27 C
Guwahati
Sunday, April 28, 2024

BJP leader Ashok Sharma expressed dissatisfaction: মই পৰিকল্পিত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’লো: অগপক বৰপেটা এৰি দিয়াত অসন্তুষ্ট অশোক শৰ্মা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

BJP leader Ashok Sharma expressed dissatisfaction: লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আসনক কেন্দ্ৰ কৰি অসম বিজেপিৰ ভিতৰচ’ৰাত এতিয়া তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। বৰপেটা লোকসভা সমষ্টিক কেন্দ্ৰ কৰি এগৰাকী পুৰণি বিজেপি নেতাৰ মুখেৰে এই অসন্তুষ্টি ব্যক্ত হৈছে।

সমাগত লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা সংসদীয় সমষ্টিটো বিজেপিয়ে অসম গণ পৰিষদক এৰি দিছে। ইয়াৰ পাছতেই অসন্তুষ্ট হৈ পৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা পুৰণি বিজেপি নেতা অশোক শৰ্মা। 

দলৰ বেয়া দিনত কষ্টৰে বিজেপিক আগবঢ়াই দিনাৰ বাবে অহোপুৰুষাৰ্থ কৰা অশোক এইবাৰ বৰপেটা সমষ্টিৰ বাবে বিজেপিৰ টিকটৰ অন্যতম দাবীদাৰ আছিল। কিন্তু এই সমষ্টিটো মিত্ৰদল অগপক এৰি দিয়াৰ লগে লগে তেওঁৰ সংসদলৈ যোৱাৰ পথ বন্ধ হৈ পৰাতো নিশ্চিত হ’ল। 

বিজেপিৰ নিৰ্বাচন কেন্দ্ৰীক এই সিদ্ধান্তৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখত অশোক শৰ্মাই ইতিমধ্যে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে।

শৰ্মাই কয়, “মই পৰিকল্পিত ৰাজনৈতিক ষড়যন্ত্ৰ বলি হ’লো। ২০২১ ত কাৰোবাৰ অংক নিমিলিব বুলি ভয়তেই মোক প্ৰাৰ্থীত্ব নিদিলে, এইবাৰো তেনেকুৱাই। এইবাৰ বৰপেটা সমষ্টিতো বিজেপিয়ে নিজৰ হাতত ৰাখিলে মই টিকট পোৱাটো নিশ্চিত আছিল। গতিকে মই সাংসদ হৈ দিল্লীলৈ গ’লেই কাৰোবাৰ ক্ষতি হোৱাৰ ভয়তেই বৰপেটা সমষ্টিটো অগপক এৰি দিছে”।

তেওঁ লগতে কয় যে এটা কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত যোগ্যতা থকা স্বত্তেও তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হৈছিল। আনকি দলৰ এক সমীক্ষাতো তেওঁ নলবাৰী সমষ্টিৰ বৰ্তামানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাতকৈ অধিক নম্বৰ পাইছিল।

অশোক শৰ্মাই বৰ্তমানৰ চৰকাৰখনকো সমালোচনা কৰা দেখা গ’ল। তেওঁ কয়, “আজি চৰকাৰৰ যিটো স্বৰূপ, এই স্বৰূপটোত মানুহ ভীতিগ্ৰস্ত হৈছে। এয়া গণতন্ত্ৰৰ প্ৰক্ৰিয়া নেকি?”

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈয়ে কয় যে চৰকাৰৰ মুৰব্বীজনৰ কথা-কামে শিক্ষিত তথা মধ্যবিত্ত শ্ৰেণীটোক বিতুষ্ট কৰিছে। 

তেওঁ আনকি ক্ষমতাৰ লোভত কংগ্ৰেছৰ মানুহ আহি বিজেপি ভৰি পৰা তথা সেইসকলে ষড়যন্ত্ৰ কৰি থকাৰ কথাও আক্ষেপেৰে কয়। লগতে সেইসকল ষড়যন্ত্ৰকাৰী এদিন নিঃশেষ হৈ যাব আৰু ভাল দিনৰ বাবে আশাৰে বাট চাব বুলিও তাতপৰ্যপূৰ্ণ মন্তব্য কৰে। 

উল্লেখযোগ্য যে, প্ৰৱীন বিজেপি নেতা অশোক শৰ্মাই পূৰ্বেও দলটোৰ পুৰণি কৰ্মীসকল এতিয়া দলৰ মজিয়া একাসৰীয়া হোৱা বিষয় লৈ ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁৰ লগতে ৰাজেন গোহাঁই, ৰমেণ ডেকা আদি পুৰণি বিজেপি নেতা সকলেও অসন্তোষ প্ৰকাশ কৰিছিল।

অৱশ্যে, এইবাৰ দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ’লেও তেওঁ দলৰ বিৰুদ্ধাচাৰণ নকৰে বুলি স্পষ্ট কৰি দিয়ে। আগন্তুক নিৰ্বাচনত দলে যি দায়িত্ব দিয়ে সেয়া নিষ্ঠাসহকাৰে কৰি যাব বুলিও তেওঁ কয়। 

লগতে পঢ়ক: BJP finalises first candidate list: পুৱতি নিশালৈ বৈঠক পাতি ১০০ সমষ্টিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত কৰিলে বিজেপিয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -