24 C
Guwahati
Monday, May 6, 2024

Dhubri Police Stolen Onions: চোৰ নে পুলিচ? ঘোচ নহয়; এইবাৰ মহা মূল্যবান “পিঁয়াজ” চুৰি কৰি ভাইৰেল হ’ল এইজন আৰক্ষী, খাকী পোছাকযোৰ পিন্ধিয়েই চোৰৰ দৰে কৰিলে চুৰি…Watch Video

Dhubri Police Stolen Onions: ছচিয়েল মিডিয়াত এতিয়া এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। যিটো ভিডিঅ' চাই বিভিন্নজনে বিভিন্নধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে

Must Read

Dhubri Police Stolen Onions Assam: পুলিচে (Assam Police) যেতিয়া চোৰৰ স্বভাৱ লয় তেতিয়া কি হ’ব এই সমাজৰ? ইয়াৰ উত্তৰ নিদিলেও হয়তো আপুনি নিশ্চয়কৈ বুজিব পাৰিছে।

ছচিয়েল মিডিয়াত এতিয়া এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Police Stolen Onions Video Viral)। যিটো ভিডিঅ’ চাই বিভিন্নজনে বিভিন্নধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Dhubri Police Stolen Onions Dhubri Police Stolen Onions

দৰাচলতে ঘটনাটো সংঘটিত হৈছে ধুবুৰী (Dhubri) চহৰৰ এটা অঞ্চলত। বৰ্তমান পিঁয়াজৰ যি মূল্যবৃদ্ধি (Onions Price Hike) হৈছে সেয়া সাধাৰণ মধ্যবিত্ত মানুহে কিয় ধনী ধনী মানুহো কান্দিবলৈ বাধ্য হৈ পৰিছে।

কেৱল এয়াই নহয় পিঁয়াজৰ জুই ছাই দামৰ বাবে পিঁয়াজ চুৰিৰ ঘটনাও প্ৰায়ে পোহৰলৈ আহিছে। ইতিমধ্যে বহিঃৰাজ্যত পিঁয়াজ চুৰিৰ কেইবাটাও ঘটনা সংঘটিত হৈ গৈছে। কিন্তু অসমত বৰ্তমানলৈকে পোহৰলৈ অহা নাছিল পিঁয়াজ চুৰিৰ ঘটনা (Dhubri Police Stolen Onions)

কিন্তু এইজন আৰক্ষীৰ কৃপাত সেয়াও সম্ভৱ হৈ উঠিল। কাৰণ এইবাৰ আৰক্ষী ঘোচ লোৱাত নহয়, ব্যস্ত হৈ পৰিছে পিঁয়াজ চুৰি কৰাত (Dhubri Police Stolen Onions)। সাধাৰণ লোকক বাদেই দিলো যদি ৰাইজৰ ৰক্ষকৰ ৰূপত থকা পুলিচে যদি ভক্ষক হৈ পৰে তেন্তে সাধাৰণ ৰাইজৰ কি হ’ব?

বৃহস্পতিবাৰে নিশা চিচিটিভি কেমেৰাত বন্দী হৈছিল এইটো চুৰিৰ ঘটনা। য’ত দেখা পোৱা গৈছিল এজন আৰক্ষী বিষয়াই (Dhubri Police) কেনেদৰে পিঁয়াজ চুৰি কৰাৰ কামত নামি পৰিছে।

অভিযোগ অনুসৰি, বৃহস্পতিবাৰে নিশা বহিঃৰাজ্যৰ পৰা ধুবুৰীলৈ (Dhubri) আহি উপস্থিত হৈছিল পিঁয়াজ পৰিবাহী MP 17HS 4183 নম্বৰৰ এখন মালবাহী ট্ৰাক। নিশা ট্ৰাকখনক ৰখা হৈছিল চহৰখনৰ নুনিয়াপট্টী অঞ্চলৰ ভাটিগোলাৰ সমীপৰ এটা আস্থনাত।

কিন্তু আজি পুৱা পিঁয়াজৰ বস্তাবোৰ নমাবলৈ লওঁতে সেই ট্ৰাকখনৰ পিছফালৰ ত্ৰিপালৰ এটা অংশ ফলা থকা দেখা পায়। তেতিয়া ট্ৰাকখনত চুৰি হোৱা বুলি জানিবলৈ পায়। পিছত ট্ৰাকখন পাৰ্কিং কৰা স্থানৰ পৰা নতিদূৰৈতে থকা এঘৰ মানুহৰ চিচি কেমেৰাৰ ফুটেজ (CCTV Footage) পৰীক্ষা কৰাত চুৰিৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে।

চিচিটিভি কেমেৰাটোত আবদ্ধ হোৱা ভিডিঅ’টোত স্পষ্টভাবে দেখা পোৱা গৈছে যে- এজন খাকী পোছাকধাৰী অৰ্থাৎ আৰক্ষীয়ে হাতত ছাতি লৈ ৰখাই থোৱা ট্ৰাকখনৰ পিছফালৰ ত্ৰিপালৰ ফালি প্ৰৱেশ কৰিছে। তাৰ অলপ পিছত ভিতৰৰ পৰা ওলাই আহে যদিও হাতত এটা বগা মোনা লয়। যিটো মোনাত পিঁয়াজ থকাটোৱে স্বাভাৱিক (Dhubri Police Stolen Onions)

মোনাটো হাতত লৈ ট্ৰাকখনৰ পৰা নামি নিৰ্বিঘ্নে আঁতৰি অহাৰ দৃশ্যও আবদ্ধ হৈছে চিচিটিভি কেমেৰাত।

অনুমান কৰা অনুসৰি, ট্ৰাকখনৰ পৰা আনুমানিক ১০/১৫ কেজি পিয়াঁজ চুৰি হৈছে। ইপিনে খাকী পোছাকত আহি চুৰি কৰাৰ এই দৃশ্যক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ধুবুৰীৰ ব্যৱসায়িক মহলে জিলা আৰক্ষীৰ শীৰ্ষ মহলে (Assam Police) ঘটনাটোৰ এটি উচিত তদন্ত কৰাটো দাবী জনাইছে।

Photo: Batori24

লগতে পঢ়কঃ Agra Girl Gang Raped: উচিত শাস্তি! প্ৰথমে অপহৰণ; তাৰ পিছত দলবদ্ধ ধৰ্ষণ কিশোৰীক, গ্ৰেপ্তাৰৰ ভয়ত এজন ধৰ্ষণকাৰীৰ চীপ লৈ “আত্মহত্যা”…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -