24 C
Guwahati
Monday, April 29, 2024

Assam Congress Ex-Working President Rana Goswami joins BJP: বাজপেয়ী ভৱনত ৰাণা গোস্বামীৰ বিজেপিত যোগদান

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Rana Goswami joins BJP: অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে অৱশেষত বিজেপিত যোগদান কৰিলে।

বৃহস্পতিবাৰে অসম বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাণা গোস্বামীয়ে বিজেপিত যোগ দিয়ে। এই যোগদান অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পিযুষ হাজৰিকও উপস্থিত থাকে।

বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপাললৈ পত্ৰ প্ৰেৰণ কৰি ৰাণা গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি তথা দলটোৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছ দলৰ উজনি অসমৰ দায়িত্বৰ পৰা অব্যাহিত লৈছিল। 

লগতে পঢ়ক: APCC Working President Rana Goswami resigns: কংগ্ৰেছক মোক্ষম আঘাত দি এইবাৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ পদত্যাগ

ৰাণা গোস্বামীৰ কংগ্ৰেছ ত্য়াগৰ বিষয়টোৱে ৰাজনৈতিক মহলৰ লগতে সংবাদ মাধ্যমত যথেষ্ঠ চৰ্চা লাভ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্য়েষ্ঠ নেতা তথা যোৰহাট সমষ্টিৰ দুবাৰৰ বিধায়ক ৰাণা গোস্বামীৰ পদত্যাগ দলটোৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। 

ৰাণা গোস্বামীৰ বিজেপিত যোগদানৰ পাছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আন এগৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে। 

শিকাদৰে কয়, “যিজন ৰাণা গোস্বামী এজন সাধাৰণ কংগ্ৰেছ কৰ্মী আছিল, তেওঁক কংগ্ৰেছে জিলা পৰিষদৰ সদস্য বনালে, জিলা পৰিষদৰ অধ্যক্ষ বনালে, বিধায়ক বনালে, যিজনক সংসদীয় কমিটীৰ অধ্যক্ষ বনালে, যিজনক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকৰ দায়িত্ব দিলে, আন ৰাজ্যৰ দায়িত্ব দিলে, যিজনক নিৰ্বাচনত হৰাৰ পাছতো প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিলে। সেইজন ৰাণা গোস্বামীয়ে দলক গাড্ডাৰ কৰিলে। ৰাণা গোস্বামীক লৈ ক’বলৈ মোৰ ভাষা নাই। দলটোৰ প্ৰতি কৰ্মীসকলৰ এতিয়াও আনুগত্য আছে”।

ইপিনে, যোৰহাট বিধান সভা সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা ৰাণা গোস্বামীয়ে বিজেপিত যোগদানৰ পাছত তেওঁৰ সমষ্টি কি হ’ব তাক লৈও চৰ্চা চলিছে। যোৰহাট সমষ্টিটো সম্প্ৰতি বিজেপিৰ দখলত আছেই। সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামী। গতিকে ৰাণা গোস্বামী ক’ত সংস্থাপিত হ’ব সেয়াও এটা চিন্তনীয় বিষয়।

স্মৰ্তব্য যে, যোৰহাটৰ বৰ্তমানৰ বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামীয়ে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ এক খবৰ প্ৰকাশ পাইছিল। যদি সেয়া সঁচা হয় তেনেহ’লে ৰাণা গোস্বামীৰ নিজৰ ঠিকনা আকৌ গজগজীয়া হ’ব। কিন্তু যদি সেয়া নহয় তেনেক্ষেত্ৰত তেওঁ তিতাবৰ বা টিয়ক এই দুই সমষ্টিৰ কোনো এটালৈ ঢাপলি মেলিব পাৰে বুলি চৰ্চা চলি আছে।  অৱশ্যে সেয়া পৰিস্ফুত হ’বলৈ আৰু কিছু সময় লাগিব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -