32 C
Guwahati
Wednesday, May 15, 2024

Buldhana 2 Bus Accident: চৰণেহে জানে মৰণৰ ঠাই! অমৰনাথ যাত্ৰা কৰি ঘৰলৈ উভতিছিল; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ২খন বাছৰ প্ৰচণ্ড খুন্দাত ৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ

Buldhana 2 Bus Accident: শনিবাৰে পুৱা অমৰনাথৰ পৰা তীৰ্থযাত্ৰীক লৈ নাছিকলৈ গৈ থকা এখন ব্যক্তিগত বাছৰ আন এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। য'ত ৬ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু ২৫ গৰাকী লোক আহত হয়

Must Read

Buldhana 2 Bus Accident In Maharashtra: শনিবাৰে পুৱতি নিশা মহাৰাষ্ট্ৰৰ বুলঢানাৰ (Maharashtra Buldhana) মলকাপুৰত মুম্বাই-নাগপুৰ ৰাজমাৰ্গৰ ফ্লাইঅভাৰত অমৰনাথ তীৰ্থযাত্ৰীক লৈ গৈ থকা এখন ব্যক্তিগত বাছ আৰু আন এখন ব্যক্তিগত বাছৰ মুখা-মুখি খুন্দাত ৬ গৰাকী যাত্ৰীৰ মৃত্য়ু ঘটে (6 Person Tragic Died Including 2 Women)।

আনহাতে এই দুৰ্ঘটনাত ২৫ গৰাকী লোক গুৰুতৰভাবে আহত হয় (25 Person Injured)। খবৰ পোৱা মাত্ৰকেই বুলঢানা আৰক্ষী (Buldhana Police) ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আহত লোকসকলক বুলঢানা মুখ্য কাৰ্যালয়ৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। অমৰনাথ যাত্ৰীসকলক লৈ বাছখন হিংগোলীলৈ উভতিছিল আৰু তাত প্ৰায় ৩৫-৪০ গৰাকী যাত্ৰী আছিল (Buldhana 2 Bus Accident)

দুৰ্ঘটনাগ্ৰস্ত আনখন বাছ নাগপুৰৰ পৰা নাছিকলৈ গৈ আছিল আৰু তাত প্ৰায় ২৫-৩০ গৰাকী যাত্ৰী আছিল। দুৰ্ঘটনাটোত দুয়োখন বাছে বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। মৃত লোককেইগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয় (Buldhana 2 Bus Accident)

Buldhana 2 Bus Accident

প্ৰাৰম্ভিক তথ্য অনুসৰি, নাছিক অভিমুখী বাছখনে এখন ট্ৰাকক অভাৰটেক কৰিবলৈ চেষ্টা কৰি আছিল আৰু তেতিয়াই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। নাছিকলৈ গৈ থকা বাছখন আনখন বাছৰ মুখামুখি হয় আৰু খুন্দা লাগে (Two Private Buses Collided)

আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ২ গৰাকী মহিলাসহ ৬ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু ২০ গৰাকী লোক আহত হয়।

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক একেখন জিলাৰে আছিল। তেওঁলোক অমৰনাথ যাত্ৰা (Amarnath) কৰি ঘৰলৈ উভতি আহি আছিল।

মৃত লোককেইজনৰ নাম ক্ৰমে- চালক সন্তোষ জগতাপ (৪৫), শিৱাজী ধনাজী জগতাপ (৫৫), ৰাধাবাই সখাৰাম গাৰে (৫০), সচিন শিৱাজী মঘাৰে (২৮), অৰ্চনা ঘুকছে (৩০) আৰু কনহোপাত্ৰা (৪০) (Buldhana 2 Bus Accident)

Photo: PTI

লগতে পঢ়কঃ Manipur 2 NSCN Cadres Died: মণিপুৰৰ ননেত NSCN-IMৰ ২ কেডাৰক গুলীয়াই হত্যা; শুই থকা অৱস্থাতে ZUFৰ কেডাৰে গুলীয়াই কেডাৰ দুজনক

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -