31 C
Guwahati
Monday, May 13, 2024

Namrup OC commits suicide, woman injured: মাজনিশা মহিলাক গুলিয়াই নামৰূপৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

Namrup OC commits suicide: শুকুৰবাৰৰ মাজনিশাৰ ডিব্ৰুগড়ৰ লাহোৱাল অঞ্চলত এটা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। এগৰাকী মহিলাক গুলিবিদ্ধ কৰি এগৰাকী আৰক্ষী বিষয়াই চৰম পন্থা বাচি লৈছে।

শুকুৰবাৰে নিশা প্ৰায় দুই বজাত নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাই নিজৰ চাৰ্ভিচ পিষ্টলেৰে লাহোৱালৰ ৰংপুৰীয়া গাঁৱৰ মহিলাগৰাকীক গুলিয়ায় আহত কৰে। মহিলাগৰাকীৰ বুকুত দুটাকৈ গুলি লগাৰ পাছত বিষযাগৰাকীয়ে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰে। 

গুলিবিদ্ধ হোৱা মহিলাগৰকীৰ নাম বিষ্ণুপ্ৰিয়া লাহন গগৈ। তেওঁ বৰ্তমান সংকতজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিত্সা মহাবিদ্যালয় চিক্ত্সালয়ত চিকিত্সাধীন হৈ আছে। মহিলাগৰাকীয়ে স্বামী আৰু দুটি সন্তানৰ সৈতে তাত বসবাস কৰিছিল। ঘটনাৰ সময়ত মহিলাগৰাকীৰ স্বামী আৰু সন্তান দুটি ঘৰতেই আছিল বুলি জানিব পৰা গৈছে।

ইপিনে, ভাৰপ্ৰাপ্ত বিষয়া অনুপম গগৈৰ ঘৰ বোকাখাতৰ কাকচাঙত বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে, দুবছৰৰ পূৰ্বে অনুপম গোৱালা লাহোৱাল থানাত কৰ্মৰত আছিল। সেই সময়তে মাটি-বাৰী সম্পৰ্কীয় এটা গোচৰৰ জৰিয়তে এই মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে তেওঁ এটা সু-সম্পৰ্ক গঢ়ি উঠিছিল। লগতে বিষয়াগৰাকীয়ে প্ৰায়ে মহিলাগৰাকীৰ ঘৰলৈ আহিছিল বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।

লাহোৱালৰ পৰা অনুপম গোৱালা নামৰূপ থানালৈ বদলি হৈ গৈছিল যদিও তেওঁলোকৰ সম্পৰ্ক ঠিকেই আছিল। কিন্তু যোৱা নিশা নামৰূপৰ পৰা প্ৰায় ৭০ কি.মি. পথ অতিক্ৰম কৰি তেওঁ লাহোৱাললৈ আচলতে কিয় আহিছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।  

ঘটনাৰ পাছতেই নিশা আহত বিষ্ণুপ্ৰিয়া লাহন গগৈক ততাতৈয়াকৈ চিকিত্সালয়লৈ প্ৰেৰণ কৰা হয়। 

এই ঘটনাৰ পাছতেই লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে আৰক্ষীয়ে অনুপম গোৱালাৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈছে। 

লগতে পঢ়ক: Sarbananda Sonowal vs Lurinjyoti Gogoi: ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল বনাম লুৰীণজ্যোতি গগৈ!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -