23 C
Guwahati
Monday, April 29, 2024

Janmashtami 2023: কাইলৈ নে পৰহি, কেতিয়া জন্মাষ্টমী? জানি লওক- সঠিক তাৰিখ আৰু পূজাৰ শুভ ক্ষণ…

Janmashtami 2023 Date: এই বছৰ জন্মাষ্টমীৰ তাৰিখক লৈ যথেষ্ট কনফিউজন আছে। কোনোবাই ৬ ছেপ্টেম্বৰ আৰু কোনোবাই ৭ ছেপ্টেম্বৰত জন্মাষ্টমীৰ উৎসৱ বুলি কয় আছে। আহক জনাম আচলতে জন্মাষ্টমীৰ সঠিক তাৰিখ কি হয়

Must Read

Janmashtami 2023 Date: ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত হৈছিল। এই দিনটোতে সমগ্ৰ দেশতে তেওঁৰ জন্মদিন পালন কৰা হয়।

ভগৱান শ্ৰীকৃষ্ণৰ প্ৰাকত্য ৰোহিনী নক্ষত্ৰত হৈছিল। যাৰ বাবে জন্মাষ্টমীৰ নিৰ্ধাৰণত ৰোহিনী নক্ষত্ৰকো গুৰুত্ব দিয়া হয়।

এই বছৰ জন্মাষ্টমীৰ তাৰিখক লৈ যথেষ্ট বিভ্ৰান্তিত আছে। কোনোবাই ৬ ছেপ্টেম্বৰ আৰু কোনোবাই ৭ ছেপ্টেম্বৰত জন্মাষ্টমীৰ উৎসৱ বুলি কয় আছে। আহক জনাম আচলতে জন্মাষ্টমীৰ সঠিক তাৰিখ কি হয় (Janmashtami 2023)

জন্মাষ্টমী কেতিয়া? (Janmashtami 2023 Date And Time)

এইবাৰ ভাদৰ কৃষ্ণ অষ্টমী তিথি ৬ ছেপ্টেম্বৰৰ আবেলি ৩ বাজি ৩৮ মিনিটত আৰম্ভ হ’ব আৰু শেষ হ’ব ৭ ছেপ্টেম্বৰৰ আবেলি ৪ বাজি ১৪ মিনিটত। এই সময়ছোৱাত, ৰোহিনী নক্ষত্ৰ গোটেই ৰাতি বিদ্যমান থাকিব।

জ্যোৰ্তিবিদৰ মতে এই বছৰ গৃহস্থ লোকে ৬ ছেপ্টেম্বৰত জন্মাষ্টমী পালন কৰিব আৰু বৈষ্ণৱ সম্প্ৰদায়ৰ লোকে ৭ ছেপ্টেম্বৰত পালন কৰিব।

Janmashtami 2023

শুভ ক্ষণ (Janmashtami 2023)

জোর্তিবিদে কোৱা অনুসৰি এই বছৰ গৃহস্থ জীৱনৰ লোকে ৬ ছেপ্টেম্বৰত জন্মাষ্টমী পালন কৰিব। জন্মাষ্টমী পূজাৰ শ্ৰেষ্ঠ ক্ষণো ৬ ছেপ্টেম্বৰৰ নিশা ১১ বাজি ৫৬ মিনিটৰ পৰা আৰম্ভ কৰি নিশা ১২ বাজি ৪২ মিনিটলৈ থাকিব।

কি হ’ব শ্ৰীকৃষ্ণৰ প্ৰসাদ?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক পঞ্চামৃত নিশ্চয়কৈ অৰ্পণ কৰক। তাত তুলসীৰ পানীও ঢালিব। শুকান ফল, মাখন আৰু মিশ্ৰীৰ ভোগ দিয়ক।

শ্ৰীকৃষ্ণৰ মন্ত্ৰ (Janmashtami 2023 Mantra)

ভগৱান শ্ৰীকৃষ্ণৰ নামেই এটা মহামন্ত্ৰ হয়। ইয়াৰো আপুনি জপ কৰিব পাৰে। ইয়াৰোপৰি “হৰে কৃষ্ণ” মহামন্ত্ৰও জপ কৰিব পাৰে। জীৱনত প্ৰেম আৰু আনন্দৰ বাবে “মধুৰাষ্টক”ৰ পাঠ কৰক।

শ্ৰীকৃষ্ণক গুৰু হিচাপে লাভ কৰিবলৈ ভগৱত গীতা পাঠ কৰক। নিজৰ সকলো কামণা সম্পূৰ্ণ কৰিবলৈ “গোপাল সহস্ৰণাম” পাঠ কৰিব পাৰে।

Photo: Google

লগতে পঢ়কঃ Jawan Advance Booking: ৰেকৰ্ড ভংগ “Jawan”ৰ এডভাঞ্চ বুকিং! আগতীয়া টিকট বুকিঙত “জৱানে” ভাঙিলে “বাহুবলী ২”ৰ ৰেকৰ্ড; এডভাঞ্চ বুকিঙত উপাৰ্জন কৰিলে ইমান কোটি টকা..

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -