26 C
Guwahati
Thursday, May 9, 2024

Agra Girl Gang Raped: উচিত শাস্তি! প্ৰথমে অপহৰণ; তাৰ পিছত দলবদ্ধ ধৰ্ষণ কিশোৰীক, গ্ৰেপ্তাৰৰ ভয়ত এজন ধৰ্ষণকাৰীৰ চীপ লৈ “আত্মহত্যা”…

Agra Girl Gang Raped: আগৰাত নাবালিকাক অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ এজন অভিযুক্তই চীপ লৈ আত্মহত্যা

Must Read

Agra Girl Gang Raped One Accused Suicide: উত্তৰপ্ৰদেশৰ (Uttar Pradesh) আগৰাত (Agra) সংঘটিত হৈছে এক কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ড (Gang Raped)।

যিটো কাণ্ডই এতিয়া কঁপাই তুলিছে সমগ্ৰ ৰাজ্য।

জানিবলৈ দিয়া অনুসৰি, এগৰাকী ১৫ বছৰীয়া কিশোৰীক প্ৰথমে অপহৰণ কৰে, তাৰ পিছত কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে ৩ যুৱকে।

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই আৰক্ষী অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰে (15 Year Old Girl Was Abducted And Gang Raped By 3 Youths)

Agra Girl Gang Raped

এই সকলোৰে মাজতে আৰক্ষীয়ে খবৰ লাভ কৰে যে এজন ধৰ্ষণকাৰীয়ে গ্ৰেপ্তাৰৰ ভয়তে চীপ লৈ আত্মহত্যা কৰে। আগ্ৰাত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা (Minor Gang Raped One Accused Commits Suicide Fearing Arrest)

বুধবাৰে আৰক্ষীয়ে কয় যে উত্তৰ প্ৰদেশৰ আগৰাত ৩জন যুৱকে ১৫ বছৰীয়া এগৰাকী কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰে (Agra Girl Gang Raped)

প্ৰকাশিত খবৰ অনুসৰি, সোমবাৰে কিশোৰীগৰাকীক সেই সময়ত অপহৰণ কৰা হৈছিল, যেতিয়া তাই পিতৃৰ দোকানৰ পৰা উভত আহি আছিল। সেই সময়তে বাইকত থকা এজন যুৱকে তাইক অনুসৰণ কৰে আৰু পিছত তাইক এখন অটোৰিক্সাৰ ভিতৰত টানি আনে (Agra Girl Gang Raped)

পিছদিনা এটা ইটা ভাট্টাৰ কেয়াৰটেকাৰে কিশোৰীগৰাকীক পথৰ দাঁতিত অচেতন অৱস্থাত পৰি থকা অৱস্থাত দেখা পায়। লোকজনে লগে লগে আৰক্ষীক খবৰ দিয়ে।

ঘটনাটোৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে থানাত এজাহাৰ দাখিল কৰে (FIR Registered By Father)। আৰু এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত আৰক্ষীয়ে (Agra Police) অভিযুক্ত ধৰ্ষণকাৰী ৰূপেশ, কৰুয়া আৰু জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

ধৰ্ষণকাৰী কেইজনৰ ভিতৰৰ জগদীশে জানিব পালে যে FIRত তাৰ নাম আছে, যাৰ বাবে যুৱকজনে চীপ লৈ আত্মহত্যা কৰে (One Accused Commits Suicide Fearing Arrest)

দ্বিতীয়জন অভিযুক্ত ৰূপেশ নামৰ অট’চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তৃতীয়জন অভিযুক্ত কৰুয়া পলাতক, যাৰ সন্ধান চলাই থকা হৈছে (Agra Girl Gang Raped)

এখন গাঁৱৰে বাসিন্দা আছিল তিনিও

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ৰূপেশ, কৰুয়া আৰু জগদীশ ১৮ৰ পৰা ২০ বছৰ বয়সৰ ভিতৰৰ। তিনিওৰে বিৰুদ্ধে IPC ধাৰা আৰু POCSO আইনৰ অধীনত প্ৰাথমিক গোচৰ ৰুজু কৰা হৈছে। তিনিও শ্বামছাবাদৰ এখন গাঁৱৰ বাসিন্দা আছিল।

সহকাৰী আৰক্ষী আয়ুক্ত আনন্দ কুমাৰ পাণ্ডেই (Assistant Commissioner Of Police, Anand Kumar Pandey) ক’লে যে কিশোৰীগৰাকীক এখন অট’-ৰিক্সাত অপহৰণ কৰে আৰু গাঁৱৰ বাহিৰৰ এলেকালৈ নি ধৰ্ষণ কৰে।

গ্ৰেপ্তাৰৰ ভয়তে এজন ধৰ্ষণকাৰীয়ে গছত চীপ লৈ আত্মহত্যা কৰে। জগদীশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Photo: Google

লগতে পঢ়কঃ Lanka Wife Harassed Case: শিক্ষা দিয়া শিক্ষাগুৰুৰে অশিক্ষিত কাণ্ড! পত্নীক লাঠিৰে কোবাই কোবাই কৰিলে আধামৰা; কেনেবাকৈ বচালে নিজৰ প্ৰাণ, শিক্ষক দিৱসৰ দিনাই পোহৰলৈ আহিছিল এইজন শিক্ষকৰ বৰ্বৰতা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -