26 C
Guwahati
Friday, May 3, 2024

AGP Announces Candidates for Barpeta and Dhubri: অগপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বৰপেটাত ফণীভূষণ চৌধুৰী-ধুবুৰীত জাভেদ ইছলামক প্ৰাৰ্থিত্ব

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

AGP Announces Candidates for Barpeta and Dhubri: জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত শাসকীয় মিত্ৰজোঁটৰ আনটো দল অসম গণ পৰিষদে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী ঘোষণা কৰিলে। বৰপেটা আৰু ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ পাছতেই এতিয়ালৈ অসমত শাসকীয় মিত্ৰজোঁটৰ মুঠ ১৩ জন প্ৰাৰ্থীৰ নাম ঘোষণা হ’ল।

সোমবাৰে অসম গণ পৰিষদে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰী আৰু ধুবুৰী সমষ্টিত জাভেদ ইছলামৰ নাম ঘোষণা কৰে। 

অসম গণ পৰিষদৰ জন্মলগ্নৰে পৰা বঙাইগাঁও বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে বৰ্তমানৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে। ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনতো চৌধুৰীয়ে অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে বৰপেটা সমষ্টিটোৰ পৰা অৱতীৰ্ণ হৈছিল, কিন্তু এ আই য়ু ডি এফ প্ৰাৰ্থী চিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল। 

বিগত কেইবাদিনৰ পৰাই ফণীভূষণ চৌধুৰীক এইবাৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা প্ৰকাশ পাইছিল। এই খবৰে তেওঁ প্ৰতিনিধিত্ব কৰি থকা বঙাইগাঁও সমষ্টিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বিশেষকৈ বঙাইগাঁও অগপৰ যথেষ্ঠসংখ্যক নেতা-কৰ্মীয়েই এই সিদ্ধান্তৰ বিৰোধিতা কৰি আছিল। কাৰণ তেওঁলোকৰ শংকা, ফণীভূষম চৌধুৰীয়ে সাংসদ হৈ দিল্লীলৈ গুচি গ’লে বঙাইগাঁৱত অগপৰ গুৰি ধৰোতা কোনো নোহোৱা হ’ব। 

ৰাইজৰ এনে প্ৰতিক্ৰিয়াৰ মাজতেই চৌধুৰীয়েও লোকসভা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ কথা ঘোষণা কৰিছিল। অৱশেষত সকলো মত-বিৰোধৰ অৱসান ঘটাই তেওঁকেই দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে।

ইপিনে, ধুবুৰী সমষ্টিত অগপই পুনৰবাৰ জাভেদ ইছলামক প্ৰক্ষেপ কৰিছে। ২০১৯ চনতো সমষ্টিটোত অগপই ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল, কিন্তু এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিপক্ষে তেওঁ পৰাজিত হৈছিল। 

আগন্তুক নিৰ্বাচনৰ বাবে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ১১ টা বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে এই দুটা সমষ্টি অগপক এৰি দিছিল। একেদৰে, কোকৰাঝাৰ সমষ্টিত আনটো মিত্ৰদল ইউ পি পি এলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।  

লগতে পঢ়ক: Sarbananda Sonowal in Dibrugarh: প্ৰাৰ্থিত্ব লাভৰ পাছত প্ৰথমবাৰ ডিব্ৰুগড়লৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ঢোলে-ডগৰে আদৰণি

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -