22 C
Guwahati
Sunday, May 5, 2024

CID Assam Summons APCC President Bhupen Bora and Debabrata Saikia: ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়ালৈ চি আই ডিৰ চমন; হাজিৰ নহ’লে হ’ব পাৰে গ্ৰেপ্তাৰ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক পুনৰবাৰ চমন (CID Assam Summons APCC President Bhupen Bora and Debabrata Saikia) জাৰি কৰিছে।

ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসমত ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতিৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে দুয়োজন নেতাক উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি প্ৰদেশ কংগ্ৰেছপ সভাপতি ভূপেন বৰাক অহা ৭ মাৰ্চত আৰু দেৱব্ৰত শইকীয়াক ৬ মাৰ্চত হাজিৰ হ’বলৈ কোৱা হৈছে। 

যোৱা ২৩ জানুৱাৰীত বশিষ্ট থানাত ৫৫/২০২৩ নম্বৰত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধিৰ ১২০বি/১৪৩/১৪৭/২৮৩/২৫৩/৩৩২/৩৩৩/১৮৮/৪২৭ ধাৰা আৰু ৰাজহুৱা সম্পত্তি আইন ১৯৮৪ ৰ আৰ/ডব্লিউ ধাৰা ৩ ৰ অধীনত দুয়োজন কংগ্ৰেছ নেতালৈ এই চমন জাৰি হৈছে। 

চি আই ডিয়ে জাৰি কৰা চমন অনুসৰি ভূপেন বৰাক ৭ মাৰ্চৰ দিনৰ ১১.৩০ বজাত আৰু দেৱব্ৰত শইকীয়াক ৬ মাৰ্চৰ দিনৰ ১১ বজাত চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, দুয়োজন নেতালৈ পূৰ্বেও চমন জাৰি হৈছিল। আনকি ভাৰত জোড়ো ন্যয় যাত্ৰাৰ সময়ত প্ৰশাসনৰ নিৰ্দেশ উলংঘাৰ অভিযোগত যোৰহাট থানাত ৰুজু হোৱা গোচৰতো তেওঁকৰ বিৰুদ্ধে চমন জাৰি হৈছিল। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -