27 C
Guwahati
Wednesday, May 15, 2024

APCC Working President Rana Goswami resigns: কংগ্ৰেছক মোক্ষম আঘাত দি এইবাৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ পদত্যাগ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

APCC Working President Rana Goswami resigns from party: ইজন, সিজনকৈ এইবাৰ ৰাণা গোস্বামী। বহু চৰ্চা, বা-বাতৰিৰ অন্ত পেলাই এইবাৰ দল এৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে। 

বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপাললৈ পত্ৰ প্ৰেৰণ কৰি গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি তথা কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলে। অহা মাৰ্চত তেওঁ বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে। 

দুদিনৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ উজনি অসমৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল। তেওঁ ৰাজনৈতিক কাৰণত এই দায়িত্ব এৰা বুলি ঘোষণা কৰিছিল। 

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছত তেওঁ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা সাক্ষাত কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পাছতেই তেওঁ বিজেপিত যোগদান কৰাতো নিশ্চিত কৰিব বুলি জানিব পৰা গৈছে।

ইপিনে, ৰাণা গোস্বামীৰ পদত্যাগৰ পাছতেই অসম কংগ্ৰেছত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। তেওঁ দলৰ মাজত চলি থকা অসন্তুষ্টিৰ বাবে দল ত্যাগ কৰাৰ কথা প্ৰকাশ পালেও প্ৰকৃততে ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰিহে দল এৰা বুলি কেইবাজনো কংগ্ৰেছ নেতাই মন্তব্য কৰিছে।

ৰাণা গোস্বামীৰ পদত্যাগ সন্দৰ্ভত অসম প্ৰদেশ মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা গোস্বামীয়ে কয়, “ৰাণা গোস্বামীৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক বহুদিনীয়া। মুখ্যমন্ত্ৰীয়ে যে কয় ৰাজীৱ ভৱনৰ পৰা খবৰ পায়, এইসকল নেতাই সেই খবৰবোৰ দি থাকে। আমাৰ সভাপতি ভূপেন বৰাৰ লগত কিবা লাগি গৈছে, সেইবোৰ নিমিত্তহে মাত্ৰ, আচলতে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা সম্পৰ্কৰ বহিঃপ্ৰকাশ এতিয়া কৰিছে”।

ৰাণা গোস্বামীৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ গৌৰৱ গগৈয়েও। তেওঁ কৈছে এইদৰে নেতাৰ দলত্যাগে কংগ্ৰেছক ক্ষতি নকৰে।

কিন্তু বিপৰীত মন্তব্য প্ৰদান কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে তেওঁৰ দলত্যাগ দলৰ বাবে ক্ষতি। কিন্তু ৰাণা গোস্বামীয়ে বিজেপিৰ ‘ৱাচিং মেছিন’ চাফা হ’বলৈ গৈছে নেকি সেয়া পাছতহে দেখা যাব বুলি দেৱব্ৰত শইকীয়াই মন্তব্য কৰে। 

উল্লেখযোগ্য যে, কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে যোৰহাট বিধান সভা সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে। ২০২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তেওঁক কাৰ্যকৰী সভাপতি পদত নিযুক্তি দিছিল। 

এইদৰে, লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ বিপৰ্যয়ে যেন লগ এৰা নাই কংগ্ৰেছক। প্ৰদেশ কংগ্ৰেছৰ তিনি কাৰ্যকৰী সভাপতিৰ ভিতৰত কমলাক্ষ দে পুৰকায়স্থই ইতিমধ্যে বিজেপিৰ চৰকাৰলৈ মুকলি সমৰ্থ আগবঢ়াইছে। এইবাৰ দল এৰিলে আন এগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে। 

বিজেপিৰ দাবী অনুসৰি আৰু কেইবাজনো কংগ্ৰেছ নেতা গেৰুৱা দলত যোগদানৰ বাবে সাজু হৈ আছে। একেই দাবী কৰি আছে অসম গণ পৰিষদেও এতিয়া এই থৰক-বৰক অৱস্থাৰে এতিয়া নিৰ্বাচনী যুঁজৰ বাবে দলটো কেনেদৰে সাজু হয় সেয়া আগন্তুক দিনবোৰত লক্ষণীয় হ’ব।    

লগতে পঢ়কঃ Minister Nandita Garlosa: হঠাৎ দিল্লীলৈ মন্ত্ৰী নন্দিতা গাৰ্লোচা; লোকসভাৰ প্ৰাৰ্থীত্বক লৈ চৰ্চা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -