টিত নতুন মুখে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। এইবাৰ শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী হ’ব সূৰ্য কুমাৰ চৰকাৰ। 

বৰাক উপত্যকাৰ আন এটা সমষ্টি কৰিমগঞ্জত প্ৰাৰ্থীত্ব লাভ কৰিছে বিশিষ্ট আইনজীৱি হাফিজ ৰশিদ চৌধুৰীয়ে। 

নৱগঠিত কাজিৰঙা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছে আন এগৰাকী মহিলাই। সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কী হ’ব এইবাৰৰ কাজিৰঙাৰ কংগ্ৰেছ প্ৰাৰ্থী। চাহ জনগোষ্ঠীয় তিৰ্কীৰ আন এগৰাকী চাহ জনগোষ্ঠীয় নেতা বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা হ’ব।

ইপিনে, শোণিতপুৰ সমষ্টিতো নতুন মুখে স্থান লাভ কৰিছে। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব গোৰ্খা সম্প্ৰদায়ৰ প্ৰেমলাল গঞ্জু। 

কংগ্ৰেছৰ এই তালিকাত নাই ডিব্ৰুগড় আৰু লখিমপুৰ সমষ্টিৰ নাম। ডিব্ৰুগড় সমষ্টিটো কংগ্ৰেছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিয়াৰ কথা চৰ্চা চলি আছে। কিন্তু লখিমপুৰত কংগ্ৰেছে কিয় প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -