28 C
Guwahati
Wednesday, May 8, 2024

BJP finalises first candidate list: পুৱতি নিশালৈ বৈঠক পাতি ১০০ সমষ্টিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত কৰিলে বিজেপিয়ে

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

BJP finalises first candidate list for Lok Sabha Poll 2024: লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী চুড়ান্ত কৰাৰ বাবে বৃহস্পতিবাৰে পুৱতি নিশালৈ চলিল বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক। পৃথকে পৃথকে মুঠ ১৮ খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ সৈতে এই বৈঠক অনুষ্ঠিত হ’ল।

বৃহস্পতিবাৰে নতুন দিল্লীৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত পুৱতি নিশা প্ৰায় তিনি বজালৈ চলা এই বৈঠকত ১৮ খন ৰাজ্যৰ মুঠ ১০০ টা সমষ্টিৰ প্ৰাৰ্থী চুড়ান্ত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ভিতৰতে আছে অসমৰ ১১ টা সমষ্টিও।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ নিৰ্বাচন সমিতিৰ সদস্যসকলৰ উপস্থিতিত প্ৰতিখন ৰাজ্যৰ প্ৰাৰ্থী চুড়ান্ত হয়। প্ৰতিখন ৰাজ্যৰ বিজেপিৰ নেতৃত্বই নিৰ্বাচন সমিতিৰ সন্মুখত পৃথকে পৃথকে সমষ্টিসমূহৰ যোগ্যতাসম্পন্ন প্ৰাৰ্থী আৰু নিৰ্বাচনী কৌশল সম্পৰ্কে প্ৰতিবেদন উপস্থাপন কৰে। 

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা প্ৰমুখ্যে কালি নতুন দিল্লীলৈ যোৱা অসম বিজেপিৰ নিৰ্বাচনী সমিতিয়ে কালি নিশা ১২.০০ বজাৰ পাছতহে কেন্দ্ৰীয় নেতৃত্বক সাক্ষাত কৰে। মাজনিশা কেন্দ্ৰীয় নেতৃত্ব আৰু অসমৰ নেতৃত্বৰ মাজত হোৱা বৈঠকৰ অন্তত অসমৰ ১১ টা সমষ্টিৰ প্ৰাৰ্থী ইতিমধ্যে চুড়ান্ত হৈছে বুলি জানিব পৰা গৈছে। 

অৱশ্যে অসমৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আজি ঘোষণা হোৱাৰ সম্ভাৱনা আছে। এই পাঁচটাৰ ভিতৰত গুৱাহাটী, শোণিতপুৰ, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থীৰ নাম আজি ঘোষণা হ’ব পাৰে। বাকী ছটা সমষ্টিৰ প্ৰাৰ্থী তালিকা পৰৱৰ্তী সময়ত ঘোষণা হোৱাৰ সম্ভাৱনা আছে। সেই ছটা সমষ্টিত বিৰোধীয়ে কাক প্ৰক্ষেপ কৰে হয়তো সেয়াও চালিজাৰি চাব পাৰে শাসকীয় দলটোৱে।

উল্লেখযোগ্য যে, অসমৰ মুঠ ১৪ টা সমষ্টিৰ ভিতৰত বিজেপিয়ে নিজে ১১ প্ৰতিদ্বন্দ্বিতা কৰি তিনিটা সমষ্টি মিত্ৰদল অগপ আৰু ইউ পি পি এলক এৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। সেই অনুসৰি ইউ পি পি এলে কোকৰাঝাৰ সমষ্টিত আৰু অসম গণ পৰিষদে বৰপেটা আৰু ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰোতো নিশ্চিত হৈছে।

লগতে পঢ়ক: BJP-AGP-UPPL seat sharing for Lok Sabha Election 2024: মিত্ৰজোঁটৰ আসন বুজাবুজি চুড়ান্ত: অগপ-ইউ পি পি এলক তিনিখন আসন দি ১১ খনত বিজেপি অকলেই

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -