22 C
Guwahati
Monday, May 6, 2024

Mohammed Shami likely to contest Lok Sabha Election: বিজেপিৰ টিকটত পশ্চিমবংগৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে ক্ৰীকেটাৰ মহম্মদ ছামী

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Mohammed Shami likely to contest Lok Sabha Election: লোকসভা নিৰ্বাচনৰ ব্যাপক কুচকাৱাজ চলি থকাৰ মাজতেই বিজেপিয়ে পশ্চিমবংগত ক্ৰিকেটৰ এখন ডাঙৰ মুখক নিৰ্বাচনী ৰণত অৱতীৰ্ণ কৰোৱাব পাৰে। পশ্চিমবংগৰ পৰা ক্ৰিকেট তাৰকা মহম্মদ ছামীক বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনাই দেখা দিছে। ৰঞ্জি ট্ৰফীত বংগৰ হৈ খেলি থকাৰ সময়তে বেগী বলাৰ হিচাপে ছামীয়ে ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। তেওঁ বৰ্তমানেও বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলি আছে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘আজ টক’ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ইতিমধ্যে এই প্ৰস্তাৱ লৈ বিজেপি নেতৃত্ব মহম্মদ ছামীৰ কাষ চাপিছে।  প্ৰাপ্ত খবৰ অনুসৰি, বিজেপিয়ে পশ্চিমবংগৰ বছিৰহাট সমষ্টিৰ পৰা ক্ৰিকেটাৰ মহম্মদ ছামীক অৱতীৰ্ণ কৰাব বিচাৰিছে।  তেওঁৰ সৈতে এই সন্দৰ্ভত হোৱা আলোচনা ইতিবাচক বুলি জানিব পৰা গৈছে। এক অস্ত্ৰোপচাৰৰ পাছত ক্ৰীকেটাৰগৰাকীয়ে বৰ্তমান জিৰণি লৈ আছে। 

বছিৰহাটৰ পৰা Mohammed Shami ক কিয় নিৰ্বাচনত প্ৰক্ষেপ কৰিব বিচাৰিছে বিজেপিয়ে?

বিজেপিয়ে বহু চেষ্টা কৰিও বংগত প্ৰতিপত্তি বৃদ্ধি কৰিব পৰা নাই। তাৰ এটা অন্যতম কাৰণ বংগৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰ। গতিকে এইবাৰ ছামীক প্ৰক্ষেপ কৰি বিজেপিয়ে বংগত সংখ্যালঘু ভোটাৰৰ মাজত সোমাব বিচাৰিছে।

দ্বিতীয়তে, বছিৰহাট সমষ্টিত সংখ্যালঘু ভোটৰৰ সংখ্যা সৰ্বাধিক। বৰ্তমান সময়ত ইছলাম ধৰ্মাৱলম্বী মহম্মদ ছামী ভাৰতীয় ক্ৰিকেটৰ অন্যতম ট্ৰেণ্ডিং হিৰো আৰু তেওঁ বংগত বিশেষভাৱে জনপ্ৰিয়। গতিকে তেনে এগৰাকী তাৰকা খেলুৱৈক আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্য এক ৰাজনৈতিক চমক সৃষ্টি কৰিব বিচাৰিছে। 

উল্লেখযোগ্যে  যে, বিগত বৰ্ষৰ বিশ্বকাপ ক্ৰীকেটত উজ্জ্বল প্ৰদৰ্শন কৰা ছামীক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে। ৩৩ বছৰীয়া ছামীয়ে বিশ্বকাপত মুঠ ৭খন মেচ খেলি ২৪টা উইকেট দখল কৰিছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন ছেমি ফাইনেলত এইগৰাকী সোঁহতীয়া বেগী বলাৰে ৫৭ ৰানত ৭টা উইকেট দখল কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। যিটো বিশ্বকাপৰ ৫০ অভাৰৰ ইতিহাসত এজন ভাৰতীয় বলাৰৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ উইকেট অভিলেখ। এই প্ৰতিযোগিতাত ছামীয়ে ৩ বাৰকৈ ৫টা উইকেট দখল কৰে। ইয়াৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ছামীক সাক্ষাত কৰে। তেওঁ ছামীৰ জন্ম গাঁও আমৰোহাত এখন ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰিছিল।

ফাইনেলত পৰাস্ত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰিকেট দলৰ ড্ৰেছিং ৰুমত দলৰ সদস্যসকলক সান্ত্বনা দিবলৈ গৈ ছামীক সাৱতি ধৰিছিল আৰু সেই ভিডিঅ’ ভাইৰেল হৈছিল। 

পাছত ছামীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল। ইয়াৰ উপৰিও শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি ছামীক প্ৰশংসা কৰিছিল। তেওঁৰ অস্ত্ৰোপচাৰৰ পিছত ছামীৰ আশু আৰোগ্য কামনা কৰিছে। ইয়াৰ পিছতে ছামীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়ক: Dibrugarh Central Jail Superintendent Arrested: খালিস্তানী বিদ্ৰোহীৰে সম্পৰ্ক ৰখাৰ অভিযোগত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -