37 C
Guwahati
Friday, May 17, 2024

Minister Nandita Garlosa: হঠাৎ দিল্লীলৈ মন্ত্ৰী নন্দিতা গাৰ্লোচা; লোকসভাৰ প্ৰাৰ্থীত্বক লৈ চৰ্চা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

লোকসভা নিৰ্বাচনক লৈ কুচকাৱাজ চলি থকাৰ মাজতেই হঠাত দিল্লীলৈ যাবলগীয়া হৈছে অসমৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা (Minister Nandita Garlosa)। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰী গাৰ্লোচাক দিল্লীলৈ মাতি নিয়া বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি বুধবাৰে পুৱা দিল্লীলৈ ৰাওনা হৈছে মন্ত্ৰী নন্দিতা গাৰ্লোচা। মন্ত্ৰীগৰাকীক এইদৰে দিল্লীলৈ মাতি নিয়াৰ পাছতেই স্বাভাৱিকতেই চৰ্চা হৈছে- লোকসভাৰ প্ৰাৰ্থী হ’ব পাৰে নন্দিতা গাৰ্লোচা। 

কাইলৈ অৰ্থাত বৃহস্পতিবাৰে অসমৰ ১২ টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি নিৰ্বাচনী সমিতিৰ সদস্যসকল নতুন দিল্লীলৈ গৈ বাহৰ পাতিছে। 

একেখিনি সময়তে নন্দিতা গাৰ্লোচাকো দিল্লীলৈ মাতি নিয়াৰ বিষয়টোৱে তেওঁক প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত বহন কৰিছে। যদি সেয়াই হয়, তেনেহ’লে ডিফু হ’ব পাৰে তেওঁ প্ৰাৰ্থীত্ব লাভ কৰিবলগীয়া সংসদীয় সমষ্টি।

২০২১ চনত ডিমা হাচাওৰ হাফলং সমষ্টিৰ পৰা পোন প্ৰথমবাৰৰ বাবে অসম বিধান সভালৈ নিৰ্বাচিত হোৱা নন্দিতা গাৰ্লোচাই ২০২২ চনত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান লাভ কৰিছিল। তেওঁ বৰ্তমান অসম চৰকাৰৰ শক্তি, যুৱ পৰিক্ৰমা, সমন্বয়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস (কেৱল প্ৰত্নতত্ব সঞ্চালকালয়ত) বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 

লগতে পঢ়ক: Temporary Ban on Patanjali Medicine Ads: কঠোৰ উচ্চতম ন্যায়ালয়; ৰামদেৱৰ পতঞ্জলিয়ে দিব নোৱাৰিব ঔষধৰ বিজ্ঞাপন

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -