31 C
Guwahati
Wednesday, May 15, 2024

BJP-AGP-UPPL seat sharing for Lok Sabha Election 2024: মিত্ৰজোঁটৰ আসন বুজাবুজি চুড়ান্ত: অগপ-ইউ পি পি এলক তিনিখন আসন দি ১১ খনত বিজেপি অকলেই

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

লোকসভা নিৰ্বাচনৰ বাবে বিজেপি-অগপ-ইউ পি পি এল মিত্ৰজোঁটৰ বহু আকাংক্ষিত আসন বুজাবুজি (BJP-AGP-UPPL seat sharing for Lok Sabha Election 2024) ইতিমধ্যে সম্পন্ন হৈছে। অগপ আৰু ইউ পি পি এল নেতৃত্বৰ সৈতে হোৱা পৃথক পৃথক বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।

বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সৈতে এক  বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত সংবাদমেল পাতি মুখ্যমন্ত্ৰীয়ে আসন বুজাবুজি সন্দৰ্ভত সকলো কথা ৰাজহুৱা কৰে। 

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি এইবাৰৰ নিৰ্বাচনৰ বাবে ইউ পি পি এল দলক কোকৰাঝাৰ লোকসভা সমষ্টিটো বিজেপিয়ে এৰি দিছে। দলটোৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে হোৱা বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বৈঠকৰ অন্তত এই কথা চুড়ান্ত হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিছে। 

একেদৰে, আনটো মিত্ৰদল অসম গণ পৰিষদক বিজেপিয়ে এইবাৰ বৰপেটা আৰু ধুবুৰী সমষ্টি এৰি দিছে। অগপই প্ৰথমতে তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও পাছত দুটা সমষ্টিতে সৈমান হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। 

উল্লেখযোগ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত অগপই তিনিটা সমষ্টি ক্ৰমে- কলিয়াবৰ, ধুবুৰী আৰু বৰপেটাত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তিনিওটা সমষ্টিতে পৰাজিত হৈছিল।

এইবাৰ অগপক দুটা আৰু ইউ পি পি এলক এটা সমষ্টি এৰি দি  ১১ টা সমষ্টিত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৱশ্যে কোনো এটা দলৰে কোন সমষ্টিত কোন প্ৰাৰ্থী হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

ইপিনে, আজি বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী ড০ শৰ্মা দিল্লীলৈ উৰা মাৰিছে। আজি নিশাই নতুন দিল্লীত সমষ্টিসমূহ প্ৰাৰ্থী সম্পৰ্কে বিজেপিৰ শীৰ্ষ নেতৃত্বৰে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: Assam Congress Ex-Working President Rana Goswami joins BJP: বাজপেয়ী ভৱনত ৰাণা গোস্বামীৰ বিজেপিত যোগদান

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -