37 C
Guwahati
Friday, May 17, 2024

Commercial LPG Cylinder Price Hike: অসমত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

অসমত আজি ১ মাৰ্চৰ পৰা প্ৰযোজ্য হোৱাকৈ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য ২৫ টকাকৈ বৃদ্ধি পাইছে (Commercial LPG Cylinder Price Hike)। ইয়াৰ ফলত গুৱাহাটী তথা কামৰূপ মহানগৰ’ জিলাত ১৯ কেজি ওজনৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ২০০৩.৫ টকা হৈছেগৈ।

জানিব পৰা মতে, বৰাক উপত্যকাৰ জিলাকেইখনত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা দাম দাম সৰ্বাধিক হৈছে। ১৯ কেজিৰ চিলিণ্ডাৰৰ খুচুৰা মূল্য হাইলাকান্দি জিলাত ২২৪৩.৫ টকা, কাছাৰ আৰু কৰিমগঞ্জত ২২৩০ টকালৈ বৃদ্ধি পোৱা বুলি খবৰ পোৱা গৈছে।

একেদৰে অসমৰ পাহাৰীয়া জিলা ডিমা হাচাওত এটা বাণিজ্যিক চিলিণ্ডাৰৰ খুচুৰা মূল্য ২২৫৮ টকালৈ বৃদ্ধি পাইছে।

দাম বৃদ্ধি পোৱাৰ ফলত উজনি  অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত বাণিজ্যিক চিলিণ্ডাৰৰ খুচুৰা মূল্য ১৮৫৩ টকা, শিৱসাগৰত ১৮৪১ টকা, যোৰহাট আৰু গোলাঘাটত ১৮৭৯ টকা হৈছেগৈ।

ইপিনে, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, আৰু শোণিতপুৰ জিলাত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আজিৰ তাৰিখত ২০৩০ টকা হৈছে।

চলিত বৰ্ষত এয়া দ্বিতীয়বাৰৰ বাবে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে অসমত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে যোৱা ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৪ টকাকৈ বৃ্দ্ধি পাইছিল। 

উল্লেখযোগ্য যে, যোৱা ১ ডিচেম্বৰত সমগ্ৰ দেশতে তেল প্ৰতিষ্ঠানসমূহে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ২১ টকা বৃদ্ধি কৰিছিল। কিন্তু নৱবৰ্ষৰ পূৰ্বে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৩৯.৫০ টকাকৈ হ্ৰাস কৰিছিল।

ইফালে অসমত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য একেই আছে। গুৱাহাটীত আজিৰ তাৰিখত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৯৫২ টকা হৈ আছে।

লগতে পঢ়ক: BJP finalises first candidate list: পুৱতি নিশালৈ বৈঠক পাতি ১০০ সমষ্টিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত কৰিলে বিজেপিয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -