24 C
Guwahati
Monday, April 29, 2024

Vishwakarma Puja 2023: ১৭ নে ১৮ ছেপ্টেম্বৰ; এইবছৰ বিশ্বকৰ্মা পূজা কোন তাৰিখে হ’ব? আহক জানি লওক সঠিক তাৰিখ…

Vishwakarma Puja 2023 Date: দুৰ্গা পূজা সমাগত। চাৰিওফালে এতিয়া চলিছে পূজাৰ প্ৰস্তুতি। কিন্তু তাৰ আগতে বিশ্বকৰ্মা পূজা

Must Read

Vishwakarma Puja 2023 Date: দুৰ্গা পূজা সমাগত। চাৰিওফালে এতিয়া চলিছে পূজাৰ প্ৰস্তুতি। কিন্তু তাৰ আগতে বিশ্বকৰ্মা পূজা।

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী দেশৰ কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু ত্ৰিপুৰা আদি ৰাজ্যত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়। এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়।

হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। কিছুমান অঞ্চলত অক্টোবৰ-নবেম্বৰ মাহত দেৱালীৰ এদিন পিছত, গোৱৰ্দ্ধন পূজাৰ সৈতেও বিশ্বকৰ্মা পূজা (Vishwakarma Puja 2023) পালন কৰা হয়।

Vishwakarma Puja 2023

বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন।

Vishwakarma Puja 2023

পিছে এইবাৰ বিশ্বকৰ্মা পূজাৰ তাৰিখক লৈ আছে অলপ বিভ্ৰান্তি (Vishwakarma Puja 2023 Date)

সচৰাচৰ ১৭ ছেপ্টেম্বৰত প্ৰতিবছৰে বিশ্বকৰ্মা পূজা হয়। ভাদ মাহৰ সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা কৰা হয়। কিন্তু এইবাৰ অলপ পৃথক। আপুনি জানেনে এইবাৰ বিশ্বকৰ্মা পূজা কেতিয়া (Vishwakarma Puja 2023 Date)?

Vishwakarma Puja 2023

এইবাৰ পূজাৰ তাৰিখ সলনি হৈছে। ১৭ ছেপ্টেম্বৰৰ সলনি এইবছৰ বিশ্বকৰ্মা পূজা হ’ব ১৮ ছেপ্টেম্বৰত। এইবাৰ বিশ্বকৰ্মা পূজা ভাদ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত অৰ্থাৎ ১৮ ছেপ্টেম্বৰ সোমবাৰে পালন কৰা হ’ব।

এই সময়ত পূজাৰ শুভ সময় পুৱাৰ পৰা সন্ধিয়াপৰ্যন্ত চলিব। গতিকে অহা সোমবাৰে পালন হ’ব বিশ্বকৰ্মা পূজা।

সাধাৰণভাৱে বিশ্বকৰ্মা পূজা ইংৰাজী কেলেণ্ডাৰ অনুসৰি ১৭ ছেপ্টেম্বৰত পৰে, কিন্তু যদি কোনো মাহ ২৯ দিন থাকে তেন্তে বিশ্বকৰ্মা পূজাৰ তাৰিখ এদিন আগুৱাই বা পিছুৱাই যায়।

কিন্তু পঞ্জিকাৰ মতে সেয়া খুব ব্যতিক্ৰমী ঘটনা। ২০১৯ চনত ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছিল। এই বছৰো ১৮ ছেপ্টেম্বৰত পালন কৰা হ’ব বিশ্বকৰ্মা পূজা (Vishwakarma Puja 2023 Date)

উল্লেখ্য বিভিন্ন পেছাৰ মানুহে বিশ্বকৰ্মা পূজা কৰে। মূলত বিশ্বকৰ্মা পূজাত বিভিন্ন যন্ত্ৰৰ পূজা কৰা হয়। ভৱিষ্যতে নিৰাপদ কামৰ পৰিস্থিতি আৰু সফলতা অৰ্জনৰ বাবে এই পূজা কৰা হয়।

বিশেষকৈ কাৰখানা, ডাঙৰ ডাঙৰ উদ্যোগ, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত পালন কৰা হয় বিশ্বকৰ্মা পূজা। লোকবিশ্বাস যে ব্ৰহ্মপুত্ৰ বিশ্বকৰ্মাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ নক্সা তৈয়াৰ কৰিছিল। বিশ্বকৰ্মা পূজাৰ তিথি স্থিৰ কৰা হয় সূৰ্যৰ গতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি।

ইতিমধ্যে বিভিন্ন স্থানত বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণৰ কাম প্ৰায়ে সম্পন্ন হৈ উঠিছে। ক’ৰবাত আকৌ চলিছে শেষ প্ৰস্তুতি (Vishwakarma Puja 2023 Date)

Vishwakarma Puja 2023

Photo: Google

লগতে পঢ়কঃ Assam Couple Sold Child: অভাৱে স্বভাৱ নষ্ট কৰে! ৮ মাহৰ ভিতৰত ২টাকৈ “সন্তান বিক্ৰী” এইহাল নিষ্ঠুৰ পিতৃ-মাতৃৰ; ৪০ আৰু ৬০ হাজাৰত সন্তান বিক্ৰী কৰা মাতৃৰ স্বীকাৰোক্তি- “মোৰ দুখ লগা নাই, টকাৰ অভাৱত বিক্ৰী কৰিছো”

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -