28 C
Guwahati
Tuesday, May 14, 2024

Shani Dev Angry Reasons: কাইলৈ শনিবাৰ; শনিবাৰৰ দিনটোত এই ১৬টা ভুল কেতিয়াও নকৰিব, নহ’লে শনি দেৱতাই কৰিব খং, পিছ নেৰা হ’ব দুখে! আহক জানো কি কি?

Shani Dev Angry Reasons Astro Tips: হিন্দু শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটো শনি দেৱতাৰ বুলি (Shani Dev Puja) জনা যায়

Must Read

Shani Dev Angry Reasons Astro Tips: হিন্দু শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটো শনি দেৱতাৰ বুলি (Shani Dev Puja) জনা যায়। এই দিনটোতে শনি দেৱতাক পূজা কৰা হয়।

বিশ্বাস যে শনি দেৱতাক সন্তুষ্ট কৰিবলৈ বিভিন্নধৰণৰ উপায় কৰিব পাৰি। এই দিনটোত নীতি-নিয়ম অনুসৰি শনি দেৱতাক পূজা কৰিলে ভক্তৰ সকলো সমস্যা দূৰ হয় (Shani Dev Angry Reasons)

আজি আমি আপোনালোকক ক’বলৈ ওলাইছো শনি দেৱতাৰ কিয় খং উঠে আৰু এওঁক সুখী কৰি ৰাখিবলৈ কি কৰিব পাৰি। যদি এজন ভক্তই শনিবাৰে সঁচা হৃদয়েৰে শনি দেৱৰ উপাসনা কৰে, তেন্তে তেওঁৰ সকলো সমস্যা আঁতৰ হয়।

লগতে পঢ়কঃ Shani Dev Puja: শনিবাৰে দান কৰক এই ৫টা বস্তু; ঘৰলৈ আহিব ধন-সম্পত্তি, বাঢ়িব সুখ-সমৃদ্ধি, লগতে হ’ব এই আচৰিত লাভালাভ…শনি দেৱ সুখী হ’লে আপোনাৰ জীৱনলৈ সুখ অহাটো নিশ্চিত!

শনিদেৱে ভক্তক কৰ্ম অনুসৰি ফল দিয়ে। যিজনে ভাল কাম কৰে, তেওঁ ভাল ফলাফল পায় আৰু যিসকলে বেয়া কাম কৰে, তেওঁলোকে বেয়া ফলাফল পায় (Shani Dev Angry Reasons)

শনিৰ গতি আটাইতকৈ লেহেমীয়া। যদি কোনো ব্যক্তিৰ ওপৰত শনিৰ কুদৃষ্টি পৰে, তেন্তে তেওঁ দীঘলীয়া সময়ৰ বাবে সমস্যাৰ সন্মুখীন হ’ব লাগে।

Shani Dev Angry Reasons

গতিকে জানি লও আহক শনিবাৰৰ দিনটোত কি কি ভুল নকৰিব (Shani Dev Angry Reasons)-

১. যিসকল লোকে নিশা দেৰিকৈ শুই আৰু পুৱা দেৰিকৈ উঠে, সেইসকল লোকৰ ওপৰত খং কৰে শনি দেৱতাই। গতিকে সময়ত শুৱক আৰু সময়ত উঠক।

২. কোৱা হয় যে শনি দেৱতা সেইসকল লোকক খং কৰে যিসকল লোকে শ্ৰমিক বা দুখীয়া মানুহক জোকোৱায় বা তেওঁলোকক অসন্মান কৰে।

৩. পিতৃ-মাতৃক সন্মান নকৰা লোকসকলৰ ওপৰতো কু-দৃষ্টি পৰে শনি দেৱতাৰ। সেইসকল লোকৰ জীৱনত সদায় দুখ থাকে।

৪. বেলেগৰ টকা-পইচা জোৰ কৰি লৈ যোৱা বা খোৱা মানুহক শনি দেৱতাই কেতিয়াও ক্ষমা নকৰে। তেওঁলোকৰ ওপৰত শনিৰ কু-প্ৰভাৱ পৰে (Shani Dev Angry Reasons)

৫. যদি আপুনি সুৰা আসক্ত, তেন্তে এটা কথা মনত ৰাখিব। শনিবাৰে আপুনি ভুলতো মদ নাখাব। শনিবাৰে মদ খালে আপুনি শনিৰ অভিশাপৰ সন্মুখীন হ’ব লাগিব পাৰে। লগতে অমাৱস্যাৰ দিনটোতো মাছ-মাংস আৰু মদ খাব নালাগে।

৬. যিসকল লোকৰ ঘৰৰ পশ্চিম দিশত পানী টেংকী থাকে, সেইসকল লোকৰ ঘৰত পৰে শনিৰ কু-দৃষ্টি।

৭. কোৱা হয় যে যিসকল লোকৰ মুখ্য দুৱাৰ পশ্চিম দিশত থাকে তেওঁলোকৰ প্ৰতি শনি দেৱতা অসন্তুষ্ট হৈ উঠে। লগতে ঘৰৰ চাৰিওফালে লেতেৰা পৰিৱেশ থাকিলেও বেয়া পায় শনি দেৱতাই।

৮. শনিবাৰৰ দিনটোত পূব, উত্তৰ আৰু উত্তৰ-পূব দিশত ভ্ৰমণ নকৰিব। যদি অতি গুৰুত্বপূৰ্ণ কাম থাকে, তেন্তে ঘৰৰ পৰা ওলোৱাৰ ঠিক আগতে এটুকুৰা আদা খাই ল’ব (Shani Dev Angry Reasons)

৯. শনিবাৰে চুলি আৰু নখ নাকাটিব।

১০. এই দিনটোত তেল, কাঠ, কয়লা, লো কিনাটো অশুভ বুলি গণ্য কৰা হয়।

১১. শনিবাৰে ভুলতো গাখীৰ বা দৈ নাখাব।

১২. শনিবাৰৰ দিনটোত নিমখ ক্ৰয় কৰিলে ঋণৰ বোজা বৃদ্ধি হয়।

১৩. শনিবাৰে কেতিয়াও ক’লা তিল কিনিব নালাগে। বিশ্বাস মতে, এই দিনটোত ক’লা তিল কিনাটোৱে কামত বাধা দিয়ে। শনি দশা আঁতৰাবলৈ আপুনি শনিবাৰে আঁহত গছৰ তলত ক’লা তিল আগবঢ়াব পাৰে।

১৪. এই দিনটোত কোনো দৰিদ্ৰ-অসহায় ব্যক্তি তথা মহিলাক অপমান কৰা উচিত নহয় (Shani Dev Angry Reasons)

১৫. শনিবাৰৰ দিনটোত ক’লা জোতা কিনিব নালাগে। লোকবিশ্বাস যে শনিবাৰে ক্ৰয় কৰা ক’লা জোতাৰ ফলত কামত বিফলতা আহে।

১৬. শনিবাৰে কেতিয়াও মিছা কথা নক’ব (Shani Dev Angry Reasons)

Photo: Google

লগতে পঢ়কঃ Bhupen Borah Love Jihad: মৃত ককাকৰ নাম লৈ Drama! “মহাভাৰততো লভ জিহাদ আছিল”- এই বুলি মন্তব্য কৰিছিল; এতিয়া এই মন্তব্যৰ বাবে ক্ষমা খুজিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -