22 C
Guwahati
Sunday, May 5, 2024

Congress declares first list of Candidates: কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ: দ্বিতীয়বাৰলৈ ৱায়ানাডৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছে অৱশেষত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে (Congress declares first list of Candidates)। কেইবাখনো ৰাজ্যৰ মুঠ ৩৯ টা সমষ্টিৰ প্ৰাৰ্থী ঘোঘণা কৰি প্ৰকাশ কৰা এই তালিকাখনত আছে ৰাহুল গান্ধীৰো নাম। অৱশ্যে লোকসভা নিৰ্বাচন ২০২৪ ৰ কংগ্ৰেছৰ প্ৰথম তালিকাখনত নাই অসমৰ কোনো সমষ্টিৰ নাম।  

শুকুৰবাৰে বিয়লি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত জাননীৰ জৰিয়তে কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন তালিকা প্ৰকাশ কৰে। 

এই তালিকা অনুসৰি সাংসদ ৰাহুল গান্ধীয়ে এইবাৰো কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব। শেহতীয়াভাৱে গান্ধীয়ে পূৰ্বৰ সমষ্টি উত্তৰ প্ৰদেশৰ আমেথিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি চৰ্চা চলি আছিল। হয়তো, কংগ্ৰেছৰ পৰৱৰ্তী তালিকাত সেয়া প্ৰকাশ পাব পাৰে।

ৰাহুল গান্ধীৰ উপৰিও আন কেইবাগৰাকীও হাইপ্ৰফাইল নেতাৰ নাম এই তালিকাত আছে। তেওঁলোক ক্ৰমে- কেৰালাৰ থিৰুৱনন্তপুৰমৰ পৰা শশী থাৰুৰ, আলাপ্পুজাৰ পৰা কে চি বেণুগোপাল, ছত্তিশগড়ৰ ৰাজনান্দগাঁৱৰ পৰা ভূপেশ বাঘেল ইত্যাদি। 

কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

এই তালিকাখনত উত্তৰ-পূবৰ মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড আৰু চিকিমৰ সমষ্টিসমূহৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ পাইছে, কিন্তু অসমৰ কোনো এটা সমষ্টিৰে প্ৰাৰ্থীৰ নাম প্ৰকাশ পোৱা নাই। অৱশ্যে দ্বিতীয় তালিকাত এই তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।  

লগতে পঢ়ক: PM Narendra Modi Arrives Assam: প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনত উত্তৰ-পূবত কি কি কৰিব?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -