24 C
Guwahati
Monday, April 29, 2024

Feng Shui Cat: “টকা-পইচা”ৰ অভাৱ হৈছে নেকি? যদি হৈছে তেন্তে ঘৰ আৰু অফিচত ৰাখক “ফেং ছুই কেট”; কিন্তু তাৰ আগতে জানি লওক কি ৰঙৰ কিনিব…

Feng Shui Cat For Home: ফেং ছুইত মেকুৰীক সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। আহক জানো কেনেদৰে চৰ্চাত আহিল এই মানী কেট। ঘৰত ৰখাৰ ইয়াৰ উপকাৰিতা

Must Read

Feng Shui Cat For Home And Office: ফেং ছুই আৰু বাস্তু শাস্ত্ৰত (Vastu Shastra) গুডলাক বঢ়োৱাৰ কিছুমান বস্তুৰ বিষয়ে কোৱা হৈছে।

ইয়াৰ ব্যৱহাৰ ঘৰত সুখ-শান্তি, উন্নতি, ধন বৃদ্ধিৰ কাৰণেটো কৰা যায়ে, লগতে ব্যৱসায় আৰু কেৰিয়াৰত উন্নতিৰ বাবেও এইবোৰক শুভ বুলি জনা যায়।

ভাৰতত মেকুৰীক অশুভ বুলি গণ্য কৰা হয়, কিন্তু ফেং ছুইত মেকুৰীক সমৃদ্ধিৰ প্ৰতীক বুলি জনা যায়। জাপানত এই লাকী কেটটোক মানী কেট বুলিও কয়। এই জাপানী মেকুৰীটোৰ আঁৰৰ কাহিনীটো যথেষ্ট ৰোমাঞ্চকৰ (Feng Shui Japanese Lucky Cat Bnefits Of Different Color)

আহক জানো কেনেদৰে চৰ্চাত আহিল এই মানী কেট। ঘৰত ৰখাৰ ইয়াৰ উপকাৰিতা সমূহ কি কি (Feng Shui Cat Benefits)?

Feng Shui Cat Benefits

জাপানী মেকুৰীৰ ৰোমাঞ্চকৰ কাহিনী (Feng Shui Cat)

জাপানী বিশ্বাস অনুসৰি এবাৰ ধনৰ দেৱতা নগৰ ভ্ৰমণত আছিল তেতিয়া হঠাৎ ধাৰাষাৰ বৰষুণ হ’বলৈ ধৰে। বৰষুণৰ পৰা বাচিবলৈ তেওঁ এডাল গছৰ সহায় লৈ তাৰ তলত থিয় হয়। তেতিয়া তেওঁৰ চকু কোণত বহি থকা মেকুৰীৰ ওপৰত পৰিল। সেই মেকুৰীটোৱে তেওঁক হাত বাউলি মাতি আছিল।

মেকুৰীটোৱে মতাত ধনৰ দেৱতা মেকুৰীটোৰ কাষলৈ গুচি যায়। ইয়াৰ পিছত বজ্ৰ পৰি সেই গছডাল ভাঙি ধ্বংস হৈ যায়। কোৱা হয় যে মেকুৰীটোৱে মতা কাৰণে ধনৰ দেৱতাৰ প্ৰাণ ৰক্ষা পৰে। ইয়াৰ পিছত মেকুৰীটোৰ মালিকক তেওঁ ধনী হোৱাৰ আৰ্শীবাদ দিয়ে।

এইকাৰণে ঘৰত ৰখা হয় জাপানী মেকুৰী (Feng Shui Cat)

কিছু সময়ৰ পিছত মেকুৰীটোৰ মৃত্য়ু হয়। গৰাকীয়ে মেকুৰীটোক পুতি থ’লে আৰু তাৰ স্মৰণত হাত জোকাৰি থকা মেকুৰীৰ মূৰ্তি বনালে। তেতিয়াৰে পৰা সংকটৰ পৰা মুক্তি পাবলৈ আৰু আৰ্থিক সমৃদ্ধি বাবে হাত জোকাৰি থকা মেকুৰীৰ মূৰ্তি (Feng Shui Cat) প্ৰতিখন ঘৰতে ৰখা আৰম্ভ কৰিলে।

আহক জানি লওক কোনটো ৰঙৰ লাকী কেট কিনিলে কি উপকাৰ হ’ব (Feng Shui Cat Benefits)?-

১. ‘ফেং ছুই কেট’ক শুভ সংকেত দিয়া মেকুৰী বুলিও গণ্য কৰা হয়। বিশ্বাস অনুসৰি, ইয়াক ঘৰত ৰাখিলে ঘৰখনলৈ ইতিবাচক শক্তিৰ লগতে সুখ আৰু সম্পদৰ আগমন ঘটে।

২. ব্যৱসায়ত উন্নতি হ’বলৈ ঘৰ আৰু অফিচত সোণালী হালধীয়া ৰঙৰ ‘ফেং ছুই কেট’ৰখাটো শুভ বুলি গণ্য় কৰা হয়।

৩. যদি আপুনি ঘৰত সুখ আৰু সম্পদ বিচাৰে, তেন্তে নীলা ৰঙৰ ‘ফেং ছুই কেট’ ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই দিশটো কুবেৰৰ বুলি গণ্য কৰা হয়। সেয়েহে নীলা ৰঙৰ ‘ফেং চুই কেট’ এই দিশত ৰাখিলে আপোনাৰ জীৱনৰ পৰা ধন আৰু সম্পদ সম্পৰ্কীয় সমস্যাবোৰ অতি শীঘ্ৰে আঁতৰ হ’ব।

৪. ঘৰত সৌভাগ্যৰ বৃদ্ধিৰ বাবে সেউজীয়া ৰঙৰ ‘ফেং ছুই কেট’ ৰাখিব লাগে।‘ফেং ছুই কেট’ ৰখাৰ সঠিক দিশটো হৈছে উত্তৰ-পূব দিশ।

৫. প্ৰেম জীৱনত সুখ আনিবলৈ ৰঙা ৰঙৰ ‘ফেং ছুই কেট’ক অতি শুভ বুলি গণ্য কৰা হয়। ইয়াক ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰখাটো অতি লাভজনক। স্বামী-স্ত্ৰীৰ মাজত মৰম বাঢ়ে।

Photo: Google

লগতে পঢ়কঃ Subhalakshmi Dutta Surrendered: ইমানদিনে পলাই ফুৰা ASP শুভলক্ষ্মী দত্তৰ অৱশেষত আত্মসমৰ্পণ; লগে লগে গ্ৰেপ্তাৰ, এইগৰাকী শুভলক্ষ্মীয়ে বন কৰা মহিলাৰ গাত “গৰম পানী ঢলা” আৰু “গুপ্তাংগত” জলকীয়া সনাৰ দৰে কুকৰ্ম কৰিছিল…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -