27 C
Guwahati
Monday, April 29, 2024

Jawan Advance Booking: ৰেকৰ্ড ভংগ “Jawan”ৰ এডভাঞ্চ বুকিং! আগতীয়া টিকট বুকিঙত “জৱানে” ভাঙিলে “বাহুবলী ২”ৰ ৰেকৰ্ড; এডভাঞ্চ বুকিঙত উপাৰ্জন কৰিলে ইমান কোটি টকা..

Jawan Advance Booking: Jawan চিনেমাখন মুক্তি পাবলৈ আৰু দুদিন বাকী আছে। এনে পৰিস্থিতিত ছবিখনৰ এডভাঞ্চ বুকিং জোৰদাৰ চলি আছে। আহক জানো এই ছবিখনৰ কিমান হৈছে আগতীয়া বুকিং

Must Read

Jawan Advance Booking Record Creates: আগষ্ট মাহত মুক্তি পোৱা হিন্দী ছবি ‘গদৰ ২’, ‘OMG 2’ আৰু ‘ড্ৰীম গাৰ্ল’ৰ উপাৰ্জনে হিন্দী ছবি আৰু ছাউথ ছবিৰ মাজত বিগত ২ বছৰ ধৰি চলি অহা যুদ্ধই টাৰ্ণিং পইণ্ট লৈছে।

তিনিওখন ছবি মিলি ঘৰুৱা বক্স অফিচত প্ৰায় ৭০০ কোটি টকাৰ উপাৰ্জনেৰে এই সময়ৰ আৰু হিন্দী চিনেমাৰ ইতিহাসত ইয়াৰ সৈতে আটাইতকৈ অধিক উপাৰ্জন কৰা মাহ হৈ উঠিছে। এইবাৰ এইটো মাহত পাল শ্বাহৰুখ খানৰ ছবি “জৱান”ৰ (Jawan Advance Booking)

Jawan Advance Booking

এই ছবিখনে বৰ্তমানৰ তথ্য় অনুসৰি মাত্ৰ এডভাঞ্চ বুকিঙতে প্ৰায় ২২ কোটি টকা উপাৰ্জন কৰিছে আৰু এই ছবিখনৰ টিকট বিক্ৰীত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী এনচিআৰ সকলোতকৈ আগত।

“বাহুবলী ২”তকৈও অধি বিক্ৰী টিকট (Jawan Advance Booking)

শ্বাহৰুখ খানৰ ছবি “জৱান”ৰ যেতিয়াৰ পৰা এডভাঞ্চ বুকিং খুলিছে, ইয়াৰ টিকট লগে লগে বিক্ৰী হৈ আছে। তথ্য অনুসৰি মঙলবাৰৰ পুৱালৈ ছবিখনে নিজৰ হিন্দী, তামিল আৰু তেলেগু সংস্কৰণ মিলাই প্ৰায় ৭ লাখ ৫০ হাজাৰ টিকট বিক্ৰী কৰিছে আৰু যিকোনো চিনেমাৰ এডভাঞ্চ বুকিঙত টিকট বিক্ৰীৰ এইটো এটা নতুন ৰেকৰ্ড (Shahruk Khan Movie Jawan Creates Record In Advance Booking)

হিন্দীত মুকলি হোৱা ছবিসমূহত ইয়াৰ পূৰ্বে এডভাঞ্চ বুকিঙত আটাইতকৈ বেছি ৬.৫০ লাখ টিকট ছবি “বাহুবলী ২”ৰ হিন্দী সংস্কৰণৰ বিক্ৰী হৈছিল। “জৱান”ৰ কেৱল হিন্দী ভাষাৰে এডভাঞ্চ বুকিঙত প্ৰায় ৬.৪৫ লাখ টিকট বিক্ৰী হৈছে।

এডভাঞ্চ বুকিঙত ২১.১৪ কোটি (Jawan Advance Booking)

তথ্য অনুসৰি মঙলবাৰৰ পুৱালৈ “জৱান”ৰ হিন্দী সংস্কৰণৰ টিকটৰ মুঠ সংখ্যা হ’ল ৬,৭৫,৭৩৫। তামিল সংস্কৰণত ছবিখনৰ ২৮,৯৪৫টা টিকট বিক্ৰী হৈছে আৰু তেলেগু সংস্কৰণত এতিয়ালৈ মুঠ ২৪,০১০টা টিকট বিক্ৰী হৈছে।

অপেনিঙৰ নতুন ৰেকৰ্ড (Jawan Advance Booking)

কেৱল মুক্তি হোৱা হিন্দী ছবিৰ তথ্যৰ হিচাপত দেশত এতিয়ালৈ মুক্তি পোৱা চিনেমাসমূহৰ ভিতৰত প্ৰথম দিনটোত আটাইতকৈ ডাঙৰ অপেনিঙৰ ৰেকৰ্ড শ্বাহৰুখ খানৰে ছবি “পাঠান”ৰ নামত আছে। চলিত বৰ্ষৰ ২৫ জানুৱাৰীত মুক্তি পোৱা দিনটোতে ৫৫ কোটি টকা উপাৰ্জন কৰিছিল।

“কেজিএফ ২”ৰ হিন্দী সংস্কৰণে বিগত বৰ্ষত ৫৩.৯৫ কোটি টকাৰ অপেনিং লৈছিল। ইয়াৰ পূৰ্বে এই ৰেকৰ্ড ২০১৯ত ৰিলিজ হোৱা ঋত্বিক ৰোছন আৰু টাইগাৰ শ্ৰফৰ ছবি “ৱাৰ”ৰ নামত আছিল।

এই ছবিখনে ২ অক্টোবৰত মুক্তি পাই ৫১.৬০ কোটি টকা অপেনিং লৈছিল। আশা কৰা হৈছে যে “জৱান” মুক্তি পোৱাৰ প্ৰথম দিনটোতে শ্বাহৰুখ খানৰ আগৰখন ছবি “পাঠান”ৰ ৰেকৰ্ড ভংগ কৰিব।

শীৰ্ষ ১০খন অপেনিং ডে ছবি (Jawan Advance Booking)

হিন্দীত মুক্তি পোৱা ছবিৰ ভিতৰত আটাইতকৈ অধিক অপেনিং লোৱা ১০খন ছবি এইকেইখনঃ

ছবি প্ৰথম দিনটোত উপাৰ্জন

পাঠান (২০২৩) ৫৫.০০

কেজিএফ ২ (২০২২) ৫৩.৯৫

ৱাৰ (২০১৯) ৫১.৬০

ঠাগছ অফ হিন্দুস্তান ৫০.৭৫

হেপ্পী নিউ ইয়েৰ (২০১৪) ৪২.৬২

ভাৰত (২০১৯) ৪২.৩০

বাহুবলী ২ (২০১৭) ৪১.০০

প্ৰেম ৰতন ধন পায়ো (২০১৫) ৪০.৩৫

গদৰ ২ (২০২৩) ৪০.১০

আদিপুৰুষ (২০২৩) ৩৭.২৫

ইফালে, বলীউডৰ ‘ভাইজান’ ছলমান খানে ‘জৱান’ৰ ট্ৰেইলাৰ ছ’চিয়েল মেডিয়াত ‘শ্বেয়াৰ’ কৰি ছবিখনৰ বহু প্ৰশংসা কৰে। তেওঁ ‘জৱান’ মুক্তিৰ প্ৰথম দিনাই ছবিগৃহত উপভোগ কৰিব বুলি প্ৰকাশ কৰি এনেধৰণৰ ছবি সকলোৱে চোৱাটো প্ৰয়োজন বুলিও উল্লেখ কৰে।

আনহাতে, ছলমানৰ প্ৰশংসা কৰি শ্বাহৰুখ খানে উল্লেখ কৰে যে, ছলমান হৈছে সেইজন ক্ৰেতা, যিয়ে ‘জৱান’ৰ প্ৰথমটো টিকট কিনিছে (Jawan Advance Booking)

Photo: Google

লগতে পঢ়কঃ Guwahati Female Cop Suicide: “শিলসাঁকোত ডিউটী নকৰো; ঘৰ ভঙাৰ দৃশ্য চাব নোৱাৰো”- ছুইচাইড নোটত এই কথা লিখি ব্ৰহ্মপুত্ৰত জাঁপ এইগৰাকী মহিলা কনিষ্টবলৰ, ঘটনাটো গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -