22 C
Guwahati
Sunday, May 5, 2024

Sarbananda Sonowal in Dibrugarh: প্ৰাৰ্থিত্ব লাভৰ পাছত প্ৰথমবাৰ ডিব্ৰুগড়লৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ঢোলে-ডগৰে আদৰণি

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব লাভৰ পাছত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত (Sarbananda Sonowal in Dibrugarh) উপস্থিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোমবাৰে ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে বিজেপিৰ কাৰ্যকৰ্তাসকলে তেওঁক বিপুল আদৰণি জনায়।

বিমান বন্দৰত গীত-নৃত্যৰে আদৰি দলীয় কাৰ্যকৰ্তাসকলে তেওঁক শোভাযাত্ৰা কৰি ডিব্ৰুগড়ৰ মানকটা পথাৰলৈ লৈ যায়। তাতেই এক বিশাল জনসভাক সম্বোধক কৰে সৰ্বানন্দ সোণোৱালে। 

শোভাযাত্ৰাৰ মাজতেই সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আমি সকলোৱে মিলি ৰাইজৰ ওচৰত মূৰ দোৱাম, ৰাইজৰ আশীৰ্বাদ বিচাৰিম, ৰাইজে আমাক নিশ্চয় মৰম কৰিব।”

লক্ষ্যণীয়ভাৱে, সোণোৱালক আদৰণি জনোৱা এই কাৰ্যসূচীত থাকিল এইবাৰৰ টিকট বঞ্চিত ডিব্ৰুগড় সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী। বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছত ৰাজনীতি ত্যাগ কৰা বুলি ঘোষণা কৰা মন্ত্ৰী তেলীয়ে কয় যে সৰ্বানন্দ সোণোৱালক বহু ভোটেৰে জয়ী কৰাব। 

ৰামেশ্বৰ তেলীৰ উপৰিও অসম চৰকাৰৰ মন্ত্ৰূ বিমল বৰা, বিধায়ক তৰং গগৈ, পোনাকন বৰুৱাকে ধৰি শাসকীয় মিত্ৰজোঁটৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে সোণোৱালক আদৰণী জনোৱা এই কাৰ্যসূচীত ভাগ লয়। 

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে অসমৰ ১১ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। সেই অনুসৰি বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা মোদী কেবিনেটত গুৰুত্বপূৰ্ণ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালে এইবাৰ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে।

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ মুলুক গাঁৱত জন্মগ্ৰহণ কৰা সোণোৱাল ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টিৰ অসম গণ পৰিষদৰ সাংসদ আছিল। ২০০৯ চনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কংগ্ৰেছৰৰ পৱন সিং ঘাটোৱাৰৰ বিৰুদ্ধে পৰাজিত হৈছিল। এইবাৰ সোণোৱালৰ বিৰুদ্ধে বিৰোধীৰ প্ৰাৰ্থী কোন হ’ব সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ যথেষ্ঠ সম্ভাৱনা আছে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -