37 C
Guwahati
Friday, May 17, 2024

Assam Healing Practices Bill গৃহীত; কিন্তু সদনত প্ৰশ্ন- মুখ্যমন্ত্ৰীৰ হাতত ৰচি, আঙুলিত গ্ৰহ-ৰত্ন কিয়?

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

অসমৰ বিজেপি চৰকাৰে এফালে Assam Healing Practices Bill আনি ৰাজ্যখনত বেজ-বেজালিক অবৈধ ঘোষণা কৰাৰ পোষকতা কৰিছে। আনফালে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই নিৰাময় প্ৰথাৰ আশ্ৰয় লৈছে নেকি এনে এক প্ৰশ্নৰ উত্থাপন হ’ল অসম বিধান সভাত। 

সোমবাৰে অসম বিধান সভাৰ অন্তিম দিনা সদনত অসম নিৰাময় (অশুভ প্ৰতিৰোধ) প্ৰথা বিধেয়ক, ২০২৪ (The Assam Healing (Prevention of Evil) Practices Bill, 2024)ক সন্দৰ্ভত আলোচনা চলে। এই বিধেয়কত  এক সংশোধনী প্ৰস্তাৱ আনি সদনত এনে এক প্ৰশ্ন উত্থাপন কৰিলে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে।  

অখিল গগৈৰ প্ৰশ্ন, “আমাৰ মুখ্যমন্ত্ৰীৰ হাতত বহু ৰঙা ৰচি আৰু আঙুলিত কেইবাটাও গ্ৰহ-ৰত্ন আছে, সেইবোৰ এই আইনৰ অধীনত বন্ধ হ’ব নে নহ’ব?”

অখিল গগৈৰ এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “এয়া মই কাকো শোষণ কৰিবলৈ পিন্ধা নাই, বৰং মোৰ নিজৰ কল্যানৰ বাবে পিন্ধিছো, যাতে মই আপোনাৰ ক’লা দৃষ্টিৰ পৰা মই বাচি থাকিব পাৰো। এইটো এই আইনত নপৰে। যেতিয়া মোৰ ন বছৰীয়া সন্তানলৈ কোনোবাই এৰি নিদিয়ে, তেতিয়া মইটো কিবা দৈৱিক শক্তিৰ সহায় ল’ব লাগিব”। 

তেওঁ লগতে কয় যে নিৰাময় প্ৰথাত যদি অসৎ উদ্দেশ্য নাথাকে তেতিয়া সেয়া এই আইনৰ আওতাত নপৰে। কিন্তু যদি এনে নিৰাময় প্ৰথা যাৰ কানো বিজ্ঞানসন্মত দৃষ্টিভংগী নাথাকে আৰু তাৰ জৰিয়তে কোনোৱে ধন সংগ্ৰহ কৰে সেয়া আইনখনৰ আওতাত অবৈধ বুলি গণ্য হ’ব।

মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যৰ মাজতে অখিল গগৈক কটাক্ষ কৰি কয়, “নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলীৰ মাজত পাৰ্থক্য থাকিব লাগে”। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতেই ধ্বনি ভোটৰ জৰিয়তে অখিল গগৈয়ে অনা সংশোধনী প্ৰস্তাৱ নাকচ কৰা হয়। 

উল্লেখযোগ্য যে, অসম বিধান সভাৰ এইবাৰৰ বাজেট অধিবেশনত চৰকাৰে ‘অসম নিৰাময় (অশুভ প্ৰতিৰোধ) প্ৰথা বিধেয়ক, ২০২৪’ উত্থাপন কৰে। মুখ্যমন্ত্ৰী হৈ যোৱা ২১ ফেব্ৰুৱাৰীত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই সদনত এই বিধেয়কখন উত্থাপন কৰে। 

আজি এই বিধেয়কখনৰ ওপৰত অহা সংশোধনী প্ৰস্তাৱসমূহৰ ওপৰত আলোচনা হয়। শেষত বিধেয়কখন গৃহীত হয়। এতিয়া ৰাজ্যপালৰ অনুমোদনৰ পাছতেই বিধেয়কখন আইনত পৰিণত হ’ব। এই আইনৰ জৰিয়তে অসমত বেজ-বেজালিৰ নামত চলা অসৎ উদ্দেশ্য আদিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। 

লগতে পঢ়ক: দায়িত্বৰ অব্যাহতি বিচাৰিলে Rana Goswami-য়ে, অসম প্ৰদেশ কংগ্ৰেছত হাহাকাৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -