24 C
Guwahati
Monday, May 6, 2024

Dibrugarh Girl Murder: শীতল মস্তিস্কৰে কৰিছিল হত্যাৰ পৰিকল্পনা! আজিজে “হত্যা” কৰি “পথ দুৰ্ঘটনা”ৰ ৰূপ দিছিল; ২ সন্তানৰ পিতৃ আজিজে নৃশংসভাবে হত্যা কৰিছিল প্ৰেমিকা মেহেকক, হত্যা কৰি ভাও ধৰিছিল নিজেও আহত হোৱাৰ…

Dibrugarh Girl Murder: এই চাঞ্চল্যকৰ ঘটনাৰ ৰহস্যৰ পৰিল ওৰ। ৰহস্যজনকভাৱে পথত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক হত্যা কৰা হৈছিল

Must Read

Dibrugarh Girl Murder By Lover: দেওবাৰে পুৱাৰ ভাগত ডিব্ৰুগড় চহৰৰ উপকণ্ঠ বকুল বাইপাছত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল (Woman Found Dead At Dibrugarh Bypass)।

বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ বাইপাছত (Bokul Village) দেওবাৰে পুৱা ৪.১০ বজাত এজন যুৱকৰ সৈতে একেলগে পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল মেহেক শৰ্মা নামৰ এগৰাকী যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকী আছিল খলিহামাৰিৰ (Young Woman Has Been Identified As Mehek Sharma)

এতিয়া এই চাঞ্চল্যকৰ ঘটনাৰ ৰহস্যৰ পৰিল ওৰ। ৰহস্যজনকভাৱে পথত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক হত্যা কৰা হৈছিল। এই হত্যাকাণ্ড (Murder Case) সংঘটিত কৰিছিল যুৱতীগৰাকীৰ কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা আজিজ আহমেদ নামৰ যুৱকজনে।

Dibrugarh Girl Murder
মৃত মেহেক শৰ্মা

প্ৰথম অৱস্থাত ঘটনাস্থলীৰ পৰা মাইজানৰ যুৱক আজিজক মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়ত (Assam Medical College) ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছত আৰক্ষীয়ে (Dibrugarh Police) ঘটনাস্থলী পৰ্যবেক্ষণ কৰে।

Dibrugarh Girl Murder
মৃত মেহেক শৰ্মা আৰু হত্যাকাৰী আজিজ আহমেদ

আৰু আহত যুৱকজনক সোধা-পোছা কৰে। কিন্তু যুৱকজনৰ ভাষ্যত সন্দেহ ওপজাত অধিক জেৰাৰ অন্তত এয়া হত্যাকাণ্ড বুলি নিশ্চিত হয় (Married Lover Killed Girl)

ইফালে যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাক দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যা বুলি দাবী কৰিছিল পৰিয়ালৰ লোকে (Family Alleges Foul Play)। অভিযোগ অনুসৰি নাটকীয়ভাবে দুৰ্ঘটনাৰ ৰূপ দি আজিজ আহমেদ আঘাতপ্ৰাপ্ত হোৱাৰ ভাও ধৰিছিল।

আজিজ আহমেদ বিবাহিত হোৱাৰ উপৰি দুই সন্তানৰ পিতৃ। মেহেক শৰ্মা নামৰ যুৱতীগৰাকী বি এত অধ্যয়ন কৰি আছিল। আজিজে মেধাৱী যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল (Dibrugarh Girl Murder)

যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইৰ কাষতে থকা ইন’ভা বাহনখনৰো কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাছিল (Innova Vehicle Was Recovered At The Scene)। যাৰ ফলত এইটো সন্দেহ কৰা হৈছিল যে যদি এইটো দুৰ্ঘটনা হয় তেন্তে বাহনখনৰ কিয় কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই (Dibrugarh Girl Murder)

এই ঘটনাটোক লৈ মেহেক শৰ্মাৰ মাতৃয়ে সংবাদ মাধ্যমৰ (Mehek Sharma Mother Allegation) সন্মুখত কয় যে কিয় আজিজে হত্যা কৰিছিল তেওঁৰ কন্যা মেহেক শৰ্মাক (Mehek Sharma)

৭ মাহ আগতে বান্ধৱীৰ বাৰ্থ ডে’ পাৰ্টীত লগ পোৱাৰ পিছতে মেহেক শৰ্মা নামৰ যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ (Love Case) দিছিল দুই সন্তানৰ পিতৃ আজিজ আহমেদে। ইমানদিনে আজিজৰ প্ৰস্তাৱত সন্মতি দিয়া নাছিল মেহেকে।

কিন্তু শনিবাৰে সন্ধিয়া নৈশ পাৰ্টীৰ বাবে মেহেকক চাবুৱালৈ লৈ গৈছিল আজিজে। নিশা ৭ বজাত মাকে ফোন কৰোঁতে ভালকৈ কথা পাতিছিল মেহেকে। কিন্তু ৯ বজাত পুনৰ এবাৰ ফোন কৰোঁতে থোকাথুকি হৈছিল মেহেকৰ মাত (Dibrugarh Girl Murder)

মেহেকে কান্দি কান্দি ঘৰলৈ যোৱাৰ কথা জনাইছিল মাতৃক। তেতিয়াই কন্যাই কিবা বিপদত পৰাৰ সন্দেহ কৰিছিল মাতৃয়ে। পুৱতিনিশা সঁচা প্ৰমাণিত হ’ল মাতৃৰ সন্দেহ।

দেওবাৰে পুৱাৰ ভাগত কন্যাৰ মৃত্যুৰ কৰুণ খবৰটো পোৱাৰ পিছতে শোকত ভাগি পৰিল মাতৃ। পুৱতিনিশা ৪ৰ পৰা চাৰে ৪ বজাৰ ভিতৰত ডিব্ৰুগড়ৰ বকুল বাইপাছত উদ্ধাৰ হ’ল মেহেক শৰ্মাৰ ক্ষত-বিক্ষত মৃতদেহ (Dibrugarh Girl Murder)। আৰু গুৰুতৰভাৱে আহত হোৱাৰ দৰে মৃতদেহৰ কাষতে পৰি আছিল আজিজ আহমেদ।

মৃত মেহেক এগৰাকী উচ্চ শিক্ষিতা যুৱতী, লগতে তেওঁ আছিল এগৰাকী টেট শিক্ষয়িত্ৰীও। মেহেকৰ মাতৃও এগৰাকী শিক্ষয়িত্ৰী। দীৰ্ঘদিনে ভয়-ভাবুকি আৰু দাবী-ধমকিৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ২ সন্তানৰ পিতৃ আজিজে (Dibrugarh Girl Murder)

আজিজৰ ভয়-ভাবুকিত শংকিত হৈ মেহেকে বাধ্যত পৰি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আজিজৰ সৈতে। পৰিকল্পিতভাবে মেহেকক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰা মাতৃয়ে আজিজৰ ফাঁচীৰ দাবী তুলিছে।

ইফালে মেহেকৰ বাও ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ চিন থকাৰ লগতে মূৰৰ পিছৰ অংশ আৰু এটা চকুত আঘাত পোৱা স্পষ্ট হৈ পৰিছে। কিন্তু আজিজৰ দেহৰ কোনো অংশত আঘাত নাই বুলি প্ৰকাশ কৰিছে মেহেকৰ মাতৃয়ে।

সন্দেহ কৰিছে যে আজিজে মেহেকক চলন্ত ইন’ভা বাহনৰ পৰা পেলাই দি ভৰিৰ ওপৰেৰে চলাই নিছিল গাড়ী (Dibrugarh Girl Murder)

আনহতে স্থানীয় লোকে জনোৱা অনুসৰি, এম্বুলেঞ্চ অহাৰ সময়ত আজিজ আহমেদে খোজ কাঢ়ি আগবাঢ়ি যোৱা দেখি সন্দেহ হৈছিল। লগতে স্থানীয় লোকে জনাইছিল যে তেওঁলোকে পুৱাৰ ভাগত যুৱতীগৰাকীৰ চিঞৰ শুনিছিল। আৰু দুয়ো কাজিয়া কৰি থকাও শুনা পাইছিল।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh Police) তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই ঘটনাত অভিযুক্ত আজিজ আহমেদক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে (Culprit Aziz Ahmed Arrested By Dibrugarh Police)

Photo: Batori24

লগতে পঢ়কঃ Feng Shui Cat: “টকা-পইচা”ৰ অভাৱ হৈছে নেকি? যদি হৈছে তেন্তে ঘৰ আৰু অফিচত ৰাখক “ফেং ছুই কেট”; কিন্তু তাৰ আগতে জানি লওক কি ৰঙৰ কিনিব…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -