32 C
Guwahati
Thursday, May 16, 2024

Lanka Wife Harassed Case: শিক্ষা দিয়া শিক্ষাগুৰুৰে অশিক্ষিত কাণ্ড! পত্নীক লাঠিৰে কোবাই কোবাই কৰিলে আধামৰা; কেনেবাকৈ বচালে নিজৰ প্ৰাণ, শিক্ষক দিৱসৰ দিনাই পোহৰলৈ আহিছিল এইজন শিক্ষকৰ বৰ্বৰতা…

Lanka Wife Harassed Case In Assam: ৰাজ্যত প্ৰায়ে সংঘটিত হৈয়ে থাকে শিক্ষকৰ বৰ্বৰতাৰ কাহিনী। অৱশ্যে এইবাৰ ছাত্ৰ-ছাত্ৰীক নহয়

Must Read

Lanka Wife Harassed Case In Assam: ৰাজ্যত প্ৰায়ে সংঘটিত হৈয়ে থাকে শিক্ষকৰ বৰ্বৰতাৰ কাহিনী। অৱশ্যে এইবাৰ ছাত্ৰ-ছাত্ৰীক নহয়।

এইবাৰ এজন শিক্ষকৰ কুকীৰ্তি পোহৰলৈ আহিল পত্নীৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে। পত্নীক লাঠিৰে কোবাই কোবাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি দেহৰ বিভিন্ন অংগত আঘাত কৰিছে এজন লম্পট শিক্ষকে (Teacher Husband Physically Harassed Wife)

Lanka Wife Harassed Case
অত্যাচাৰী স্বামী
অত্যাচাৰী স্বামী

পত্নীক লাঠিৰে মৰিয়াই মৰিয়াই আধামৰা কৰিলে শিক্ষক সাৰাংগধৰ ৰাজাই। স্বামীৰ প্ৰহাৰত ভালদৰে খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ পৰিছে মহিলাগৰাকীৰ।

লংকাৰ বামুনগাঁও (Lanka Bamungaon) ২নং পিপলপুখুৰীত সংঘটিত হৈছে এই ঘটনা। সন্তানে মোবাইলত ভিডিঅ’ চোৱাক লৈ শিক্ষক দম্পত্তিৰ মাজত প্ৰথমে বাক বিতণ্ডা হৈছিল আৰু পিছত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে পত্নীক (Wife Beaten By Husband)

লংকা লস্কৰপথাৰ এম.ই স্কুলৰ শিক্ষক সাৰাংগধৰ ৰাজাৰ বিৰুদ্ধে পত্নীক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিবাহৰ দিন ধৰি পত্নীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল শিক্ষক স্বামীয়ে (Lanka Wife Harassed Case)

উল্লেখযোগ্য যে ভুক্তভোগী পত্নী অজন্তা তামুলী ফুকনো লংকা বামুন গাঁও পিপলপুখুৰী এম.ই স্কুলৰ এগৰাকী টেট শিক্ষয়ত্ৰী।

আঘাতপ্ৰাপ্ত পত্নী অজন্তা তামুলী ফুকন নিজৰ প্ৰাণ বচাবলৈ ঘৰৰ পৰা পলাই আহি ৰৈছিল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত (Lanka Wife Harassed Case)

অজন্তাৰ পৰিয়ালৰ লোকে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ অজন্তাক ততাতৈয়াকৈ ভৰ্তি কৰে লংকা প্ৰাথমিক চিকিৎসালয়ত। স্বামী সাৰাংগধৰ ৰাজাৰ বিৰুদ্ধে লংকা আৰক্ষী (Lanka Police) থানাত এজেহাৰ দাখিল ভুক্তভোগী পত্নীৰ (Wife Fir Against Husband)

লংকা আৰক্ষীয়ে সোধা-পোচাৰ বাবে আটক কৰে শিক্ষক স্বামী সাৰংগধৰ ৰাজাক (Husband Detained By Police)। উল্লেখ্য যে, শিক্ষকৰ বৃত্তিৰ লগতে সাৰংগধৰ ৰাজা বিভিন্ন সামাজিক অনুষ্ঠানৰে জড়িত লোক। একেদৰে পত্নীও এগৰাকী প্ৰতিষ্ঠিত কবি। যাৰ বাবে স্বাভাৱিকতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Photo: Batori24

লগতে পঢ়কঃ Tinsukia Kakopathar Accident: “মদ”ৰ বাবে আৰু কিমানে হেৰুৱাব প্ৰাণ? কাকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাক আৰু মেজিকৰ মুখামুখি খুন্দাত কৰুণ মৃত্যু ৭ গৰাকীৰ, মদৰ নিচাত আছিল ট্ৰাক চালক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -