28 C
Guwahati
Sunday, May 5, 2024

Guwahati Female Cop Suicide: “শিলসাঁকোত ডিউটী নকৰো; ঘৰ ভঙাৰ দৃশ্য চাব নোৱাৰো”- ছুইচাইড নোটত এই কথা লিখি ব্ৰহ্মপুত্ৰত জাঁপ এইগৰাকী মহিলা কনিষ্টবলৰ, ঘটনাটো গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ!

Guwahati Female Cop Suicide: মঙলবাৰে অসম আৰক্ষীৰ ২৬ বছৰীয়া এগৰাকী মহিলা কনিষ্টবলে ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি আত্মহত্য়া কৰে

Must Read

Guwahati Female Cop Suicide By Jumps Brahmaputra: মঙলবাৰে অসম আৰক্ষীৰ (Assam Police) ২৬ বছৰীয়া এগৰাকী মহিলা কনিষ্টবলে ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি আত্মহত্য়া কৰে।

পল্টল বজাৰ (Paltan Bazar Police) আৰক্ষী চকীত কৰ্মৰত আছিল আৰক্ষী কনিষ্টবলগৰাকী (Assam Police Woman Constable Dies By Suicide In Guwahati)

মহিলা কনিষ্টবলগৰাকীৰ নাম গায়ত্রী হাজৰিকা (Police Constable Gayatri Hazarika)। গায়ত্রী হাজৰিকাৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত। সোমবাৰৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছিল গায়ত্রী হাজৰিকা।

Guwahati Female Cop Suicide

খবৰ অনুসৰি, শেহতীয়াকৈ গুৱাহাটীৰ শিলসাঁকো বিলত চলোৱা উচ্ছেদ অভিযানত ডিউটী দিয়া হৈছিল গায়ত্ৰীক। তাক লৈ অসন্তুষ্ট হৈছিল গায়ত্ৰী (She Had Been Assigned Duty At The Silsako Eviction Site)

Guwahati Female Cop Suicide

শিলসাঁকোত কৰ্তব্য পালন নকৰো বুলি গায়ত্রীয়ে কেইবাবাৰো শীৰ্ষ বিষয়াক জনাইছিল। তাৰ পিছতো গায়ত্রী হাজৰিকাক উচ্ছেদত নিয়োগ কৰা হৈছিল (Guwahati Female Cop Suicide)

কোমল মনৰ গায়ত্ৰীয়ে ঘৰ ভঙাৰ দৃশ্য চাব নোৱাৰো বুলি কৈছিল। গায়ত্ৰীয়ে কৈছিল, গৃহহাৰাৰ কান্দোন শুনাৰ মোৰ ক্ষমতা নাই। প্লিজ, মোক উচ্ছেদৰ ডিউটী নিদিব।

সন্ধানহীন হোৱাৰ পিছতে আজি পুৱা শৰাইঘাট দলঙত গায়ত্রীৰ মোবাইলকে ধৰি বহু সামগ্রী উদ্ধাৰ কৰা হয়। গায়ত্ৰীৰ চেণ্ডেলৰ পৰা আৰম্ভ কৰি চশমাৰ লগতে এখন ছুইচাইড নোটো উদ্ধাৰ কৰে আৰক্ষীয়ে (Mobile Phone, Slipper, Spectacles, And A Suicide Note On The Saraighat Bridge)

এই ছুইচাইড নোটখনতে (Gayatri Hazarika Suicide Note) গায়ত্ৰীয়ে লিখি থৈ গৈছিল- “শিলসাঁকোত ডিউটী নকৰো; ঘৰ ভঙাৰ দৃশ্য চাব নোৱাৰো, গৃহহাৰাৰ কান্দোন শুনাৰ মোৰ ক্ষমতা নাই। প্লিজ, মোক উচ্ছেদৰ ডিউটী নিদিব।”

এই সামগ্ৰীখিনি উদ্ধাৰ হোৱাৰ পিছতে সন্দেহ কৰা হৈছে যে মহিলা কনিষ্টবলগৰাকীয়ে শৰাইঘাটৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিছে।

নাম উল্লেখ নকৰাৰ চৰ্ত ৰাখি এগৰাকী আৰক্ষী বিষয়াই (Assam Police) জানিবলৈ দিছিল যে, গায়ত্ৰীক শিলসাঁকো উচ্ছেদ অভিযানত ৪ দিনৰ বাবে ডিউটী দিয়া হৈছিল। কিন্তু তেওঁ এদিনো ডিউটীলৈ যোৱা নাছিল।

ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে, যোৱানিশা পৰিয়ালৰ ফোন ৰিচিভ কৰা নাছিল গায়ত্ৰীয়ে। আজি পুৱা পুনৰ পৰিয়ালে ফোন কৰাত শৰাইঘাটত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে ৰিচিভ কৰিছিল ফোন (Guwahati Female Cop Suicide)

আৰু গায়ত্ৰীৰ ফোন শৰাইঘাট দলঙত পোৱা গৈছে বুলি নিৰাপত্তাৰক্ষীয়ে অৱগত কৰে পৰিয়ালৰ লোকক। তাৰ পিছতে লাগিল হাহাকাৰ।

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই গায়ত্ৰীৰ পৰিয়াল নগাঁৱৰ পৰা গুৱাহাটীত আহি উপস্থিত হয়। গায়ত্ৰীৰ পৰিয়ালত আছে মাতৃ, ভাতৃ আৰু ভগ্নী। ৪ দিন আগতে নগাঁৱৰ পৰা গুৱাহাটীত আহি উপস্থিত হৈছিল গায়ত্ৰী (Guwahati Female Cop Suicide)

সমগ্র ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ। গায়ত্রীৰ সন্ধানত বৰ্তমান ব্রহ্মপুত্র নদীৰ বুকুত (Brahmaputra River) আৰক্ষীয়ে অভিযান চলাইছে। ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Photo: Batori24

লগতে পঢ়কঃ Worker Died At Ledo: নিজেই মাতিলে নিজৰ কাল! “কয়লা” চুৰি কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰু এজন শ্ৰমিকে; আগতেও বহু শ্ৰমিকে কয়লা খনিটোত এনেদৰে সাৱটিছিল মৃত্যুক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -