22 C
Guwahati
Monday, May 6, 2024

PM Narendra Modi Arrives Assam: প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনত উত্তৰ-পূবত কি কি কৰিব?

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

PM Narendra Modi Arrives Assam: লোকসভা নিৰ্বাচনৰ বতাহ বলাৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে উত্তৰ-পূবত আহি উপস্থিত হৈছে। সন্ধিয়া তেজপুৰ বিমান বন্দৰত অৱতৰণ কৰা প্ৰধানমন্ত্ৰীক অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়।  

ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে হেলিকপ্তাৰেৰে বোকাখাতৰ পানবাৰীত উপস্থিত হৈ তাৰ পৰা স্থলপথেৰে কাজিৰঙা অভিমুখে ৰাওনা হয়। এই পথছোৱাত তেওঁক কেইবাটাও সাংস্কৃতিক দলৰ দ্বাৰা ৰাজ্য চৰকাৰে আদৰণি জনায়। 

আজি নিশা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ অসম আৰক্ষীৰ অতিথিশালাত কটাব। কাইলৈ অৰ্থাত শনিবাৰে পুৱাই তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিব। ৰাষ্ট্ৰীয় উদ্যানখনত দুঘন্টা কটাই তেওঁ অৰুণাচল প্ৰদেশ অভিমুখে উৰা মাৰিব। 

অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্মিত চেলা সুৰংগ দেশৰ বাবে উত্সৰ্গা কৰিব। সীমান্ত পথ সংস্থা (বি আৰ অ’)-ই ৮২৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সুৰংগটো ১৩ হাজাৰ ফুটৰ ওপৰৰ উচ্চতাত নিৰ্মিত বিশ্বৰ আটাইতকৈ দীঘল টুইন লেনযুক্ত সুৰংগ।

বিয়লিৰ ভাগত তেওঁ পুনৰ অসমলৈ উভতি আহিব আৰু যোৰহাটৰ টীয়কত নিৰ্মাণ কৰা জাতীয় বীৰ লাচিত বৰফুকনৰ  ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি ‘শৌৰ্যৰ প্ৰতিমূৰ্তি (Statue of Valour)’ উদ্ধোধন কৰিব। ইয়াৰ পাছতেই তেওঁ টীয়কৰ মেলেং মেটেলিত এক জনসভা সম্বোধন আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব।

শৌৰ্যৰ প্ৰতিমূৰ্তি (Statue of Valour)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে এই জনসভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে ৫,৫৫,৫৫৫ PMAY (প্ৰধানমন্ত্ৰী আৱাস যোজনা) হিতাধিকাৰীক তেওঁলোকৰ নতুন ঘৰ প্ৰদান কৰিব। তেওঁ নতুনকৈ নিৰ্মাণ কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় উদ্বোধন কৰাৰ লগতে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে শিশুৰ বাবে ৩০০ কোটি টকাৰ কেন্সাৰ কেয়াৰ ইউনিট ভাৰ্চুৱেলভাৱে উদ্বোধন কৰিব।

মুখ্যমন্ত্ৰী কয় যে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বৰাউনীৰ পৰা গুৱাহাটীলৈ ৩,৯৯২ কোটি টকাৰ পাইপলাইন প্ৰকল্পকে ধৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ১৮,০০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে অসমৰ ঘৰুৱা তেল শোধন ক্ষমতা বৃদ্ধিৰ বাবে ১৫৫৫ কোটি টকা ব্যয় সাপেক্ষে তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপনকে ধৰি কেইবাটাও পেট্ৰলিয়াম প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব বুলিও মুখ্যমন্ত্ৰী জানিবলৈ দিয়ে।

ৰে’ল যোগাযোগত সংযোজন ঘটাই প্ৰধানমন্ত্ৰী মোদীয়ে ধূপধৰা- ছয়গাঁও আৰু নিউ বঙাইগাঁও-সৰভোগলৈ ১৩২৮ কোটি টকা ব্যয়েৰে দ্বৈত ৰে’লপথলৈ উন্নীত কৰা ৰে’লপথ দুটা ৰাইজৰ বাবে উৎসৰ্গা কৰিব বুলিও শৰ্মাই কয়।

লগতে পঢ়ক: Mohammed Shami likely to contest Lok Sabha Election: বিজেপিৰ টিকটত পশ্চিমবংগৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে ক্ৰীকেটাৰ মহম্মদ ছামী

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -