22 C
Guwahati
Monday, May 6, 2024

Dibrugarh Central Jail Superintendent Arrested: খালিস্তানী বিদ্ৰোহীৰে সম্পৰ্ক ৰখাৰ অভিযোগত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

খালিস্তানী বিদ্ৰোহীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক (Dibrugarh Central Jail Superintendent Arrested)। বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ কৰে। 

কিছুদিন পূৰ্বে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমৃত পাল সিঙৰ কুঠৰিত বহু আপত্তিজনক সামগ্ৰী জব্দ হৈছিল। সেই ঘটনা সংক্ৰান্তত ডিব্ৰুগড় আৰক্ষীয়ে কালি কেন্দ্ৰীয় কাৰাগাৰখনৰ অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ কৰে। তেওঁক বৰ্তমান ডিব্ৰুগড় সদৰ থানাত জেৰা চলাই থকা হৈছে। 

বিগত বৰ্ষৰ এপ্ৰিল মাহত খালিস্তানী বিদ্ৰোহী নেতা অমৃত পাল সিংসহ প্ৰায় ১০ জন নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। বৰ্তমান তেওঁলোক কাৰাগাৰখনত বন্দী হৈ আছে।

কিন্তু যোৱা ১৭ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অমৃত পাল সিঙৰ কুঠৰিত হোৱা অভিযানত কেইবাটাও আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। সেই সামগ্ৰীসমূহৰ ভিতৰত আছিল এটা স্মাৰ্টফোন, এটা কীপেড ফোন, টিভি ৰিমোট, কীবোৰ্ড, স্পাই কেম পেন, পেন ড্ৰাইভ, ব্লুটুথ হেডফোন, স্পীকাৰ আৰু স্মাৰ্ট ৱাটচ।  

এই ঘটনাৰ পাছতেই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীন গ্ৰেপ্তাৰ হোৱা এজন কাৰাবন্দীয়ে কাৰাগাৰৰ ভিতৰত কেনেকৈ এনে সামগ্ৰীসমূহ লাভ কৰিলে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -