35 C
Guwahati
Monday, May 13, 2024

First Candidates list of BJP Announced: বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ; অসমত সৰ্বানন্দ সোণোৱাল, পৰিমল শুক্লবৈদ্যকে ধৰি ১১ প্ৰাৰ্থীৰ নাম ঘোষণা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে (First Candidates list of BJP Announced)। দেশৰ মুঠ ১৮ খন ৰাজ্যৰ ১০০ টা সমষ্টিৰ বাবে আজি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই ১০০ টা সমষ্টিৰ ভিতৰত আছে অসমৰ ১১ টা সমষ্টি। 

এইবাৰৰ নিৰ্বাচনৰ বাবে অসমৰ ডিব্ৰুগড় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ সোণোৱাল ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টিৰ অসম গণ পৰিষদৰ সাংসদ আছিল। ২০০৯ চনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কংগ্ৰেছৰৰ পৱন সিং ঘাটোৱাৰৰ বিৰুদ্ধে পৰাজিত হৈছিল।

লখিমপুৰত বিজেপিয়ে এইবাৰ পুনৰ প্ৰদান বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল অসম বিধান সভালৈ নিৰ্বাচিত হোৱাত তেতিয়া খালী হোৱা লখিমপুৰ সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰদান বৰুৱা নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত ২০১৯ চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা তেওঁ দ্বিতীয়বাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছিল।   

বিজেপিৰ অসমৰ ১১ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা

তেজপুৰ সমষ্টিত বিজেপিয়ে ৰঞ্জিত দত্তক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ৰাজ্যিক বিজেপিৰ একালৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী দত্ত বৰ্তমান বিহালী সমষ্টিৰ বিধায়ক।

যোৰহাট সমষ্টিত দলটোৱে পুনৰ তপন কুমাৰ গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। বৰ্তমানো সাংসদ হৈ থকা গগৈয়ে ২০১৯ চনত প্ৰথমবাৰলৈ সমষ্টিটোৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।

ইপিনে, কলিয়াবৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰিছে কামাখ্যা প্ৰসাদ তাছাই। তাছা বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

একেদৰে, মঙলদৈ সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিছে দিলীপ শইকীয়াই। শইকীয়া বৰ্তমান সমষ্টিটোৰ লোকসভাৰ সাংসদ হৈ আছে। 

এইবাৰ নগাঁও সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিছে কংগ্ৰেছ এৰি নতুনকৈ বিজেপিত যোগ দিয়া নেতা সুৰেশ বৰাই। মাত্ৰ কেইমাহমানৰ পূৰ্বে দলটোত যোগ দিয়া বৰা পূৰ্বে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ পূৰ্বে বঢ়মপুৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে কেইবাবাৰো নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও প্ৰতিবাৰেই পৰাজিত হৈ আছিল। 

ইপিনে, সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকা গুৱাহাটী সংসদীয় সমষ্টিত এইবাৰ সাধাৰণতে লাইমলাইটৰ পৰা আঁতৰত থকা এগৰাকী মহিলা নেত্ৰীয়ে প্ৰাৰ্থীত্ব লাভ কৰিছে। গুৱাহাটী সমষ্টিৰ এই প্ৰাৰ্থীগৰাকীৰ নাম বিজুলি কলিতা মেধী।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত স্বায়ত্ব শাসিত জিলা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰিছে অমৰ সিং টিছ’ই। টিছ’ই বৰ্তমান কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

বৰাক উপত্যকাৰ শিলচৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হ’ব পৰিমল শুক্লবৈদ্য। ঢলাই সমষ্টিৰ বিধায়ক শুক্লবৈদ্য বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী।

ইপিনে, অনুসূচীত জাতিৰ বাবে সংৰক্ষিত সমষ্টি কৰিমগঞ্জত পুনৰ কৃপানাথ মাল্লাই প্ৰাৰ্থীত্ব লাভ কৰিছে। তেওঁ ২০১৯ চনত প্ৰথমবাৰলৈ সমষ্টিটোৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল। 

ইপিনে, বৰ্তমানৰ কেইবাগৰাকীও সাংসদ এইবাৰ টিকটৰ পৰা বঞ্চিত হৈছে। তেওঁলোক ক্ৰমে- ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, স্বায়ত্ব শাসিত জিলা সমষ্টিৰ সাংসদ হৰেণ সিং বে’, শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয় আৰু গুৱাহাটীৰ সাংসদ কুইন ওজা। 

লগতে পঢ়ক: Sarbananda Sonowal vs Lurinjyoti Gogoi: ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল বনাম লুৰীণজ্যোতি গগৈ!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -