35 C
Guwahati
Tuesday, May 14, 2024

Tinsukia Kakopathar Accident: “মদ”ৰ বাবে আৰু কিমানে হেৰুৱাব প্ৰাণ? কাকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাক আৰু মেজিকৰ মুখামুখি খুন্দাত কৰুণ মৃত্যু ৭ গৰাকীৰ, মদৰ নিচাত আছিল ট্ৰাক চালক…

Tinsukia Kakopathar Accident 7 Died: তিনিচুকীয়া জিলাৰ (Tinsukia) কাকপথাৰৰ বৰ ডিৰাকত (Dirak) সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

Must Read

Tinsukia Kakopathar Accident 7 Died: তিনিচুকীয়া জিলাৰ (Tinsukia) কাকপথাৰৰ বৰ ডিৰাকত (Dirak) সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)।

মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

এখন ট্ৰাক আৰু এখন টাটা মালবাহী মেজিক গাড়ীৰ মুখামুখি খুন্দাৰ ফলত থিতাতে প্ৰাণ হেৰুৱালে ৭ গৰাকী লোকে (Truck And Tata Magic Colided 7 Pesron Died)। আনহাতে ১২ গৰাকী লোক গুৰুতৰভাবে আহত হয়।

দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা লোককেইগৰাকীৰ নাম ক্ৰমে বিনিতা (বিলি) বৰুৱা, ৰিণা গগৈ, মিহিধৰ নেওগ, পবেন মৰাণ, কুলাই মেছ, পল্লৱী দহোটীয়া।

আৰু আহতসকলৰ নাম ক্ৰমে অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোণালী মৰাণ, বিকাশ নেওগ, গোলেশ্বৰ মৰাণ, মনো মৰাণ, যশোদা মৰাণ, লক্ষিমণী মৰাণ, এবলতা মৰাণ, পিংকী মৰাণ, মাকন গগৈ ৷

Tinsukia Kakopathar Accident

আহতসকলক সংকটজনক অৱস্থাত ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Tinsukia Kakopathar Accident)

জানিব পৰা অনুসৰি ডুমডুমাৰ মংগলবৰীয়া বজাৰৰ পৰা ডিৰাক সোনজান গাঁৱৰ বাসগৃহলৈ টাটা মালবাহী মেজিকেৰে গৈ থকা অৱস্থাত ট্ৰাকখনৰ লগত হয় মুখামুখি সংঘৰ্ষটো ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি ট্ৰাকখনৰ চালক (Drunk Truck Driver) অত্যাধিক সুৰাপান কৰি অৰুণাচল প্ৰদেশ দিশৰ পৰা আহি আছিল ৷

Tinsukia Kakopathar Accident
মদাহী ট্ৰাক চালক

ট্ৰাকখনৰ নম্বৰ AS 23 CC 8930 আৰু টাটা মেজিকখনৰ নম্বৰ AR 20 A 1093 (Tinsukia Kakopathar Accident)

ভয়ংকৰ পথ দুৰ্ঘটনাটোক কেন্দ্র কৰি অঞ্চলটোত বৰ্তমানেই সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। একেলগে ৭ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ খবৰে সকলোকে শোকাহত কৰি তুলিছে।

Photo: Batori24

লগতে পঢ়কঃ Janmashtami 2023: কাইলৈ নে পৰহি, কেতিয়া জন্মাষ্টমী? জানি লওক- সঠিক তাৰিখ আৰু পূজাৰ শুভ ক্ষণ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -