24 C
Guwahati
Thursday, May 9, 2024

Temporary Ban on Patanjali Medicine Ads: কঠোৰ উচ্চতম ন্যায়ালয়; ৰামদেৱৰ পতঞ্জলিয়ে দিব নোৱাৰিব ঔষধৰ বিজ্ঞাপন

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Temporary Ban on Patanjali Medicine Ads: যোগ গুৰু ৰামদেৱ মালিকানাধীন পতঞ্জলি আয়ুৰ্বেদ আৰু ইয়াৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণক সামগ্ৰীৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে দিয়া নিৰ্দেশ উলংঘা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে অৱমাননাৰ জাননী জাৰি কৰে।

মঙলবাৰে এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত পতঞ্জলিক ঔষধৰ বিজ্ঞাপন দিয়াৰ পৰাও বিৰত থাকিবলৈ নিৰ্দেশ দিছে। অহা ১৫ মাৰ্চত উচ্চতম ন্যয়ালয়ে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। 

‘এলোপেথীৰ বিৰুদ্ধে ভুল তথ্য’ সন্দৰ্ভত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন (আইএমএ)ৰ আবেদনৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে পতঞ্জলিৰ সংঘবদ্ধ সংস্থাটোৰ বিৰুদ্ধে এই নিৰ্দেশনা জাৰি কৰে।

এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাই কয়, “বিভ্ৰান্তিকৰ বিজ্ঞাপন একেবাৰেই সহ্য কৰিব নোৱাৰি”।

 ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ হৈ জ্যেষ্ঠ অধিবক্তা পি এছ পাটোৱালিয়াই কয় যে পতঞ্জলিয়ে যোগৰ সহায়ত ডায়েবেটিছ আৰু হাঁপানী ৰোগ ‘সম্পূৰ্ণ নিৰাময়’ কৰাৰ দাবী কৰিছিল। 

এই প্ৰতিষ্ঠানটোৱে Covid-19 টিকাকৰণৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ কথাৰে অভিযান চলাইছিল বুলি ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে অভিযোগ কৰিছিল। যোৱা বছৰৰ নৱেম্বৰ মাহত দাখিল কৰা অভিযোগৰ ভিত্তিত ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে কেন্দ্ৰক এই বিষয়ত আলোচনা তথা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ সৈতে মোকাবিলা কৰিবলৈ পৰামৰ্শ প্ৰদানৰ আহ্বান জনাইছিল।

আজি নিৰ্দেশনা জাৰি কৰি বিচাৰপীঠখনে কয়, “পতঞ্জলি আয়ুৰ্বেদৰ সকলো মিছা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন তৎক্ষণাৎ বন্ধ হ’ব লাগিব। এই আদালতে এনে ধৰণৰ উলংঘনক অতি গুৰুত্বসহকাৰে ল’ব, আৰু যিবোৰ সামগ্ৰী সন্দৰ্ভত মিছা দাবী কৰা হয় যে ই এটা নিৰ্দিষ্ট ৰোগ নিৰাময় কৰিব পাৰে, তেনে প্ৰতিটো সামগ্ৰীৰ ওপৰত ১ কোটি টকালৈকে ব্যয় আৰোপ কৰাৰ বিষয়ে বিবেচনা কৰিব”। 

কোভিড-১৯ মহামাৰীৰ সময়ত এলোপেথিক ঔষধৰ ব্যৱহাৰৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে ৰামদেৱৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু কৰিছিল। ইয়াৰ পাছতেই ৰামদেৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। এই সন্দৰ্ভত উচ্চতম ন্যয়ালয়ে যোৱা ৯ অক্টোবৰত কেন্দ্ৰ আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনক গোচৰ বাতিল কৰাৰ আবেদনৰ ওপৰত জাননী জাৰি কৰিছিল।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ আবেদনৰ ভিত্তিত ৰামদেৱৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮, ২৬৯, ৫০৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। 

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ অভিযোগ অনুসৰি ৰামদেৱে চিকিৎসা ক্ষেত্ৰই ব্যৱহাৰ কৰা ঔষধৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ভুৱা তথ্য প্ৰচাৰ কৰিছিল। 

লগতে পঢ়ক: Assam Healing Practices Bill গৃহীত; কিন্তু সদনত প্ৰশ্ন- মুখ্যমন্ত্ৰীৰ হাতত ৰচি, আঙুলিত গ্ৰহ-ৰত্ন কিয়?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -