37 C
Guwahati
Friday, May 17, 2024

Sarbananda Sonowal vs Lurinjyoti Gogoi: ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল বনাম লুৰীণজ্যোতি গগৈ!

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

সৰ্বানন্দ সোণোৱাল বনাম লুৰীণজ্যোতি গগৈ (Sarbananda Sonowal vs Lurinjyoti Gogoi)! দুটা বেলেগ বেলগ সময়ত সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়া দুজন নেতা। এজন ছাত্ৰ সন্থাৰ এটা সময়ৰ সভাপতি আৰু আনজনে সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত সংগঠনৰ পৰা অব্যাহতি লৈছিল। এই দুই নেতা এতিয়া পৰস্পৰৰ প্ৰতিন্দ্বন্দী হোৱাৰ পথত।

সমাগত লোকসভা নিৰ্বাচনৰ বাবে এতিয়া বহুতৰ দৃষ্টি নিৱদ্ধ হৈ আছে ডিব্ৰুগড় লোকসভা সমষ্টিলৈ। কাৰণ সমষ্টিটোত সমুখ সমৰত নামিব পাৰে আছুৰ একালৰ সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আছু প্ৰাক্তন সাধাৰণ সম্পাদক, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। 

ৰাজ্যসভাৰ সদস্য হিচাপে অসমৰ প্ৰতিনিধি হৈ থকা সৰ্বানন্দ সোণোৱালক বিজেপিয়ে এইবাৰ পুনৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনাই দেখা দিছে। সেয়ে হ’লে ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ সলনি সমষ্টিটোত সোণোৱালক প্ৰাৰ্থীত্ব দিব বুলি চৰ্চা চলি আছে।

ইপিনে, বিৰোধীৰ ১৬ টা ৰাজনৈতিক দলৰ উমৈহতীয়া মৰ্চাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি জানিব পৰা গৈছে। সেয়া আনুষ্ঠানিকভাৱে ৰাজহুৱা নহ’লেও ৰাজনৈতিক মহলত ইয়াক লৈ চৰ্চা চলি আছে। 

যদি সেইদৰে হয়, তেনেহ’লে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ প্ৰত্যক্ষ ৰাজনীতিত যোগ দিয়া দুই নেতা হ’ব পৰস্পৰৰ বিৰোধী। অসমৰ বৃহত ছাত্ৰ সংগঠনটোক দীঘলীয়া সময় নেতৃত্ব দিয়া এই দুয়োগৰাকী নেতাৰে জাতীয় জীৱনত বিশেষ পৰিছয় আছে।

কুখ্যাত আই এম ডি টি আইন বাতিলেৰ ক্ষেত্ৰত লোৱা ভূমিকাৰে অসমৰ ৰাইজৰ অতিকৈ আদৰৰ হৈছিল সৰ্বানন্দ সোণোৱালে। আনহাতে নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বিৰোধী আন্দোলনত লোৱা বলিষ্ঠ আৰু আপোচহীন ভূমিকাৰে ৰাইজৰ সমৰ্থন লাভ কৰিছিল লুৰীণজ্যোতি গগৈয়ে। একেখন মঞ্চৰ পৰা অহা হ’লেও পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দুই নেতা এতিয়া উভয়ে উভয়ৰ বিৰোধী স্থিতিত। 

ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী তালিকা চুড়ান্ত কৰিছে। আগন্তুক দুই এদিনতে শাসকীয় দলটোৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ সম্ভাৱনা আছে। বিৰোধী ঐক্যমঞ্চইও প্ৰাৰ্থিত্ব কেন্দ্ৰীক আলাপ-আলোচনা অব্যাহত ৰাখিছে। গতিকে দুয়োটা পক্ষৰ প্ৰাৰ্থীৰ নাম ৰাজহুৱা হোৱাৰ পাছতেই এই বিষয়টো পৰিস্ফুত হ’ব।

লগতে পঢ়ক: BJP finalises first candidate list: পুৱতি নিশালৈ বৈঠক পাতি ১০০ সমষ্টিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত কৰিলে বিজেপিয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -