29 C
Guwahati
Monday, April 29, 2024

Central Government implements CAA: অৱশেষত দেশজুৰি কাৰ্যকৰী হ’ল বিতৰ্কিত ‘কা’

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

চাৰি বছৰ তিনি মাহৰ দীঘলীয়া বিৰতিৰ পাছত অৱশেষত ভাৰত চৰকাৰে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বলৱত কৰে (Central Government implements CAA)। সোমবাৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই আইন কাৰ্যকৰী কৰাৰ বাবে নিয়মাৱলীৰ অধিসূচনা জাৰি কৰে। 

বহু প্ৰতিবাদ, বিৰোধিতাৰ মাজেৰে ২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত হৈছিল। ইয়াৰ পাছতেই ততাতৈয়াকৈ এই বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছিল। কিন্তু ইয়াৰ নিয়মাৱলী প্ৰস্তুত নোহোৱাৰ বাবে কাৰ্যকৰী হোৱা নাছিল।

এই নিয়মাৱলী জাৰি কৰাৰ পাছতেই গৃহ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে, “নাগৰিকত্ব (সংশোধনী) নিয়ম, ২০২৪ নামেৰে নামাকৰণ কৰা এই নিয়মৰ জৰিয়তে নাগৰিকত্ব (সংশোধনী) আইনৰ অধীনত যোগ্য ব্যক্তিসকলে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে আবেদন কৰিব পাৰিব।”

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে আবেদনসমূহ সম্পূৰ্ণ অনলাইন পদ্ধতিত জমা দিয়া হ’ব যাৰ বাবে ৱেব পৰ্টেলৰ ব্যৱস্থা কৰা হৈছে।

নাগৰিকত্ব (সংশোধনী) নিয়ম জাৰি হোৱাৰ লগে লগে মোডী চৰকাৰে এতিয়া CAA ৰ জৰিয়তে তিনিখন প্ৰতিবেশী দেশৰ নিৰ্যাতিত অমুছলমান প্ৰব্ৰজনকাৰী, যেনে- হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিব পাৰিব।

বিজেপি চৰকাৰে ২০১৯ চনত ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি ২০১৪ চনৰ ডিচেম্বৰৰ পূৰ্বে চুবুৰীয়া মুছলমান সংখ্যাগৰিষ্ঠ দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ ভয়ত আহি ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, আৰু খ্ৰীষ্টান ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰে।

এই সংশোধনীৰ জৰিয়তে এই প্ৰব্ৰজনকাৰীসকলৰ স্বাভাৱিকৰণৰ জৰিয়তে নাগৰিকত্বৰ সময় এঘাৰ বছৰৰ পৰা পাঁচ বছৰলৈ শিথিল কৰা হৈছে।

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বিৰুদ্ধে দেশৰ আন প্ৰান্তৰ উপৰিও অসমতো প্ৰৱল গণ আন্দোলনৰ সৃষ্টি হৈছিল। অসমত সেই আন্দোলনত পাঁচগৰাকী যুৱক শ্বহীদ হ’বলগীয়া হৈছিল। এতিয়া আইনখন কাৰ্যকৰীকৰণৰ বিৰুদ্ধেও অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -