26 C
Guwahati
Sunday, April 28, 2024

PM Narendra Modi Visits Kaziranga National Park: সুদীৰ্ঘ ৬৭ বছৰৰ মূৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

PM Narendra Modi Visits Kaziranga National Park: দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৱাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ কৰে।  হাতী চাফাৰী আৰু জীপ চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখনত পৰিভ্ৰমণ কৰে।

পুৱা ৫.৪৫ বজাত কাজিৰঙা পৰিদৰ্শন আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ অঞ্চলত হাতী চাফাৰী কৰে। তাৰ পাছত তেওঁ জীপেৰে উদ্যানখন পৰিদৰ্শন কৰে। 

ৰাষ্ট্ৰীয় উদ্যানখনত তেওঁ এশিঙীয়া গঁড়, পহুকে ধৰি বিভিন্ন জীৱ-জন্তু চাই আপ্লুত হৈ পৰে। তেওঁ ইতিমধ্যে সামাজিক মাধ্যম ‘এক্স’ত সেই কথা প্ৰকাশ কৰিছে। 

হাতী চাফাৰী আৰু জীপ চাফাৰীৰ পাছত প্ৰধানমন্ত্ৰী কাজিৰঙাৰ তিনিটা পোহনীয়া হাতী ক্ৰমে- লক্ষীমাই, প্ৰদ্য়ুম্ন আৰু ফুলমাইক নিজ হাতেৰে কুঁহিয়াৰ খাবলৈ দিয়ে। কাজিৰঙাত থকা সময়ছোৱাত তেওঁ একাংশ মহিলা বনকৰ্মীৰ সৈতেও মত বিনিময় কৰে। 

উল্লেখযোগ্য যে, সুদীৰ্ঘ ৬৭ বছৰৰ মূৰত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিছে। ১৯৫৭ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কাজিৰঙা পৰিদৰ্শন কৰিছিল। তেওঁৰ পাছত এই সুদীৰ্ঘ সময়ত কোনো প্ৰধানমন্ত্ৰীয়েই কাজিৰঙালৈ অহা নাছিল। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদীয়েই দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে কাজিৰঙাত নৈশ যাপন কৰিছে।

শুকুবাৰে সন্ধিয়া তেজপুৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে বিশেষ হেলিকপ্টাৰেৰে বোকাখাতৰ পানবাৰীলৈ যায়। তাৰ পৰা ৰ’ড শ্ব’ কৰি তেওঁ কাজিৰঙাত উপস্থিত হয়। যোৱা নিশাটো তেওঁ কাজিৰঙাত থকা অসম আৰক্ষীৰ অতিথিশালাত অতিবাহিত কৰে। 

আজি আগবেলাই তেওঁ কাজিৰঙা ভ্ৰমণ সামৰি অৰুণাচল প্ৰদেশলৈ উৰা মাৰে। তাত তেওঁ নৱনিৰ্মিত চেলা সুৰংগ ৰাইজৰ বাবে মুকলি কৰি বিয়লি পুনৰ যোৰহাটলৈ উভতি আহে।

লগতে পঢ়ক: PM Narendra Modi Arrives Assam: প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনত উত্তৰ-পূবত কি কি কৰিব?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -