22 C
Guwahati
Tuesday, May 7, 2024

Assam Couple Sold Child: অভাৱে স্বভাৱ নষ্ট কৰে! ৮ মাহৰ ভিতৰত ২টাকৈ “সন্তান বিক্ৰী” এইহাল নিষ্ঠুৰ পিতৃ-মাতৃৰ; ৪০ আৰু ৬০ হাজাৰত সন্তান বিক্ৰী কৰা মাতৃৰ স্বীকাৰোক্তি- “মোৰ দুখ লগা নাই, টকাৰ অভাৱত বিক্ৰী কৰিছো”

Assam Couple Sold Child: সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ (Chirang) ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত

Must Read

Assam Couple Sold Child: সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ (Chirang) ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত।

টকাৰ অভাৱত চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শিলিখাগুৰীৰ এহাল নিষ্ঠুৰ পিতৃ-মাতৃ হুগম নাৰ্জাৰী (২৫) আৰু বিজুলিকা নাৰ্জাৰী (২৩) য়ে ৮ মাহৰ ভিতৰত দুটিকৈ পুত্ৰ সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।

Assam Couple Sold Child

এক লাখ টকাৰ বিনিময়ত নিজৰ দুটিকৈ সন্তান বিক্ৰী কৰিলে এইহাল স্বামী-স্ত্ৰীয়ে (Assam Couple Sold Child)

দম্পতীৰ দুটি কণ কণ পুত্ৰ-কন্যা থকাৰ পিছতো পুনৰ গৰ্ভৱতী হৈছিল মাতৃ বিজুলিকা নাৰ্জাৰী। টকাৰ অভাৱত বেমাৰী পুত্ৰক চিকিৎসা কৰিব নোৱাৰি ২০২২ চনৰ নৱেম্বৰ মাহত ডেৰ বছৰীয়া পুত্ৰ সন্তানক ৪০ হাজাৰ টকাৰ বিনিময়ত ওচৰৰে খুংগ্ৰীং গাঁৱৰ অবিনাশ বৰগয়াৰীৰ হাতত বিক্ৰী কৰি দিছিল (First Child Sold For 40 Thousand Rupees)

তাৰপাছতে ২০২৩ৰ জুলাই মাহত দ্বিতীয় পুত্ৰ জন্ম হোৱাৰ এসপ্তাহ পিছতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী বাসিন্দা নীৰন স্বৰ্গীয়াৰীক হাতত ৬০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে সন্তানটিক (Second Child Sold For 60 Thousand Rupees)

এক বিশেষ সুত্ৰৰ তথ্যৰ ভিত্তিত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰে অনুসন্ধান চলোৱাত এই শিশু বিক্ৰীৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে ইতিমধ্যে সন্তানকেইটাৰ পিতৃ হুগম নাৰ্জাৰীৰ লগতে মানৱ শিশু ক্ৰয় কৰা অবিনাশ বৰগয়াৰী আৰু নীৰন স্বৰ্গীয়াৰীক গ্ৰেপ্তাৰ কৰিছে (Assam Couple Sold Child)

মাতৃ বিজুলিকা নাৰ্জাৰীয়ে অকপটে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে- “মোৰ দুখ লগা নাই, টকাৰ অভাৱত বিক্ৰী কৰিছো আমি।” পুত্ৰ সন্তান দুটিক ৪০ হাজাৰ আৰু ৬০ হাজাৰ টকাত বিক্ৰী কৰিছো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত (Assam Couple Sold Child)

Photo: Batori24

লগতে পঢ়কঃ Dibrugarh Girl Murder: শীতল মস্তিস্কৰে কৰিছিল হত্যাৰ পৰিকল্পনা! আজিজে “হত্যা” কৰি “পথ দুৰ্ঘটনা”ৰ ৰূপ দিছিল; ২ সন্তানৰ পিতৃ আজিজে নৃশংসভাবে হত্যা কৰিছিল প্ৰেমিকা মেহেকক, হত্যা কৰি ভাও ধৰিছিল নিজেও আহত হোৱাৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -